Advertisment

আহিল বেয়া খবৰঃ উমৰাংছুৰ কয়লাখনিত আৱদ্ধ তিনি শ্ৰমিকৰ মৃত্যু...

উমৰাংছুৰ কালামাটিৰ কয়লাখনিত আৱদ্ধ হৈ থকা ৩গৰাকী শ্ৰমিকৰ মৃত্যু হৈছে। কয়লাখনন স্থলীৰ ভিতৰত জলস্তৰ অধিক বৃদ্ধি পোৱাৰ ফলতে এই শ্ৰমিককেইগৰাকীৰ মৃত্যু হয়। উল্লেখ কৰা প্ৰয়োজন যে,  এতিয়াও আৱদ্ধ হৈ আছে প্ৰায় ১২গৰাকীকৈ শ্ৰমিক।

author-image
Asomiya Pratidin
New Update
উমৰাংছুৰ কয়লাখনি

উমৰাংছুৰ কয়লাখনি Photograph: (উমৰাংছুৰ কয়লাখনি)

ডিজিটেল ডেস্কঃ উমৰাংছুৰ কালামাটিৰ কয়লাখনিত আৱদ্ধ হৈ থকা ৩গৰাকী শ্ৰমিকৰ মৃত্যু হৈছে। কয়লাখনন স্থলীৰ ভিতৰত জলস্তৰ অধিক বৃদ্ধি পোৱাৰ ফলতে এই শ্ৰমিককেইগৰাকীৰ মৃত্যু হয়। উল্লেখ কৰা প্ৰয়োজন যে,  এতিয়াও আৱদ্ধ হৈ আছে প্ৰায় ১২গৰাকীকৈ শ্ৰমিক।

Advertisment

ইফালে কালি নিশা মুখ্যমন্ত্ৰীৰ ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ পাছতে নিশাই ভাৰতীয় সেনাৰ এটা উদ্ধাৰকাৰী দল উপস্থিত হয় ঘটনাস্থলীত। আছাম ৰাইফলছ আৰু ভাৰতীয় সেনাই যুটীয়াভাৱে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান।  এই উদ্ধাৰ অভিযানত সহযোগ কৰিছে এন ডি আৰ এফ আৰু এছ ডি আৰ এফেও।

আনহাতে উদ্ধাৰ অভিযান যথেষ্ট পলমকৈ আৰম্ভ হোৱা বুলি ক্ষোভ উজাৰিছে একাংশ লোকে। আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ নাম হৈছে- হুছেইন আলী, সঞ্জিত সৰকাৰ, মোস্তাফা শ্বেইখ, ছেৰপা বৰ্মন, খুশীমোহন ৰায়, লিজান নগৰ, শৰত গয়াৰী, জাকিৰ হুছেইন, গংগা বাহাদুৰ শ্বেখ বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, এই ঘটনা উমৰাংছুৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ আঁতৰত অসম-মেঘালয় সীমান্তত থকা এই কয়লখনিত সংঘটিত হৈছে। 

উমৰাংছু