/asomiyapratidin/media/media_files/2025/04/24/4RfpUgcgZPI4tCkCN6wY.jpg)
ডিজিটেল ডেস্ক : অগ্ৰণী চিমেণ্ট প্ৰস্তুতকাৰী প্ৰতিষ্ঠান আল্ট্রাটেক চিমেন্ট লিমিটেডৰ উদ্যোগত তথা ব্ৰেণ্ড বিল্ডিঙৰ সহযোগত গুৱাহাটীস্থিত লতাশিল খেলপথাৰত যোৱা ১৪ এপ্ৰিলৰ পৰা ১৭ এপ্রিললৈ চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছিল বিহুৰ অনুষ্ঠান। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বিহু আৰু সত্ৰীয়া নৃত্যৰ দীর্ঘতম ৰেলী বাহিৰ কৰা হয়।
অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকী প্ৰতিভাশালী বিহুনৃত্য শিল্পীয়ে নৃত্য পৰিৱেশন কৰাৰ লগতে সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে। অনুষ্ঠানৰ শেষৰ দিনা অনুষ্ঠিত হোৱা অনুষ্ঠানত সত্ৰীয়া আৰু বিহুনৃত্যৰ দীৰ্ঘতম ৰেলী প্ৰদৰ্শনৰ সাফল্যৰ বাবে ৰাষ্ট্ৰীয় প্রমাণপত্র সংস্থা, ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছে আলট্ৰাটেক চিমেণ্ট প্ৰতিষ্ঠানক স্বীকৃতি প্রদান কৰে। সংস্থাটোৰ হৈ এই প্ৰমাণপত্ৰ প্ৰদান কৰে কাৰ্যবাহী বিচাৰক সঞ্জয় ভোলা ধীৰ, পি ভি ৰমেশ পাটনায়ক, সম্রাট সেনগুপ্তাই।