/asomiyapratidin/media/media_files/2025/03/03/Obu8gRZ120XyZbthPnny.jpg)
আমেৰিকাৰ গুৰুত্ব বুজি পাওঁ
ডিজিটেল ডেস্ক: আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাপৰ সৈতে ইউক্ৰে'ইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ শেহতীয়া বাৰ্তালাপে বিশ্বজুৰি ব্যাপক চৰ্চা লাভ কৰি থকাৰ সময়ছোৱাতে জেলেনস্কিয়ে সামাজিক মাধ্য়মত আগবঢ়াইছে এটা বিশেষ ভিডিঅ'বাৰ্তা। হোৱাইট হাউছত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে হোৱা বিতৰ্কৰ তিনিদিন পিছত সোমবাৰে (৩ মাৰ্চ) ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ অফিচিয়েল এক্স হেণ্ডেলৰ পৰা এটা ভিডিঅ’বাৰ্তা পোষ্ট কৰে। এই ভিডিঅ’টোত জেলেনস্কিয়ে আমেৰিকাৰ সহায়ৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি জোৰ দি কয়, "ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অন্ত পেলাবলৈ আমেৰিকাই হ'ব নিশ্চয় নিৰাপত্তা।" লগতে তেওঁ কয় তেওঁ কয়, “আমি আমেৰিকাৰ গুৰুত্ব বুজি পাওঁ আৰু এই যুদ্ধৰ সময়ত আমেৰিকাৰ পৰা আমি যিমানখিনি সহায় লাভ কৰিছো তাৰ প্ৰতি আমি কৃতজ্ঞ।” ইউক্ৰেইনৰ সন্দৰ্ভত লণ্ডনত ইউৰোপীয় নেতাসকলৰ সৈতে আয়োজিত এখন সন্মিলনত অংশগ্ৰহণ কৰাৰ পিছতে সুৰ সলাই এই ভিডিঅ’বাৰ্তা পোষ্ট কৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।
২৮ ফেব্ৰুৱাৰীত আমেৰিকাৰ অ’ভেল অফিচত অনুষ্ঠিত হোৱা বৈঠকত ৰাষ্ট্ৰপতি ট্ৰাম্পে যুদ্ধৰ সময়ত আমেৰিকাৰ সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ নকৰাৰ বাবে সংবাদ মাধ্যমৰ সন্মুখতে জেলেনস্কিক দিছিল ধমক। তাৰ ৩ দিনৰ পিছতে ভিডিঅ’টোত জেলেনস্কিয়ে কয় , “এনে এটাও দিন নাছিল যত আমি আমেৰিকাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা নাছিলো। আমাৰ স্বাধীনতা ৰক্ষাৰ বাবে এয়া কৃতজ্ঞতা।”
ভিডিঅ'টোত একপ্ৰকাৰে যুদ্ধসমাপ্তিৰ ইংগিত দি জেলেনস্কিয়ে কয়, “আমি কেৱল শান্তি বিচাৰো, অন্তহীন যুদ্ধ নহয়। আৰু সেইবাবেই আমি কৈছো যে ইয়াৰ বাবে নিৰাপত্তাৰ নিশ্চয়তা অতি গুৰুত্বপূৰ্ণ।”
কেৱল ইমানেই নহয়, জেলেনস্কিয়ে তেওঁৰ ভিডিঅ’বাৰ্তাত ইউক্ৰেইনৰ জনসাধাৰণক ধন্যবাদ জনাই কয়। লগতে তেওঁ ইউক্ৰেইনৰ জনসাধাৰণৰ বাবে গৌৰৱান্বিত হোৱাৰ কথাও উল্লেখ কৰে।