ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা কোকৰাঝাৰৰ দুই নাবালিকাৰ ঘটনা ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰাৰ দাবী…

ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা কোকৰাঝাৰৰ দুই নাবালিকাৰ ঘটনা ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰাৰ দাবী…

ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা কোকৰাঝাৰৰ দুই নাবালিকাৰ ঘটনা ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰাৰ দাবী…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা কোকৰাঝাৰৰ অভয়াকুটিত সংঘটিত হোৱা ঘটনাৰ অৱশেষত ৰহস্যভেদ হৈছে । যোৱা ১১ জুনত কোকৰাঝাৰ থানাৰ অভয়াকুটিত সংঘটিত হোৱা ভয়ংকৰ ঘটনা সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰিছে । নিজৰ টুইটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উক্ত ঘটনাটো ধৰ্ষণ আৰু হত্যা বুলি অভিহিত কৰিছে আৰু এই সন্দৰ্ভত বিটিআৰৰ আইজিপি ড° এল আৰ বিষ্ণইয়ে তেওঁক জনোৱা বুলি টুইটযোগে সদৰি কৰিছে ।

উল্লেখ্য যে দুই সম্পৰ্কীয় ভগ্নীৰ একেডাল গছতে চিপ লোৱা অৱস্থাৰ পৰা মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু ঘটনাস্থলীত যোৱা ১৩ জুনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ অতি শীঘ্ৰে প্ৰকৃত ৰহস্য ফাদিল কৰিবলৈ আৰক্ষীক নিৰ্দেশনা দিছিল । কোকৰাঝাৰ আৰক্ষীয়ে তাৎক্ষণিকভাৱে ৭ টাকৈ অভিযুক্ত অপৰাধীত গ্ৰেপ্তাৰ কৰিছিল আৰু ইয়াৰ পিছতেই আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাৱালিকাদুগৰাকী ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা বুলি টুইট কৰে ।

ইপিনে কোকৰাঝাৰ পুৱ সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰী নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁলোকে প্ৰথমৰ পৰাই উক্ত ঘটনাক হত্যাকাণ্ড বুলি সন্দেহ কৰি আহিছিল । তেওঁ নিজেই কেবাবাৰো ঘটনাস্থলী পৰিদৰ্শন কৰিছিল । কোকৰাঝাৰ আৰক্ষীয়ে অতি সোনকালে ৰহস্য উদঘাটন কৰাত কোকৰাঝাৰ আৰক্ষীক বিশেষ ধন্যবাদ জ্ঞাপন কৰিছে বিধায়ক লৰেঞ্চ ইছলাৰীয়ে ।

তদুপৰি গোচৰটো ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদানৰ পোষকতা কৰিছে বিধায়কগৰাকীয়ে । তদুপৰি মুখ্যমন্ত্ৰীয়ে উক্ত ঘটনা সন্দৰ্ভত দেখুওৱা সদিচ্ছাক কৃতজ্ঞতা জ্ঞাপন কৰি বিধায়ক লৰেঞ্চ ইছলাৰীয়ে মুখ্যমন্ত্ৰীৰ কাৰ্যক শলাগ লয় আৰু গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in