Advertisment

উমৰাংছুত নিৰ্মম হত্যাকাণ্ডঃ আৰক্ষীৰ তদন্ত আৰম্ভ

দুৰ্গম অৰণ্যত গছত উলমাই থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় কানিয়া টেৰাঙৰ মৃতদেহ। উমৰাংছু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে হাফলং চিকিৎসালৈ প্ৰেৰণ কৰা হৈছে ।

author-image
Asomiya Pratidin
New Update
wr

ডিজিটেল সংবাদ,হাওৰাঘাট : ডিমা হাচাও জিলাৰ উমৰাংছু আৰক্ষী থানা এলেকাধীন লাংমেকলু গাঁৱত ২২ডিচেম্বৰত এক অপহৰণৰ ঘটনা সংঘটিত হৈছিল। নিশা প্ৰায় ১০-১১ বজাত কানিয়া টেৰাং নামৰ এজন লোকক দুৰ্বৃত্তই অপহৰণ কৰি হত্যা কৰিছিল।

Advertisment

কিন্তু পৰিয়ালৰ খবৰৰ ভিত্তিত কিছু দিন পলমকৈ দুৰ্গম অৰণ্যত গছত উলমাই থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় কানিয়া টেৰাঙৰ মৃতদেহ। প্ৰথমে অপহৰণ কৰি পিছত শাৰীৰিক নিৰ্যাতন কৰি নিৰ্মমভাৱে হত্যা কৰা বুলি গাঁওবাসীৰ লগতে মৃতকৰ পত্নীয়ে অভিযোগ কৰে।

এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ বাবে চৰকাৰক পৰিয়ালৰ লোকে অনুৰোধ জনাইছে। ঘটনাৰ পিছত উমৰাংছু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে হাফলং চিকিৎসালৈ প্ৰেৰণ কৰা হৈছে ।

উমৰাংছু