/asomiyapratidin/media/media_files/2025/04/12/f8eYd3JGlqaYvO0N5K3P.jpg)
ডিজিটেল সংবাদ, জাগীৰোড : হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান ক্ষণ । ৰঙালীক আদৰণি জনোৱাৰ উদ্দেশ্যে জাগীৰোডৰ উদমাৰী নতুন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী সকলে ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে।
সেই অনুসৰি শনিবাৰে বিদ্যালয়খনত ৰঙালী আদৰণি আৰু অভিভাৱকৰ মাজত পিঠা-লাৰুৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাখন উদ্বোধন কৰে উদমাৰী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক নৱজ্যোতি নাথে ৷
বিচাৰক হিচাপে উপস্থিত থাকে বাংফৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী তৃষ্ণা মজুমদাৰ । এই প্ৰতিযোগিতাত বিদ্যালয়ৰ অভিভাৱক কল্পনা মণ্ডলে প্ৰথম, সাৰতী বিশ্বাসে দ্বিতীয় স্থান অধিকাৰ কৰে ৷
বিহুৰ লগত সংগতি ৰাখি বিহুৰ বাদ্য, সাজপাৰ, পিঠা-লাৰু, গৰু গা ধুৱাবলৈ ব্যৱহাৰ কৰা ছাট , মাহ-হালধি আদিৰ এখন প্ৰদৰ্শনীও আয়োজন কৰা হয় ৷ প্ৰদৰ্শনী উদ্বোধন কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী তৃষ্ণা গগৈয়ে ৷