/asomiyapratidin/media/media_files/2025/01/16/fNNRBvMrvKoYSwiAHFNV.jpg)
অসম ডন বস্ক’ বিশ্ববিদ্যালয়ত উদ্যমোৎসৱ ২০২৫…
ডিজিটেল সংবাদ, গুৱাহাটী : ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ উদ্ভাৱন কোষ আৰু অখিল ভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ উদ্যোগত অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ প্ৰযুক্তি বিদ্যাপীঠত ১৬ জানুৱাৰীত ৰাষ্ট্ৰীয় ষ্টাৰ্ট আপ দিৱসৰ লগত সংগতি ৰাখি উদ্যমোৎসৱ ২০২৫ শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানটিত ভাৰতৰ ১৩ খন প্ৰতিষ্ঠানৰ ভিতৰত অসম ডন বস্ক’ বিশ্ববিদ্যালয় অন্যতম হিচাপে নিৰ্বাচিত হৈছে । এনেধৰণৰ এক ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ অনুষ্ঠানৰ আয়োজন কৰিবলৈ সুযোগ লাভ কৰাটো অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ গৱেষণা, উদ্ভাৱন আৰু ষ্টাৰ্টআপ খণ্ডৰ অগ্ৰণী প্ৰচেষ্টাৰ ফচল ।
ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসত উদযাপন কৰা এই কাৰ্যসূচীৰ মূখ্য উদ্দ্যেশ্য হৈছে- শিক্ষাৰ্থী উদ্যোগীসকলক বিনিয়োগকাৰীসকলৰ সৈতে সংযোগ কৰি উদ্যমিতাৰ ক্ষেত্ৰখনত ভাৰতবৰ্ষক আগুৱাই লৈ যোৱা । এই অনুষ্ঠানৰ লক্ষ্য হৈছে ষ্টাৰ্টআপসমূহক বিনিয়োগকাৰীৰ আগত তেওঁলোকৰ ধাৰণাসমূহ উপস্থাপন কৰাৰ সুযোগ প্ৰদান কৰা, পুঁজি সুৰক্ষিত কৰা, আৰু কৌশলগত অংশীদাৰিত্ব স্থাপন কৰা।
ইয়াৰ জৰিয়তে শিক্ষাৰ্থী উদ্যোগীসকলে আৰু উদ্ভাৱকসকলে নিজৰ নিজৰ উদ্ভাৱনসমূহ উপস্থাপন কৰাৰ লগতে বিনিয়োগকাৰীসকলৰ পৰা মেণ্টৰশ্বিপ লাভ কৰা আৰু তেওঁলোকৰ সৈতে সংযোগ স্থাপনৰ সুযোগ লাভ কৰিব । ১৬ জানুৱাৰীৰ পুৱা ৯-৩০ বজাত অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ আজাৰা প্ৰাংগনত অনুষ্ঠিত হোৱা উদ্যমোৎসৱ ২০২৫ ৰ উদ্বোধনী অনুষ্ঠানত অখিল ভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ বিশিষ্ট বিষয়াসকল ক্ৰমে সৌৰভ নিৰ্মালে, হীৰক জ্যোতি দাস আৰু পিয়ালি চক্ৰৱৰ্তীয়ে অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/media_files/2025/01/16/EsS0nfiqcen0ftYPXIJM.jpg)
সন্মানীয় বিনিয়োগকাৰী আৰু গুৰুৰ পেনেলত এইচ আই এল ডি ডিফেন্স এণ্ড এৰোস্পেচৰ সহকাৰী উপ-সভাপতি - টেক এফেয়াৰ্ছ আৰু চৰকাৰী সম্পৰ্কৰক্ষী বিষয়া বিষ্ণু প্ৰতাপ, ট্ৰেন্স ভাৰ্চুৱেল প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক বিশ্বজিৎ হাজৰিকা, এন ই ডি এফ আই ভেঞ্চাৰ কেপিটেল লিমিটেড (এন ভি চি এল)ৰ ভেঞ্চাৰ কেপিটেলিষ্ট নিকছন শৰ্মা, বিধি এনালিটিকা এল এল পিৰ প্ৰতিষ্ঠাপক সঞ্চালক পাৰ্থ প্ৰতিম বৰুৱা, এন আৰ এল আই ডি ই এশ্যনৰ মুখ্য প্ৰবন্ধক প্ৰতিম সিংহা, নৰ্থ ইষ্ট এঞ্জেলছ নেটৱৰ্কৰ সহ-প্ৰতিষ্ঠাপক নৱ বড়ো আৰু একুৱা ডাক্তৰ ছলিউচনৰ চি ই অ’ আৰু প্ৰতিষ্ঠাপক ডাঃ দেৱতানু বৰ্মন উপস্থিত থাকে ।
অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ সম উপাচাৰ্য্য ফাডাৰ যোচেফ নেল্লানাট, বিশ্ববিদ্যালয়ৰ প্ৰযুক্তি বিদ্যাপীঠৰ সঞ্চালক অধ্যাপক মনোৰঞ্জন কলিতাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰি উদ্যমিতাৰ ক্ষেত্রখনত বিশ্ববিদ্যালয়ে গুৰুত্ব আৰোপ কৰা কথা উল্লেখ কৰে । বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী তথা উদ্যমোৎসৱ ২০২৫ ৰ সমন্বয়ক অধ্যাপিকা ববি শৰ্মাই উদ্যোগীকৰণ আৰু উদ্ভাৱনক লাভান্বিত কৰাৰ ক্ষেত্ৰত অনুষ্ঠানটোৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
উল্লেখযোগ্য যে মুঠ ৩৪টা ষ্টাৰ্ট-আপে অংশগ্ৰহণ কৰা এই অনুষ্ঠানটোত ষ্টাৰ্টআপসমূহে বহনক্ষমতা, স্বাস্থ্যসেৱা, শিক্ষা, আৰু ফিনটেকৰ দৰে খণ্ডত যুগান্তকাৰী ধাৰণা উপস্থাপন কৰে । ষ্টাৰ্টআপসমূহৰ উল্লেখযোগ্য উদ্ভাৱনসমূহৰ ভিতৰত অফ-গ্ৰিড অঞ্চলৰ বাবে বিদ্যুৎমুক্ত পাম্প ৰিভাৰেট; মেডিকেপ, এটা ব্লকচেইন-সক্ষম স্বাস্থ্যসেৱা মঞ্চ আৰু স্নায়ুজনিত সমস্যাৰ বাবে সমাধান আগবঢ়োৱা আই অ টি ভিত্তিক এণ্টি-ট্ৰেমৰ বেণ্ড উল্লেখযোগ্য। ইয়াৰোপৰি নেক্সটবুল, হোমইজ, আৰু ট্ৰেভিছিছৰ দৰে ষ্টাৰ্টআপসমূহে দীৰ্ঘম্যাদী প্ৰভাৱৰ সৈতে পৰিৱৰ্তনশীল ধাৰণাৰ ওপৰত আলোকপাত কৰে ।
এই অনুষ্ঠানৰ জৰিয়তে শিক্ষাৰ্থী উদ্যোগীসকলে আৰু উদ্ভাৱকসকলে নিজৰ নিজৰ উদ্ভাৱনসমূহ উপস্থাপন কৰাৰ লগতে বিনিয়োগকাৰীসকলৰ পৰা মেণ্টৰশ্বিপ লাভ কৰা আৰু তেওঁলোকৰ সৈতে সংযোগ স্থাপনৰ সুযোগ লাভ কৰিব । উদ্যমোৎসৱ ২০২৫-এ বিশ্বৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰা আৰু উদ্ভাৱনক আগুৱাই নিয়াত ভাৰতৰ ষ্টাৰ্টআপ ইক’চিষ্টেমৰ সম্ভাৱনা প্ৰদৰ্শন কৰে বুলি জানিবলৈ দিয়ে।