/asomiyapratidin/media/media_files/2025/07/18/f-35-2025-07-18-20-02-48.jpg)
ডিজিটেল ডেস্কঃ ব্ৰিটেইনৰ এখন এফ-৩৫ যুদ্ধ বিমান যোৱা কিছু দিন ধৰি আছে কেৰালাত। কেৰালাৰ তিৰুৱন্তপুৰম বিমান বন্দৰত থকা এই যুদ্ধ বিমানখন এতিয়া চৰ্চাৰ কাৰণ হৈ পৰিছে। জানিব পৰা মতে তিৰুৱন্তপুৰমত থোৱা এই যুদ্ধ বিমানখনৰ বাবে ব্ৰিটিছ ৰয়েল নেভিয়ে এক বৃহৎ পৰিমাণৰ ভাড়া আদায় দিব লাগিব বিমান বন্দৰ কৰ্তৃপক্ষক।
উল্লেখ্য যে, যান্ত্ৰিক সমস্যাৰ বাবে উৰণ সম্ভৱ নোহোৱা এই বিমানখন তিৰুৱন্তপুৰম বিমান বন্দৰতে আছে। একাধিক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ এই বিমান বন্দৰত বিমানখন থোৱাৰ বিনিময়ত প্ৰতিদিনে ভাড়া হিচাপে কৰ্তৃপক্ষক আদায় দিব লাগিব ২৬ হাজাৰ ২৬১ টকা।
যোৱা ১৫ জুনৰ পৰা তিৰুৱনন্তপুৰম বিমানবন্দৰত ব্ৰিটিছ নৌসেনাৰ এফ-৩৫ যুঁজাৰু বিমানখনে অৱতৰন কৰিছিল।৬ জুলাইত সেই বিমানখনক মেৰামতিৰ বাবে বিমান বন্দৰৰ পৰা আঁতৰাই নিয়া হয়। এই ২৩ দিনত বিমানখন ৰখাৰ বাবে ভাড়া হিচাপে বিমানবন্দৰ কৰ্তৃপক্ষক মুঠ ৮.৬ লাখ টকা দিবলগীয়া হয়।
৬ জুলাইত ২৪ জনীয়া ব্ৰিটিছ নৌসেনাৰ বিশেষজ্ঞৰ এটা দল তিৰুৱনন্তপুৰম বিমানবন্দৰলৈ গৈছিল। ইয়াৰে ১৪জন টেকনিচিয়ান আৰু ১০জন ফ্লাইট এটেণ্ডেণ্ট। তেওঁলোকে যুঁজাৰু বিমানখনৰ সমস্যাসমূহ পৰীক্ষা কৰে। তেওঁলোকে বিমানখন মেৰামতি কৰি ব্ৰিটেইনলৈ উৰুৱাই দিয়া সম্ভৱ নে আন বিমানত তুলি সেই যুদ্ধ বিমানখন ব্ৰিটেইনলৈ লৈ যোৱা সম্ভৱ নে সেই বিষয়ে পৰীক্ষা কৰে। জানিব পৰা মতে অহা সপ্তাহত এই বিমানখন উৰুৱাই নিয়া সম্ভৱ হ’ব।
উল্লেখ্য যে, যোৱা ১৫ জুনত ব্ৰিটিছ ৰয়েল নেভিৰ এই যুদ্ধ বিমানখন প্ৰথমে কম ইন্ধনৰ বাবে কেৰালাত জৰুৰীকালীন অৱতৰণ কৰিছিল। পিছত এই বিমানখনত যান্ত্ৰিক বিজুতি ধৰা পৰে। ইয়াৰ পূৰ্বে ব্ৰিটেইনৰ সামৰিক অভিযন্তাৰ এটা দল ভাৰত ভ্ৰমণ কৰিছিল। কিন্তু যান্ত্ৰিক বিজুতি মেৰামতি কৰিব পৰা নগ’ল।
বিশ্বৰ অন্যতম ব্যয়বহুল আৰু উন্নত যুদ্ধ বিমান এফ-৩৫বি। ই অতি কঠিন ঠাইত উৰা মাৰি অৱতৰণ কৰিব পাৰে। আমেৰিকাৰ ‘লকহিড মাৰ্টিন’ কোম্পানীয়ে এই বিমান নিৰ্মাণ কৰিছে। মূলতঃ আমেৰিকা, ব্ৰিটেইন আৰু নাটো বাহিনীৰ হাতত এই বিমানখন আছে।