/asomiyapratidin/media/media_files/2025/07/08/1-2025-07-08-16-00-06.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা সমজিলাৰ ২ নং জামুগুৰি গাঁৱৰ এগৰাকী সমাজহিতৈষী ব্যক্তি, আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলৰ উত্তৰ ঢকুৱাখনা আঞ্চলিক সমিতিৰ উপদেষ্টা উজ্জ্বল চাংমাই (৫৮)ৰ সোমবাৰে বিয়লি চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।
কিছুদিন পূৰ্বে নিজৰ নিৰ্মীয়মান ঘৰৰ ওপৰৰ পৰা পৰিছিল চাংমাই। পৰৱৰ্তী সময়ত গুৰুতৰ ভাবে আহত চাংমাইক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। কিন্তু চিকিৎসাধীন অৱস্থাতে সোমবাৰে বিয়লি প্ৰায় ৬-৪৫ বজাত চাংমায়ে শেষ নিশ্বাস ত্যাগ কৰে।
পত্নী ,এজন পুত্ৰ আৰু দুগৰাকী কন্যা সহ অজস্ৰ ইষ্ট কুটুম্বক এৰি যোৱা চাংমাইৰ বিয়োগত সমগ্ৰ জামুগুৰি গাঁৱৰ লগতে উত্তৰ ঢকুৱাখনা অঞ্চলত শোকৰ ছা পৰিছে। এইগৰাকী ধৰ্মপ্ৰাণ ব্যক্তি তথা ৰাইজৰ দলৰ নিষ্ঠাবান কৰ্মীৰ আকস্মিক বিয়োগত ৰাইজৰ দলৰ নেতা বিধায়ক অখিল গগৈ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি ৰাজু ৰাজ বৰপাত্ৰ গোহাঁই, ঢকুৱাখনা জিলা সমিতিৰ সভাপতি প্ৰহ্লাদ গগৈয়ে শোক প্ৰকাশ কৰিছে।
লগতে দলৰ ঢকুৱাখনা সমষ্টি সমিতি, উত্তৰ ঢকুৱাখনা আঞ্চলিক সমিতিৰ সমূহ বিষয়ববীয়াই গভীৰ শোক প্ৰকাশ কৰে। দল আৰু সংগঠনৰ স্থানীয় নেতৃত্বই মৃতকৰ ঘৰত উপস্থিত হৈ দলীয় পতাকাৰে অক্লান্ত কৰ্মী গৰাকীক অন্তিম শ্ৰদ্ধাঞ্জলি জনাই শোকাহত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে।