বিৰল দৃষ্টান্তঃ ক্ষমতাৰ প্ৰতি নাই মোহ ! ৪৫ দিনতেই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ...

britain
britain

ডিজিটেল ডেস্কঃ মূল্যবোধৰ ৰাজনীতিক লৈ সৰৱ চৰ্চা অব্যাহত আছে। বৰ্তমানৰ ৰাজনীতি কেৱল ক্ষমতা সৰ্বস্ব। এই অভিযোগ সৰ্বত্ৰে উত্থাপিত হৈছে। ৰাজনৈতিক নেতাৰ কৰ্ম কাণ্ডয়ো এই অভিযোগকে সত্য বুলি প্ৰমাণিত কৰিছে।

ক্ষমতাৰ বাবেই সকলো পৰ্যায় অতিক্ৰম কৰিবলৈও কুণ্ঠাবোধ নকৰা অসমৰ আজিৰ ৰাজনৈতিক নেতাৰ দায়িত্ববোধ আৰু সততা আজিৰ সময়ত দুৰ্লভ বুলিলেও ভুল কোৱা নহ'ব। ৰাজনীতি আৰু ৰাজনৈতিক নেতাৰ এনে নৈতিক স্খলনৰ মাজতো এক উজ্জ্বল চানেকি দাঙি দেখুৱালে ব্ৰিটেইনৰ নৱ নিৰ্বাচিত প্ৰধানমন্ত্ৰী লিজ ট্ৰাছে।

সমগ্ৰ বিশ্বতে চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰা লিজ ট্ৰাছে যি আদৰ্শ দেখুৱালে সেই আদৰ্শত মুগ্ধ হৈ বিশ্ববাসীয়ে একেমুখে ক'বলৈ বাধ্য হ'ল- ৰাজনীতিত এতিয়াও ভাল মানুহ আছে, ৰাজনৈতিক নেতাৰ দায়িত্ববোধ আছে।

ব্ৰিটেইনৰ নৱ নিৰ্বাচিত প্ৰধানমন্ত্ৰী লিজ ট্ৰাছে বৃহস্পতিবাৰে পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে। তেওঁৰ পদত্যাগৰ কাৰণ হিচাপে ব্যাখ্যা কৰিছে দেশখনৰ শোচনীয় অৰ্থৈনৈতিক অৱস্থা। প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ ৪৫ দিনৰ পিছতে তেওঁ দেশবাসীক দিয়া প্ৰতিশ্ৰুতি প্ৰদানত ব্যৰ্থ হোৱাৰ বাবেই পদত্যাগ কৰা বুলি ঘোষণা কৰিছে।

ব্ৰিটেইনৰ ইতিহাসত আটাইতকৈ কম সময়ৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰাৰ ৰেকৰ্ড সৃষ্টি কৰা লিজ ট্ৰাছে তেওঁৰ অৰ্থনৈতিক কাৰ্যসূচীয়ে ব্ৰিটেইনৰ বজাৰত অস্থিৰতাৰ সৃষ্টি কৰাৰ লগতে তেওঁৰ দল কনজাৰ্ভেটিভ পাৰ্টীৰ বহুতেই পদত্যাগ দাবী কৰিছিল।

উল্লেখ্য যে লিজ ট্ৰাছে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছতে ব্ৰিটেইনত ব্যাপক অৰ্থনৈতিক সংস্কাৰ হাতত লৈছিল। তেওঁ কৰ হ্ৰাসৰ ওপৰত সকলো নীতি প্ৰত্যাহাৰ কৰিছিল। বৃহস্পতিবাৰে এক ভাষণ আগবঢ়ায় কয় যে, যি আদৰ্শৰ বাবে নিৰ্বাচিত হৈছিল সেই আদৰ্শ পূৰণ কৰাত ব্যৰ্থ হৈছে।

তেওঁৰ চৰকাৰে অৰ্থনৈতিক নীতিৰ ওপৰত গ্ৰহণ কৰা বিপৰীত স্থিতিৰ বাবে দেশবাসীৰ ওচৰত ক্ষমাও বিচাৰিছে। লিজ ট্ৰাছৰ উপৰিও ব্ৰিটেইনৰ গৃহ সচিব চুৱেলা ব্ৰেভাৰমেনেও পদৰ পৰা পদত্যাগ কৰিছে।

লিজ ট্ৰাছৰ এই কাৰ্যৰ পিছতে এতিয়া সমগ্ৰ বিশ্বজুৰি তেওঁক প্ৰশংসা কৰিছে যদিও ব্ৰিটেইনবাসী তেওঁৰ এই কাৰ্যক লৈ একেবাৰে সন্তুষ্ট নহয়। তেওঁলোকে প্ৰধানমন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰা কাৰ্যত বিমোৰত পৰা বুলি উল্লেখ কৰি সমালোচনা আৰু কটাক্ষ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in