/asomiyapratidin/media/media_files/2025/11/10/whatsapp-im-2025-11-10-13-27-15.jpeg)
ডিজিটেল ডেস্ক : দুখৰ মাজতো মহানগৰবাসীৰ বাবে এক সু-খবৰ । লুইতৰ পাৰক আটকধুনীয়া পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰা হৈছে । ৭ নৱেন্বৰ ২০২৫ ত বহুদিনীয়া প্ৰকল্পৰ উন্মোচন কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
ব্ৰক্ষ্মপুত্ৰৰ নদীৰ পাৰত অৱস্থিত সতী ৰাধিকা শান্তি উদ্যান তথা গুৱাহাটী প্ৰৱেশদ্বাৰ টাৰ্মিনেল আৰু ঘাট মুকলি কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বহু কেইটা কাৰ্যসূচী হাতত লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এই প্ৰকল্পৰ উন্মোচন কৰিছিল ।
উল্লেখযোগ্য যে, সতী ৰাধিকা শান্তি উদ্যান প্ৰকল্পত ব্যয় কৰিছে ৩২৭ কোটি টকা । একেদৰে গুৱাহাটী প্ৰৱেশদ্বাৰ টাৰ্মিনেল আৰু ঘাট প্ৰকল্পত ব্যয় কৰিছে ৩০৫ কোটি টকা ।
আনপিনে উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ । উজানবজাৰত অৱস্থিত এই সতী ৰাধিকা শান্তি উদ্যানত মুকলিৰ দিনটোতে লোকে লোকাৰণ্য হৈ পৰিছে । বিভিন্ন বয়সৰ লোকে ভিৰ কৰিছিল উদ্যানখনত ।
উল্লেখযোগ্য যে এই উদ্যান ছয় মাহ পৰ্যন্ত মহানগৰীবাসীৰ বাবে বিনামূলীয়া কৰি দিছে । কিন্তু মন কৰিবলগীয়া কথাটো হ'ল যে উদ্যানখন মুকলিৰ প্ৰথম দিনটোতে বহু লোকে উক্ত স্থানত খাদ্যৰ পেকেটৰ পৰা আদি কৰি বহু বস্তু পেলায় । তাৰোপৰি গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে মুকলিৰ দুদিন পিছতো সেই একেই অৱস্থা কৰি ৰাখিছে একাংশ লোকে ।
আনপিনে এই সতী ৰাধিকা শান্তি উদ্যানৰ বৈশিষ্ট্য সমূহ হৈছে : -
১. নতুন আয়ুক্ত ভৱনৰ পৰা কাছাৰী ঘাটলৈ ১.২ কি:মি: দৈঘ্যৰ উন্নত নদীৰ পাৰ
২. লুইতৰ পাৰত ১৫ মিটাৰ বিস্তৃত বীথিকা
৩. মুকলীকৈ শৰীৰ চৰ্চাৰ ব্যৱস্থা
৪. শিশুৰ বাবে খেলা ঠাইৰ ব্যৱস্থা
৫. নদীৰ পাৰৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা
৬. ৪ টা ব্যৱসায়িক ভৱন
৭. অসমৰ বিষয়বস্তু সম্বলিত ৭ খন প্ৰৱেশদ্বাৰ
আন বহু কেইটা বিষয়ৰ ওপৰতো মুখ্যমন্ত্ৰীগৰাকীয়ে অৱগত কৰে । বিশেষকৈ মহানগৰীখনক উন্নত পৰ্যায়লৈ ৰূপান্তৰ কৰাৰ প্ৰয়াস মুখ্যমন্ত্ৰীৰ ।
স্মাট চিটি ৰূপে সকলো দিশৰ পৰা গঢ় দিয়াৰ লক্ষ্য মুখ্যমন্ত্ৰীৰ ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us