কেতিয়া হ’ব বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰীক্ষাসমূহঃ জানি লওক…

কেতিয়া হ’ব বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰীক্ষাসমূহঃ জানি লওক…

author-image
asomiyapratidin
New Update
তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে ইন্টাৰনেট সেৱা বাতিলৰ সিদ্ধান্তক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ডিজিটেল ডেস্কঃ কোৰোনা সংকটৰ বাবে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰীক্ষাসমূহ চলিত বৰ্ষত সময়মতে অনুষ্ঠিত নহ'ল। কিন্তু শেহতীয়াকৈ ইউ চি জিয়ে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰীক্ষাসমূহৰ ক্ষেত্ৰত সংশোধিত গাইড লাইন জাৰি কৰে। এই নিৰ্দেশনাত কোৱা হৈছে যে, চলিত বৰ্ষৰ ৩০ চেপ্তেম্বৰৰ ভিতৰত পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব পাৰিব বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহে।

Advertisment

ইউ টি জিয়ে লগতে নিৰ্দেশনা জাৰি কৰিছে যে, বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ বাৰ্ষিক পৰীক্ষাসমূহ অনু্ষ্ঠিত কৰাটো অনিবাৰ্য। কিন্তু সকলোবোৰ পৰীক্ষা ছেপ্তেম্বৰৰ ভিতৰত অনুষ্ঠিত কৰিব লাগিব। স্থানীয় পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি ছেপ্তেম্বৰৰ ভিতৰত বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ক পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবলৈ কোৱা হৈছে। পৰীক্ষাৰ সন্দৰ্ভত ইউ চি জিয়ে পিছৰ পৰ্যায়ত অৱগত কৰাব বুলিও নিৰ্দেশনাত উল্লেখ কৰা হৈছে।

উল্লেখ্য যে, গৃহ মন্ত্ৰণালয়ৰ অনুমতি সাপেক্ষে, যোৱা ২৯ এপ্ৰিলত ইউ চি জিয়ে এক গাইড লাইন প্ৰস্তুত কৰি কৈছিল যে, জুলাইৰ ভিতৰত বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহে পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব লাগিব।