গণৰাজ্য দিৱসত আলফাৰ হুংকাৰঃ অসমে হেৰুওৱা স্বাধীনতা ঘূৰাই পাবই লাগিব...

গণৰাজ্য দিৱসৰ পুৱা গুৱাহাটী মহানগৰীত সংঘটিত হোৱা ৰহস্যজনক বোমা বিস্ফোৰণৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। আৰক্ষীয়ে সমগ্ৰ বিষয়টোক লৈ এতিয়ালৈকে মুুখ খোলা নাই

author-image
Asomiya Pratidin
New Update
আলফা স্বাধীন

আলফা স্বাধীন Photograph: (আলফা স্বাধীন)

ডিজিটেল ডেস্কঃ গণৰাজ্য দিৱসৰ পুৱা গুৱাহাটী মহানগৰীত সংঘটিত হোৱা ৰহস্যজনক বোমা বিস্ফোৰণৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। আৰক্ষীয়ে সমগ্ৰ বিষয়টোক লৈ এতিয়ালৈকে মুুখ খোলা নাই যদিও আলফা স্বাধীনে সদৰি কৰিছে যে,তেওঁলোকেই গুৱহাটীৰ দুই স্থানত আই ই ডি সংস্থাপন কৰিছিল আৰু সেই বোমা বিস্ফোৰিতও হৈছে। 

এক প্ৰেছ বিবৃতিযোগে আলফা স্বাধীনে দায়িত্ব স্বীকাৰ কৰি কয় যে, জনতাৰ কোনো হানি নোহোৱাকৈ এই সশস্ত্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। অসমে হেৰুওৱা স্বাধীনতা যেতিয়ালৈকে ঘূৰাই নাপায় তেতিয়ালৈকে এনে সশস্ত্ৰ প্ৰতিবাদ অব্যাহত থাকিব বুলিও বিবৃতিত উল্লেখ কৰে আলফা স্বাধীনে।

আগন্তুক দিনত এনে প্ৰতিবাদ সৰ্বাত্মক ৰূপত হব বুলিও হুংকাৰ প্ৰদান কৰে আলফা স্বাধীনে। 

গুৱাহাটী