ভাৰত ভ্ৰমণ কৰাৰ সম্ভাৱনা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ

২০২৬ চনৰ প্ৰথম ভাগত জেলেনস্কিয়ে ভাৰত ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। এতিয়ালৈকে ইয়াৰ আনুষ্ঠানিক ঘোষণা হোৱা নাই । 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-09 at 1.54.31 PM

ডিজিটেল ডেস্কঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ পাছত এইবাৰ ভাৰত ভ্ৰমণ কৰাৰ সম্ভাৱনা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভোলেডিমিৰ জেলেনস্কিৰ। ২০২৬ চনৰ প্ৰথম ভাগত জেলেনস্কিয়ে ভাৰত ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। এতিয়ালৈকে ইয়াৰ আনুষ্ঠানিক ঘোষণা হোৱা নাই । 

image (12)

উল্লেখ্য যে, পুটিনৰ দুদিনীয়া ভ্ৰমণৰ অন্ত পৰাৰ লগে লগে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীক নতুন দিল্লীলৈ আনিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। অৱশ্যে এতিয়াও ভ্ৰমণৰ সময়সূচী নিৰ্ধাৰণ হোৱা নাই। যদি জেলেনস্কি ভাৰতলৈ আহে তেন্তে দুখন দেশৰ মাজৰ বাণিজ্যিক সম্পৰ্ক  অধিক শক্তিশালী কৰিব আৰু ভাৰতৰ সন্তুলিত বৈদেশিক নীতিৰ প্ৰভাৱ বিশ্বত বৃদ্ধি পাব। ইপিনে ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্কই ইউৰোপৰ দৃষ্টি আকৰ্ষণ কৰিছে। যদি জেলেনস্কি ভাৰতলৈ আহে তেন্তে কূটনৈতিক ক্ষেত্ৰত ভাৰতৰ আনক এক বৃহৎ জয়  হ'ব । 

bcb82a23-a6b3-45ad-bbe0-339a1a00a336

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি