মঙলদৈ মহাবিদ্যালয়ক স্বায়ত্বশাসিত মহাবিদ্যালয়ৰ স্বীকৃতি প্ৰদান ইউ জি চিৰ

বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউ জি চি) য়ে বুধবাৰে প্ৰেৰণ কৰা এক পত্ৰত ২০২৫ - ২০২৬ বৰ্ষৰ পৰা ২০৩৪ - ২০৩৫ বৰ্ষলৈ ১০ বছৰৰ বাবে এই স্বীকৃতি প্ৰদান কৰা বুলি উল্লেখ কৰিছে।

New Update
1

ডিজিটেল সংবাদ,মঙলদৈঃ আগশাৰীৰ শিক্ষানুষ্ঠান মঙলদৈ মহাবিদ্যালয়ক বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা স্বায়ত্বশাসিত মহাবিদ্যালয়ৰ স্বীকৃতি প্ৰদানল কৰিছে। এই স্বীকৃতি প্ৰদানৰ পাছতে স্বাভাৱিকতে মহাবিদ্যালয়ৰ পৰিয়ালৰ লগতে দৰং জিলাৰ বৌদ্ধিক সমাজ উৎফুল্লিত হৈ পৰিছে।

Advertisment

বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউ জি চি) য়ে বুধবাৰে প্ৰেৰণ কৰা এক পত্ৰত ২০২৫ - ২০২৬ বৰ্ষৰ পৰা ২০৩৪ - ২০৩৫ বৰ্ষলৈ ১০ বছৰৰ বাবে এই স্বীকৃতি প্ৰদান কৰা বুলি উল্লেখ কৰিছে। মঙলদৈ মহাবিদ্যালয়ে এই স্বীকৃতি লাভ কৰাত স্থানীয় বিধায়ক বসন্ত দাসে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- এই স্বীকৃতি আমাৰ বাবে ভাল লগা স্বীকৃতি। আমি মঙলদৈ মহাবিদ্যালয়খনক স্বতন্ত্ৰ বিশ্ববিদ্যালয়লৈ উন্নীত কৰণত যিমান পাৰো চেষ্টা কৰিম বুলি তেওঁ উল্লেখ কৰে।

বিশ্ববিদ্যালয় অনুদান আয়োগৰ এনে স্বীকৃতিত মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কমলাকান্ত বৰা, মহাবিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি ৰমণীকান্ত চহৰীয়া, মঙলদৈ মহাবিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ সভাপতি আনোৱাৰ হুছেইন সম্পাদক মুকুট ৰাজ শৰ্মাৰ লগতে প্ৰাক্তন শিক্ষাৰ্থী সকল,সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি খনিন্দ্ৰ ৰাজবংশী, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উপ সভাপতি ভৱেশ কাকতি, সদৌ দৰং জিলা ছাত্ৰ সন্থা আদিয়ে আনন্দ প্ৰকাশ কৰিছে।

এই ঘোষণা হোৱাৰ পিছতে সমগ্ৰ দৰং জিলাত আনন্দৰ সোঁত বয়। বৃহস্পতিবাৰে অধ্যক্ষ গৰাকীয়ে নিজৰ আনন্দ প্ৰকাশ কৰি কয় যে, এতিয়া মঙলদৈ মহাবিদ্যালয়ত কৰ্ম মুখী শিক্ষা ব্যৱস্থা কৰাৰ সুবিধা আহিল।
অহা ১০ বছৰত কৰ্ম মুখী শিক্ষাৰ জৰিয়তে ভাল ফল দেখুৱাবলৈ তেওঁলোকে চেষ্টা কৰিব।

মহাবিদ্যালয় খনে স্বায়ত্বশাসিত মহাবিদ্যালয়ৰ মৰ্যদা লাভ কৰাত উৎফুল্লিত হৈ পৰে ছাত্র ছাত্ৰী সকল। শিক্ষা ব্যৱস্থা আৰু অধিক গতিশীল হব বুলিও তেওঁলোকে আশা কৰে। 

মঙলদৈ মহাবিদ্যালয়