উদয় আদিত্য গোস্বামীৰ সামাজিক দায়বদ্ধতা…

উদয় আদিত্য গোস্বামীৰ সামাজিক দায়বদ্ধতা…বিশ্বনাথ চাৰিআলিত কোভিড ভেকচিন ষ্ট'ৰেজ বনাবৰ বাবে শৈলজা কমাৰ্চিয়েল কনষ্ট্ৰাকচন্ প্ৰাইভেট লিমিটেডৰ

author-image
asomiyapratidin
New Update
উদয় আদিত্য গোস্বামীৰ সামাজিক দায়বদ্ধতা…

উদয় আদিত্য গোস্বামীৰ সামাজিক দায়বদ্ধতা…

Advertisment

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথ চাৰিআলিত কোভিড ভেকচিন ষ্ট'ৰেজ বনাবৰ বাবে শৈলজা কমাৰ্চিয়েল কনষ্ট্ৰাকচন্ প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক উদয় আদিত্য গোস্বামীয়ে আঢ়ৈ লাখ টকা আগবঢ়াইছে। সোমবাৰে বিশিষ্ট উদ্যোগপতি তথা সমাজকৰ্মী গোস্বামীয়ে বিশ্বনাথৰ উপায়ুক্ত প্ৰনৱ কুমাৰ শৰ্মাক সাক্ষাৎ কৰে আৰু বিশ্বনাথ জিলাৰ অতিৰিক্ত উপায়ুক্ত ড০ সূৰ্য কমল বৰাৰ হাতত আঢ়ৈ লাখ টকাৰ চেকখন প্ৰদান কৰে।

উল্লেখ্য যে প্ৰাক্তন মন্ত্ৰী তথা বিহালী সমষ্টিৰ বিধায়ক ৰণজিৎ দত্তই বিশ্বনাথ জিলাত ক'ভিড ভেকচিন মজুত কৰি ৰাখিবৰ বাবে কোনো সুবিধা নথকা হেতু সন্মুখীন হোৱা সমস্যাৰ কথা গোস্বামীক কৈছিল ।যাৰ বাবে এটা ভেকচিনৰ ষ্টৰেজ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ধনৰাশি দিবলৈ আগবাঢ়ি আহিল সামাজিক দায়বদ্ধতা থকা গড়কাপ্তানি বিভাগৰ প্ৰথম শ্ৰেণী (ক) কন্ট্ৰেক্টৰ উদয় আদিত্য গোস্বামী ।

ক্লিক কৰি পঢ়কঃ ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা কোকৰাঝাৰৰ দুই নাবালিকাৰ ঘটনা ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰাৰ দাবী…

উল্লেখ্য যে গোস্বামীয়ে ক'ভিড ১৯ৰ লগত মোকাবিলা কৰিবলৈ চলিত বৰ্ষত মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ ১১ লাখ টকা আৰু যোৱা বছৰ অসম আৰোগ্য নিধিলৈ ২১ লাখ টকা আগবঢ়াইছিল। তদুপৰি তেখেতৰ দ্বাৰা পৰিচালিত শৈলজা সংকল্প ন্যাসৰ জৰিয়তে বহু ক'ভিড ৰোগীক বিভিন্ন দিশত সহায় কৰি আহিছে ।

শেহতীয়াকৈ বিশ্বনাথ জিলাৰ দুখীয়া ৰোগীৰ বাবে এখন সকলো সুবিধা থকা এম্বুলেঞ্চ ক্ৰয় কৰিছে আৰু অতি সোনকালে ৰাইজৰ বাবে উৎসগিত কৰিব। উদয় আদিত্য গোস্বামীৰ সামাজিক দায়বদ্ধতা আৰু মহানুভৱতাক সচেতন ৰাইজে শলাগ লৈছে।