বিজেপিত যোগদান আলফা (স্বা)ৰ একালৰ উপ-সেনাধিনায়ক দৃষ্টি ৰাজখোৱাৰঃ ক’লে জাতি-মাটি-ভেটি ৰক্ষাৰ কথা

'বাংলাদেশী আগ্ৰাসন প্ৰতিৰোধৰ বাবে হিমন্ত বিশ্ব শৰ্মাই যি পদক্ষেপ গ্ৰহণ কৰিছে, তাত আকৃষ্ট হৈ মই বিজেপিত যোগদান কৰিছো।'-এই মন্তব্য আলফা স্বাধীনৰ শীৰ্ষ নেতা দৃষ্টি ৰাজখোৱাৰ।

author-image
Tushar Pratim
New Update
বিজেপিত যোগদান আলফা (স্বা)ৰ উপ-সেনাধিনায়ক দৃষ্টি ৰাজখোৱাৰঃ ক’লে জাতি-মাটি-ভেটি ৰক্ষাৰ কথা

ডিজিটেল ডেস্কঃ বাংলাদেশী আগ্ৰাসন প্ৰতিৰোধৰ বাবে ড০ হিমন্ত বিশ্ব শৰ্মাই যি পদক্ষেপ গ্ৰহণ কৰিছে, তাত আকৃষ্ট হৈ মই বিজেপিত যোগদান কৰিছো।- এই মন্তব্য আলফা স্বাধীনৰ শীৰ্ষ নেতা দৃষ্টি ৰাজখোৱাৰ। বিজেপিত যোগদানৰ পূৰ্বে আলফা স্বাধীনৰ শীৰ্ষ নেতাগৰাকীয়ে আজি সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে। 

Advertisment

আজিৰে পৰা ৰাজনৈতিক জীৱনৰ পাতনি মেলিলে এসময়ৰ দুৰ্ধৰ্ষ আলফা নেতা দৃষ্টি ৰাজখোৱা ওৰফে মনোজ কুমাৰ ৰাভাই। এই সন্দৰ্ভত আজি এসময়ৰ দুৰ্ধৰ্ষ আলফা নেতাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত তেওঁৰ সংগ্ৰমী জীৱনৰ বিভিন্ন দিশ দাঙি ধৰাৰ লগতে বিশেষকৈ বংগীয়মূলৰ মুছলমানৰ আগ্ৰাসনৰ বিষয়ে সৰৱ হৈ পৰে। 

আনহাতে, আলফা নেতাগৰকীয়ে সশস্ত্ৰ সংগ্ৰামত কিদৰে জড়িত হৈ পৰিছিল আৰু সংগ্ৰামখনৰ পৰা কি আঁতৰি আহিব লগা হ’ল সেই বিষয়ে উল্লেখ কৰে। ১৯৮৩ চনত সদৌ অসম ছাত্ৰ সন্থাৰ বলিষ্ঠ নেতৃত্বত সমগ্ৰ অসমত বিদেশী বিতাড়ণ আন্দোলন গঢ়ি উঠিছিল। 

সেই আন্দোলন ৰাজখোৱাই বিদ্যালয়ত পঢ়ি থকা অৱস্থাৰ পৰাই প্ৰত্যক্ষ কৰিছিল আৰু ছাত্ৰ অৱস্থাৰ পৰাই সেই আন্দোলনত জড়িত হৈছিল আৰু তেতিয়াৰ পৰাই তেওঁৰ মনত বিপ্লৱী চেতনা জাগি উঠিছিল। তেওঁ কয় যে আমি বঞ্চিত, শোষিত, প্ৰতাৰিত কোনোৱা এটা শক্তিৰ জৰিয়তে আমি অবদমিত এই অনুভৱটো আমি তেতিয়াই কৰিছিলো। 

সেই বিদেশী বহিস্কাৰৰ আন্দোলনৰ ৰূপটো সেই সময়ত বৰ ভয়াৱহ আছিল। তাৰ পিছতে ক্ৰমাগতভাৱে অসমখনক বিদেশী মুক্ত কৰাৰ বাবে অসমৰ অস্বিত্ব ৰক্ষাৰ স্বাৰ্থত, অসমৰ স্বকীয়তা ৰক্ষাৰ স্বাৰ্থত আৰু এটা জাতীয় শক্তি সংযুক্ত মুক্তি বাহিনী অসমৰ জৰিয়তে অসম ভূমিত সৃষ্টি হৈছিল- সশস্ত্ৰ জাতীয় মুক্তি সংগ্ৰাম। তেতিয়াই অসমখনক বিদেশী মুক্ত কৰাৰ স্বাৰ্থত, অসমৰ অস্বিত্ব ৰক্ষাৰ স্বাৰ্থত মই সশস্ত্ৰ জাতীয় মুক্তি সংগ্ৰামত জড়িত হৈ পৰিছিলো। 

সুদীৰ্ঘ ৩২ বছৰ ১৯৭৯ চনৰ পৰা ২০২০ চনলৈকে সংযুক্ত মুক্তি বাহিনী অসমৰ এজন সক্ৰিয় সৈনিক সদস্য হিচাপে কাম কৰি শেষত তেওঁ সংগঠনটোৰ এটা গুৰু দায়িত্ব ডেপুটী চি ইন চি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আলফাৰ পৰা ঘূৰি অহাৰ পিছত তেওঁৰ জন্ম ঠাই গোৱালপাৰাত বাংলাদেশীয় মূলৰ লোকৰ ভয়াৱহ আগ্ৰাসন দেখিবলৈ পাই তেওঁ উদ্বিগ্ন হৈ পৰাৰ কথা সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে। 

উল্লেখ্য যে ৰাজখোৱাই তেওঁৰ ৩২ বছৰীয়া সুদীৰ্ঘ সংগ্ৰাম কালত সেনা-আৰক্ষীৰ হাতত এবাৰো ধৰা পৰা নাছিল। তেওঁ কয় যে আলফাৰ পৰা মূলসূঁতিলৈ ঘূৰি অহাৰ পিছত অসমৰ যিটো বাস্তৱ পৰিস্থিতি সেই পৰিস্থিতি আলফালৈ যোৱাৰ আগতকৈ এতিয়া বহুত বেয়া দেখিবলৈ পাইছিলো। 

অসমৰ উজনি নামনি সকলোতে এতিয়া বংগীয় বাংলাদেশীৰ আগ্ৰাসনৰ ভয়ানক ৰূপ দেখিবলৈ পাইছো, যি আগ্ৰাসনে আমাক সকলোকে স্তম্ভিত কৰি তুলিছে। বিশেষকৈ নামনি অসমৰ পৰিস্থিতি খুবেই বেয়া। নামনি অসমৰ বিশেষকৈ গোৱালপাৰা, ধুবুৰী, বঙাইগাঁও, নলবাৰী, বৰপেটা সকলোতে বংগীয় মুছলমানেৰে ভৰি পৰিছে। 

তেওঁ নিজৰ জন্ম ঠাই গোৱালপাৰাৰ উদাহৰণ দাঙি ধৰি কয় যে যিহেতু মই এই অঞ্চলৰ বাসিন্দা, এই অঞ্চলৰ জনজাতীয় মানুহখিনিৰ অৱস্থা খুব ভয় লগা হৈ পৰিছে। এক প্ৰত্যাহ্বানমূলক অৱস্থাত সকলোৱে জীৱন নিৰ্বাহ কৰিব লগাত পৰিছে। বংগীয়মূলৰ লোকৰ উৎপাত, আগ্ৰাসনত জনগোষ্ঠীয় লোকসকল বিশেষ ধৰণে ক্ষতিগ্ৰস্ত হৈছে। 

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে উচ্ছেদৰ দৰে যি বলিষ্ঠ পদক্ষেপ লৈছে তাত তেওঁ সুখী হোৱা বুলি প্ৰকাশ কৰে। তেওঁ কয় যে যদি আমি জাতি-মাটি-ভেটি ৰক্ষা কৰিব নোৱাৰো তেন্তে আমি কেতিয়াও আমাৰ জাতীয় অস্তিত্ব ৰক্ষা কৰিব নোৱাৰিম। 

এতিয়া বংগীয়মূলৰ লোকে যিধৰণে বৃহৎ অঞ্চল দখল কৰি আছিল সেই অঞ্চলসমূহত অসম চৰকাৰে উচ্ছেদ অভিযান চলাই সেই অঞ্চলসমূহ বেদখল মুক্ত কৰি আছে। চৰকাৰৰ এই উচ্ছেদ অভিযান প্ৰক্ৰিয়াটোত তেওঁ যথেষ্ট সুখী বুলি উল্লেখ কৰি জাতিটোক ৰক্ষা কৰাৰ কাৰণে এই দলখদাৰী প্ৰক্ৰিয়াটোক মষিমূৰ কৰাৰ কাৰণে যিধৰণৰ পদক্ষেপৰ প্ৰয়োজন হ’ব তেওঁ নিজেও বিজেপি দলত থাকি তেনে পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰে। 

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জাতি-মাটি-ভেটি ৰক্ষাৰ যি আন্দোলন সেই আন্দোলনত নিজেও অৱতীৰ্ণ হ’বলৈ পাই তেওঁ সুখী বুলি মন্তব্য কৰে। তেওঁ কয় যে যেতিয়ালৈকে অসমত বংগীয় মুছলমানৰ দপদপনি চলিব তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব। 

শেষ মুহূৰ্তলৈকে তেওঁ বংগীয় মুছলমানক উচ্ছেদ কৰা সংগ্ৰামখনত তেওঁ নিজকে নিয়োজিত কৰি ৰাখিব বুলি উল্লেখ কৰে। কোনো ক্ষমতা বা ধন-সম্পদ, পদবীৰ লালসাত তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা নাই বুলি স্পষ্ট কৰি দিয়ে। 

তেওঁ কয় যে মোৰ এটা নিজস্ব ইচ্ছ্যু আছে। দেশৰ লগতে জাতি-মাটি-ভেটি ৰক্ষাৰ কাৰণে মই সেই সংগ্ৰামখনত নিজকে নিয়োজিত কৰিম। আলফাৰ ডেপুটী চি ইন চি পদত থকাৰ সময়তে মোলৈ বহুত অফাৰ আহিছিল, যদি মোৰ তেনে কোনো লালসা থাকিল হেঁতেন তেন্তে মই সেই অফাৰ কেতিবাই গ্ৰহণ কৰিব পাৰিলোহেঁতেন। কিন্তু দলে যদি মোক কিবা দায়িত্ব দিয়ে তেন্তে মই নিষ্ঠাৰে সেই দায়িত্ব পালন কৰি যাম।

ড০ হিমন্ত বিশ্ব শৰ্মা বিজেপি আলফা (স্বা)