/asomiyapratidin/media/media_files/2025/05/04/BProtxA0UMhoARlBfIw7.jpg)
ডিজিটেল ডেস্কঃ সাগৰীয় ড্ৰ’নৰ পৰা নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰি ৰাছিয়াৰ ছু-৩০ যুঁজাৰু বিমান এখন গুলীয়াই ধ্বংস কৰিছে ইউক্ৰেইনে। দেশখনৰ সামৰিক চোৰাংচোৱা সংস্থাই শনিবাৰে দাবী কৰে যে তেওঁলোকে শুকুৰবাৰে ৰাছিয়াৰ ন’ভ’ৰ’ছিস্কৰ চহৰৰ সমীপৰ জলসীমাৰ ওপৰত গ্ৰুপ ১৩ নামৰ সামৰিক চোৰাংচোৱা ইউনিটে যুদ্ধ বিমানখন গুলীয়াই ধ্বংস কৰে।
জি ইউ আৰয়ে আৰু দাবী কৰে যে, ইউক্ৰেইনৰ নিৰাপত্তা সেৱা আৰু ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীৰ অন্যান্য ইউনিটৰ সমন্বয়ত এই অভিযান চলোৱা হৈছে। সংস্থাটোৱে জনোৱা মতে, এই ক্ষেপণাস্ত্ৰটো মাগুৰা ভি ৫ মেৰিটাইম ড্ৰ’ন প্লেটফৰ্মৰ পৰা নিক্ষেপ কৰা হৈছেিল।
ধ্বংসপ্ৰাপ্ত যুদ্ধ বিমান ছুখয়-৩০, টুইন ইঞ্জিনযুক্ত যুঁজাৰু বিমানখনৰ আনুমানিক বজাৰ মূল্য ৫ কোটি ডলাৰ। ইউক্ৰেইনে দাবী কৰিছিল যে, বিমানখন “সাগৰত খুন্দা মৰাৰ পূৰ্বে বতাহৰ মাজত জুইৰ শিখাই আগুৰি ধৰিছিল।” এই ঘোষণাৰ লগত ইউক্ৰেইনৰ কৰ্তৃপক্ষই এটা ভিডিঅ’ মুকলি কৰে।