উমৰাংছুৰ ট্ৰেজেডি। উমৰাংছুৰ কালামাটিৰ কয়লাখনিত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ ভিতৰত ১০ জন শ্ৰমিকক জীৱন্তে উদ্ধাৰ হৈছে। আনফালে ৩গৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছে। এতিয়াও আৱদ্ধ হৈ আছে ১২গৰাকীকৈ শ্ৰমিক। কয়লা খননৰ সুৰংগত জলস্তৰ অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ ফলত মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
-
Jan 09, 2025 15:38 ISTচতুৰ্থ দিনাও অব্যাহত আছে উদ্ধাৰ অভিযান, ক'ল ইণ্ডিয়াই লৈছে বিশেষ তৎপৰতা
উমৰাংছুৰ কয়লা খনিত আবদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে আজিও উদ্ধাৰ অভিযান অব্যাহত আছে। প্ৰতিকূল বতৰৰ বাবে মঙল আৰু বুধবাৰে উদ্ধাৰ অভিযানত ব্যাঘাত জন্মাৰ পাছত বৃহস্পতিবাৰে অৱশ্যে বতৰ কিছু মুকলি হৈছে।
উদ্ধাৰকাৰীসকলে পূৰ্ণোদ্যমে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। উদ্ধাৰকাৰ্যৰ আজি চতুৰ্থ দিনটোত ক’ল ইণ্ডিয়া লিমিটেডে উদ্ধাৰ অভিযানত বিশেষ ততৎপৰতা দেখুৱাইছে। কয়লাখনিৰ পানী উলিয়াবলৈ ক'ল ইণ্ডিয়া লিমিটেডে নাগপুৰৰ এটা উচ্চ ক্ষমতাসম্পন্ন পাম্প আনিছে।
তাৰ মাজতে ভাৰতীয় নৌসেনাৰ ডুবাৰু বাহিনীয়ে কয়লাখনিৰ ভিতৰত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। বুধবাৰে অ’ এন জি চিয়েও কয়লাখনিৰ পানী নিষ্কাশনৰ চেষ্টা কৰিছিল। বুধবাৰে অ’ এন জি চিৰ পাম্পেৰে পানী নিষ্কাশনৰ চেষ্টা কৰিছিল যদিও আজি অৱশ্যে অ’ এন জি চিৰ সেই পাম্প ঘটনাস্থলীত নাই।
যিহেতু বুধবাৰে বহু পানী খনিৰ পৰা বাহিৰলৈ উলিয়াই অনা হৈছিল আৰু আজিও এন ডি আৰ এফৰ পাম্পেৰে পানী নিষ্কাশন কৰা হৈছে সেয়ে কয়লাখনিৰ পানীৰ গভীৰতা কিছু হ্ৰাস পোৱা বুলি অনুমান কৰা হৈছে। নৌসেনাৰ ডুবাৰু বাহিনীয়েও প্ৰযুক্তিগত দিশটোক এৰি চলি মেনুৱেলী পানীৰ তলত হাতেৰে খেপিয়াই শ্ৰমিকসকলৰ সন্ধান চলাইছে।
ইফালে ৰাজ্যচৰকাৰৰ দুজনকৈ মন্ত্ৰীয়ে এই উদ্ধাৰকাৰ্যৰ তদাৰক কৰিছিল যদিও আজি আগবেলা পৰ্যন্ত তেওঁলোকৰ কোনো এজনকেই উদ্ধাৰস্থলীত দেখিবলৈ পোৱা নাই। সেইদৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰো কোনো বিষয়ববীয়া ঘটনাস্থলীত আজি দেখিবলৈ নাই।
ঘটনাস্থলীত কেৱল ভাৰতীয় সেনা, এন ডি আৰ এফ, এছ ডি আৰ এফৰ বিষয়া জোৱানৰ লগতে নৌসেনাৰ ডুবাৰু বাহিনীৰ সদস্যসকলহে আছে। তেওঁলোকেই তৎপৰাতাৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।
-
Jan 08, 2025 12:20 ISTউমৰাংছু’ত উদ্ধাৰ আৰু এজনৰ মৃতদেহ, অব্যাহত উদ্ধাৰ অভিযান
উমৰাংছু’ত অব্যাহত থকা উদ্ধাৰ অভিযানৰ মাজতে আজি পুৱাই এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছে। উদ্ধাৰ হোৱা মৃতদেহটো নেপালৰ গংগা বাহাদুৰ শ্ৰেষ্ঠৰ।
নৌসেনাৰ। ডুবাৰু বাহিনীয়ে আজি উদ্ধাৰ অভিযান আৰম্ভ কৰাৰ ঠিক ২০ মিনিট পাছতেই উদ্ধাৰ হয় মৃতদেহটো।
এতিয়াও আবদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে কয়লা খনিত যুদ্ধকালীন তৎপৰতাৰে অব্যাহত আছে উদ্ধাৰকাৰী দলৰ উদ্ধাৰ অভিযান। উল্লেখযোগ্য যে চৰকাৰী ভাৱে ঘোষণা কৰা অনুসৰি ৯ জন শ্ৰমিক এই কয়লা খনিত আৱদ্ধ হৈ আছিল।
-
Jan 07, 2025 18:33 ISTউদ্ধাৰ কাৰ্যত প্ৰকৃতিৰ বাধা
উমৰাংছুতৰ কয়লা খনিত আৱদ্ধ শ্ৰমিকক উদ্ধাৰৰ বাবে চলি থকা উদ্ধাৰ অভিযান সাময়িক ভাৱে বন্ধ কৰা হৈছে। খবৰ অনুসৰি উমৰাংছুত আৰম্ভ হৈছে বৰষুণ। ফলত উদ্ধাৰ কাৰ্যত বাধাৰ সন্মুখীন হৈছে উদ্ধাৰকাৰী।
আৱদ্ধ শ্ৰমিকক উদ্ধাৰৰ বাবে খনিৰ ভিতৰত প্ৰৱেশ কৰা নৌ-সেনাৰ উদ্ধাৰকাৰী দলটো বাহিৰলৈ ওলাই আহিছে। তেওঁলোকে জনোৱা মতে খনিত পুনৰ বৃদ্ধি পাইছে জলস্তৰ। ফলত জটিল হৈ পৰিছে উৰ্ধাৰ কাৰ্য।
-
Jan 07, 2025 18:30 ISTকেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰীৰে মুখ্যমন্ত্ৰীৰ বাৰ্তালাপ
ডিমা হাছাওৰ উমৰাংছ’ৰ কয়লা খনিৰ দুৰ্ঘটনা আৰু উদ্ধাৰ অভিযান সন্দৰ্ভত কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ সৈতে বাৰ্তালাপ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দুয়োৰে মাজত আৱদ্ধ শ্ৰমিকক উদ্ধাৰৰ সন্দৰ্ভত হয় আলোচনা। এক্স হেণ্ডেলৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ শৰ্মাই জনালে এই বিষয়ে।
I also spoke to Hon’ble Union Coal Minister, Shri @kishanreddybjp seeking assistance for our rescue operation in Umrangsu. He has promptly issued directions to @CoalIndiaHQ to extend full support to the Assam government in this mission. My sincere gratitude to him for his swift…
— Himanta Biswa Sarma (@himantabiswa) January 7, 2025 -
Jan 07, 2025 17:24 ISTউমৰাংছুৰ এটা অবৈধখনিত আৰক্ষীৰ অভিযানঃ আটক ১
উমৰাংছ'ৰ তিনি কিলোৰ আসাম কুঁৱেৰীত আৰক্ষীৰ অভিযান। আৰক্ষীৰ জালত কুঁৱেৰীটোৰ স্বত্বাধিকাৰ সুৰুয নুনিছা। 02/25 নম্বৰ গোচৰত নুনিছাক গ্রেপ্তাৰ। সুৰুয নুনিছাই দীৰ্ঘদিন ধৰি অবৈধভাৱে চলাই আছিল কয়লা খনি।
-
Jan 07, 2025 17:07 ISTউমৰাংছুত ভাৰতীয় নৌ-সেনাৰ উদ্ধাৰ অভিযান
উমৰাংছ’ৰ ঘটনাস্থলীত উপস্থিত ভাৰতীয় নৌ-সেনাৰ দল। বিশাখাপট্টনামৰ পৰা আহিছে ১২ গৰাকী নৌ-সেনা। ডুবাৰুৰ সৈতে উদ্ধাৰ কাৰ্যত নামি পৰিছে নৌ-সেনাৰ দলটো।
-
Jan 07, 2025 14:51 ISTউমৰাংছুৰ কয়লাখনি অবৈধ ঘোষণা মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক্সৰ জৰিয়তে ঘোষণা কৰিছে উমৰাংছুৰ কয়লাখনি আছিল অবৈধ। এই অবৈধ কয়লাখনি আৰু ইংয়াত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত উমৰাংছু আৰক্ষী থানাত ০২/২০২৫ নম্বৰত ৰুজু কৰা হৈছে এটা গোচৰ। ঘটনা সন্দৰ্ভত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে পুনিছ নুনিছা নামৰ এজন ব্যক্তিক।
The police have registered an FIR under Umrangso PS Case No: 02/2025, citing Sections 3(5)/105 BNS, r/w Section 21(1) of the Mines and Minerals (Development and Regulation) Act, 1957, to investigate the incident. Prima facie, it appears to be an illegal mine. One Punish Nunisa… https://t.co/P21Xv6HT9V
— Himanta Biswa Sarma (@himantabiswa) January 7, 2025 -
Jan 07, 2025 13:43 ISTদেৱলালৰ পত্নীৰ নামত উমৰাংছুত খনন চলাৰ বাবেই নিষ্ক্ৰিয় আছিল দিছপুৰ...
ৰাজ্যত অবৈধ কয়লা খননৰ ফলত সংঘটিত হোৱা দুৰ্ঘটনা এয়াই প্ৰথম নহয়। প্ৰায়ে এইধৰণৰ ঘটনা সংঘটিত হৈ আহিছে অবৈধ এই কয়লা খনিবোৰত। ইয়াৰ পাছতো ৰাজ্য আৰু প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰা পৰিপ্ৰেক্ষিততে উমৰাংছুৰ ৰেট হোল মাইনিং স্থলীত সংঘটিত হল আন এক শোকাৱহ ঘটনা।
এই পৰ্যন্ত লৈকে সেই অবৈধ কয়লাখনিটোত কিমান শ্ৰমিক আৱদ্ধ হৈ আছে তাৰ সঠিক তথ্য প্ৰশাসনৰ হাতত নাই যদিও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই খনিটোৰ ভিতৰত আৱদ্ধ হৈ থকা ৯জন শ্ৰমিকৰ নাম ৰাজহুৱা কৰিছে। অৱশ্যে স্থানীয় সূত্ৰৰ মতে, এই ৰেট হোল মাইনিংস্থলীত অতি কমেও ৪০জন শ্ৰমিক নিয়োজিত হৈ আছিল।
ইয়াৰ ১০জন এই ঘটনা সংঘটিত হোৱা পূৰ্বেই খনিৰ ভিতৰভাগৰ পৰা ওলাই অহা বুলি এক সূত্ৰই সদৰি কৰিছে। আনহাতে আন তিনিজন শ্ৰমিকৰ মৃতদেহ পানীত ওপঙি অহাৰ সময়ত উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰি সেই শ্ৰমিক কেইজনৰ মৃতদেহ লুকুৱাই ৰখা বুলিও আন এক অভিযোগ উঠিছে।
দীৰ্ঘদিন ধৰি ডিমা হাচাওৰ অন্তৰ্গত উমৰাংছুৰ ভিন্ন স্থানত এই ধৰণৰ অবৈধ কয়লা খনন চলি আহিছে। পানীৰে ভৰপূৰ হৈ যোৱা এই অবৈধ ৰেট হোল মাইনিঙটো দেৱলাল গাৰ্লোচাৰ পত্নী কণিকা হোজাইপ তত্বাৱধানতে চলি থকা বুলি অভিযোগ উত্থাপন হৈছে। যাৰ বাবে আৰক্ষী আৰু প্ৰশাসনে ইয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰে।
জানিব পৰা মতে, অসম খনি উন্নয়ন নিগমৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত অঞ্চলৰ বাহিৰত আছিল এই ৰেট হোল মাইনিঙটো। উমৰাংছুত কপিলী নদীৰ ওপৰত নদী বান্ধৰ লগতে নিপকো জলবিদ্যুত প্ৰকল্প থকা সূত্ৰে এই অঞ্চলটো অতিকৈ স্পৰ্শকাতৰ। যিকোনো মূৰ্হুততে সমগ্ৰ অঞ্চলটো ৱাৰ্চ আউট হৈ যোৱা সম্ভাৱনা থকা সূত্ৰে এই স্থানত ৰেট হোল কয়লা খনন অতি বিপদজনক। তাৰ পাছতো কেৱল ক্ষমতাৰ জোৰত ৩০০ফুট গভীৰতাৰ লৈকে এই কয়লা খনন চলাই গৈছিল এই চক্ৰটোৱে।
কয়লা খনন কৰি থকাৰ সময়তে সুৰংগৰ ভিতৰত পানীৰে উপচি পৰাৰ পাছত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। এন ডি আৰ এফ আৰু এছ ডি আৰ এফে উদ্ধাৰ অভিযান চলাবলৈ গৈ অতি বিপদসংকুল এই স্থানত সফলভাৱে উদ্ধাৰ অভিযান চলোৱাত বিফল হয়।
তাৰ পাছতে নতুন দিল্লীত থকা মুখ্যমন্ত্ৰীয়ে সেনা বাহিনীক উদ্ধাৰ অভিযানত নামিবলৈ অনুৰোধ কৰাৰ পাছতেই সেনাৰ এটা উদ্ধাৰকাৰী দল অত্যাধুনি সা-সৰঞ্জামসহ উক্ত স্থানত উপস্থিত হয়গৈ। কিন্তু এই দলটোৱেও সুৰংগৰ সন্মুখৰ ভাগলৈ পানীৰে পূৰ্ণ হৈ পৰা খনন স্থলীত অভিযান চলোৱাত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হয়।
তাৰ পাছতেই নৌ বাহিনীৰ বিশেষজ্ঞ উদ্ধাৰকাৰী দল উক্ত স্থানলৈ পঠাবৰ বাবে মুখ্যমন্ত্ৰীয়ে নৌ সেনাক অনুৰোধ কৰিব লগা হয়। মুখ্যমন্ত্ৰী নিৰ্দেশৰ পাছতে ঘটনাস্থলীত গৈ উপস্থিত হৈছিলগৈ মন্ত্ৰী কৌশিক ৰয়। তাৰ লগতে উদ্ধাৰ অভিযান তদাৰক কৰে ডিমা হাচাওৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকগৰাকীয়ে।
উল্লেখযোগ্য যে, উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা আছে ৰেট হোল মাইনিঙৰ ক্ষেত্ৰত। সেই নিষেধাজ্ঞা লৈ পিঠি দি এনেদৰে অবৈধ কয়লা খনন চলাই থকা হৈছিল। মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰা তথ্য অনুসৰি, উমৰাংছু কয়লাখনিত আৱদ্ধ হোৱা শ্ৰমিক ৯জন হৈছে- দৰঙৰ জাকিৰ হুছেইন, হুছেইন আলী আৰু মুস্তাফা শ্বেইখ। নেপালৰ শ্ৰমিকজনৰ নাম গংগা বাহাদুৰ শেথ।
কোকৰাঝাৰৰ শ্ৰমিক দুজন হল ছাৰফা বৰ্মন, খুশী মোহন ৰায়। আৱদ্ধ হৈ থকা পশ্চিম বংগৰ শ্ৰমিকজনৰ নাম সঞ্জীৱ সৰকাৰ। শোণিতপুৰৰ শ্ৰমিকজনৰ শৰৎ গয়াৰী। আৰু ডিমা হাচাওৰ শ্ৰমিক জনৰ নাম লিজন মাগাৰ।
ইফালে উমৰাংছুৰ এই ঘটনাৰ সমান্তৰালভাৱে হাফলঙত বিজেপিৰ একাংশ নেতা-কৰ্মীয়ে ডিমা হাচাওৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোচাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। বিজেপিৰ নেতা-কৰ্মীয়ে অভিযোগ কৰা মতে, ডিমা হাচাওত একনায়ত্ববাদ চলাই গাৰ্লোচাই দুৰ্নীতিৰ বেহা মেলিছে।
-
Jan 07, 2025 11:56 ISTকোকৰাঝাৰৰ খুশিমোহন ৰায়ৰ গৃহত শোকাকূল পৰিৱেশ...
ডিমাহাচাও জিলাৰ উমৰাংছু কালামাটি কয়লাখনিত আবদ্ধ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ চিথিলা মাজেৰগাঁৱৰ খুশিমোহন ৰায় (৫২) । পৰিয়ালত কান্দোনৰ ৰোল । উদ্ধাৰৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান পৰিয়ালৰ ৷ ডিমা হাছাওৰ আছাম কুৱেৰি কয়লা খনিত আৱদ্ধ খুশিমোহন ৰায় প্ৰায় ডেৰমাহ মান পূৰ্বে কৰ্মৰ সন্ধানত উমৰাংছুলৈ গৈছিল আৰু তাতে কয়লা খনিত শ্ৰমিক হিচাপে কাম কৰিবলৈ লয় ৷ খুশিমোহল ৰায়ৰ এগৰাকী পত্নী, দুই পুত্ৰ আৰু দুই কন্যা । দুই পুত্ৰ ক্ৰমে সুবিত ৰায় আৰু সুভাষ ৰায় ঘৰৰ আৰ্থিক দুৰৱস্থাৰ বাবে গুজৰাটত আৰু অৰুণাচনত শ্ৰমিক হিচাপে কৰ্মৰত ৷ দুগৰাকী জীয়ৰীৰ ভিতৰত এগকাকী শক্তি আশ্ৰম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উচ্চতৰ মাধ্যমিক শ্ৰেণীত অধ্যয়নৰত আৰু আনগৰাকী অষ্টমমান শ্ৰেণীত চিথিলা এমভি স্কুলত অধ্যয়নৰত৷
-
Jan 07, 2025 11:45 ISTআৱদ্ধ শ্ৰমিক সকলৰ কোন কোন ঠাইৰ...
উমৰাংছুৰ কয়লাখনিত আৱদ্ধ হৈ থকা শ্ৰমিক কেইজনৰ ভিতৰত ৩জন দৰঙৰ। এজন নেপালৰ। ২ জন কোকৰাঝাৰৰ। এজন পশ্চিম বংগৰ। এজন শোণিতপুৰৰ আৰু আনজন ডিমা হাচাওৰ। দৰঙৰ শ্ৰমিক তিনিজন ক্ৰমে জাকিৰ হুছেইন, হুছেইন আলী আৰু মুস্তাফা শ্বেইখ। নেপালৰ শ্ৰমিকজনৰ নাম গংগা বাহাদুৰ শেথ। কোকৰাঝাৰৰ শ্ৰমিক দুজন হল- চাৰফা বৰ্মন, খুশী মোহন ৰায়। আৱদ্ধ হৈ থকা পশ্চিম বংগৰ শ্ৰমিকজনৰ নাম সঞ্জীৱ সৰকাৰ। শোণিতপুৰৰ শ্ৰমিকজনৰ শৰত গয়াৰী। আৰু ডিমা হাচাওৰ শ্ৰমিক জনৰ নাম লিজন মাগাৰ।
-
Jan 07, 2025 11:41 ISTভাৰতীয় সেনাৰ উদ্ধাৰ অভিযান...
-
Jan 07, 2025 11:40 ISTকয়লা খনন স্থলীৰ সুৰংগত বৃদ্ধি পাইছে জলস্তৰ...
এই ঘটনা উমৰাংছুৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ আঁতৰত অসম-মেঘালয় সীমান্তত থকা এই কয়লখনিত সংঘটিত হৈছে। শেহতীয়াকৈ ভাৰতীয় সেনাৰ কেইবাটাও দলে চলাইছে অভিযান।
-
Jan 07, 2025 11:36 ISTকিমান গৰাকী শ্ৰমিক আৱদ্ধ হৈ আছে তাৰ কোনো নিশ্চিত তথ্য নাই প্ৰশাসনৰ হাতত
কয়লাখনিত কিমান গৰাকী শ্ৰমিক আৱদ্ধ হৈ আছে তাৰ কোনো নিশ্চিত তথ্য নাই প্ৰশাসনৰ হাতত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে আৱদ্ধ হৈ থকা কেইজনমান শ্ৰমিকৰ নাম সদৰি কৰিছে। তেওঁলোক ক্ৰমে- হুছেইন আলী, সঞ্জিত সৰকাৰ, মোস্তাফা শ্বেইখ, ছেৰপা বৰ্মন, খুশীমোহন ৰায়, লিজান নগৰ, শৰত গয়াৰী, জাকিৰ হুছেইন, গংগা বাহাদুৰ শ্বেখ বুলি জানিব পৰা গৈছে।
-
Jan 07, 2025 11:34 ISTবিশাখাপট্টমনৰ পৰা আহি আছে নৌ সেনাৰ দল...
ভাৰতীয় সেনা, আছাম ৰাইফলছে চলাই আছে উদ্ধাৰ অভিযান। প্ৰতিকূল পৰিৱেশে বাধা দিছে যদিও সেনাই জোৰদাৰভাৱে অব্যাহত ৰাখিছে অভিযান। ইফালে উদ্ধাৰ কাৰ্যৰ বাবে বিশাখাপট্টমনৰ পৰা আহি আছে নৌ সেনাৰ দল।