Advertisment

১৫ জানুৱাৰীৰ বাবে বাতিল হোৱা ইউজিচি নেট পৰীক্ষাৰ নতুন সময়সূচী ঘোষণা...

নতুন সময়সূচী অনুসৰি এতিয়া চলিত মাহৰ ২১ আৰু ২৭ জানুৱাৰীত পৰীক্ষা অনুষ্ঠিত হ’ব। পৰীক্ষাৰ এডমিট কাৰ্ড অতি সোনকালে এনটিএ(NTA) মুকলি কৰিব বুলি অধিসূচনাত প্ৰকাশ পাইছে ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ  শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ১৫ জানুৱাৰীত অনুষ্ঠিত হ’ব লগা ইউজিচি-ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা স্থগিত ৰখাৰ সিদ্বান্ত ঘোষণা কৰিছিল । পংগল আৰু মকৰ সংক্ৰান্তি উৎযাপনৰ বাবে স্থগিত ৰখা হৈছিল পৰীক্ষা।

Advertisment

0

উল্লেখযোগ্য যে স্থগিত ৰখা দিনৰ পৰীক্ষাৰ বাবে নতুন সময়সূচী ঘোষণা কৰিছে ইউজিচি কৰ্তৃপক্ষই । নতুন সময়সূচী অনুসৰি এতিয়া ২০২৫ চনৰ ২১ আৰু ২৭ জানুৱাৰীত পৰীক্ষা অনুষ্ঠিত হ’ব। পৰীক্ষাৰ এডমিট কাৰ্ড অতি সোনকালে এনটিএ(NTA) মুকলি কৰিব বুলি অধিসূচনাত প্ৰকাশ পাইছে ।

পৰীক্ষাৰ্থীসকলৰ স্বাৰ্থত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই কেৱল ২০২৫ চনৰ ১৫ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ইউজিচি-নেট পৰীক্ষাটোহে পিছুৱাই দিয়াৰ সিদ্ধান্ত লৈছে। ১৬ জানুৱাৰীৰ পৰা পৰীক্ষাসমূহ আগৰ সময়সূচী মতেই অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰিছে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ।

অ’এমআৰ পদ্ধতিৰে সমগ্ৰ দেশৰ বিভিন্ন কেন্দ্ৰত ৮৫টা বিষয়ৰ বাবে অনুষ্ঠিত হৈছে ইউজিচি-নেট ২০২৪। ইয়াক দুটা শ্বিফটত অনুষ্ঠিত কৰা হৈছে। প্ৰথম শ্বিফটত পুৱা ৯:৩০ বজাৰ পৰা ১২:৩০ বজালৈ  আৰু দ্বিতীয় শ্বিফটত বিয়লি ৩ বজাৰ পৰা ৬ বজালৈ।

বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা প্ৰতি বছৰে জুন আৰু ডিচেম্বৰ মাহত ভাৰতীয় বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত সহকাৰী অধ্যাপক আৰু কনিষ্ঠ গৱেষণা ফেল’শ্বিপ (জে আৰ এফ)ৰ বাবে যোগ্য হ’ব বিচৰা প্ৰাৰ্থীসকলৰ বাবে অনুষ্ঠিত হয়। জে আৰ এফৰ পদৰ বাবে আবেদন কৰাসকলৰ বাবে ইউ জি চি নেট প্ৰমাণপত্ৰ তিনি বছৰৰ বাবে বৈধ। সহকাৰী অধ্যাপক পদৰ বাবে প্ৰমাণপত্ৰ আজীৱন বৈধ হিচাপে বিবেচিত হয় ।
 

ইউ জি চি