বিশিষ্ট লিখক, ইতিহাসবিদ উদয়াদিত্য ভৰালী আৰু নাই...

বিশিষ্ট লিখক, ইতিহাসবিদ, কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ- অধ্যাপক উদয়াদিত্য ভৰালী আৰু নাই। দেওবাৰে নিশা ২.৩৩বজাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট ইতিহাসবিদগৰাকীয়ে।

New Update
f071f94e-4ffa-499b-be37-bcebeeb2be89

ডিজিটেল ডেস্কঃ বিশিষ্ট লিখক, ইতিহাসবিদ, কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ- অধ্যাপক উদয়াদিত্য ভৰালী আৰু নাই।  নিশা ২.৩৩বজাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট ইতিহাসবিদগৰাকীয়ে। দীৰ্ঘদিন ধৰি শাৰিৰিক অসুস্থতাত ভুগি থকা উদয়াদিত্য ভৰালীয়ে বিচনাৰ পৰাই ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ মাত মাতি আহিছিল।

উল্লেখ কৰা প্ৰয়োজন যে, প্ৰাচীন অসমৰ ইতিহাস সম্পৰ্কে এক অভিনৱ দৃষ্টি আৰু ব্যাখ্যা দিয়াৰ ক্ষেত্ৰত  উদয়াদিত্য ভৰালী আছি অদ্বিতীয়। তেওৰ মৃত্যুত বিভিন্ন দল-সংগঠনে শোক ব্যক্ত কৰিছে। 

'অসমীয়া প্ৰতিদিন'ৰ আৰম্ভণিতে 'পৃষ্ঠভূমিৰ চিনাকি' শিৰোনামেৰে বিভিন্ন দেশৰ বিষয়ে লেখি যি আলোড়নৰ সৃষ্টি কৰিছিল তাৰ পৰৱৰ্তী কালত প্ৰতিদিনতে ’প্ৰাসংগিক পাণ্ডুলিপি’ শিতানৰে জাতীয় জীৱনৰ বহু গুৰুত্বপূৰ্ণ বিষয় তথ্যসহ যুক্তিনিষ্ঠ বিশ্লেষণৰে চিন্তাৰ নতুন বাট মোকলাইছিল ৷ 

গৰাকী সফল গল্পকাৰ হিচাপেও অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছিল অধ্যাপক গৰাকীয়ে ৷ এগৰাকী ক্ৰীড়া সংগঠক , ক্ৰীড়া বিষয়ক ব্যতিক্ৰমী লেখক হিচাপেও সুকীয়া পৰিচয় দাঙি ধৰিছিল তেও। বিশেষকৈ ইতিহাস চৰ্চাৰ ক্ষেত্ৰত ভৰালীয়ে অসমত এক নতুন দিশৰ সন্ধান দিছিল।

গুৱাহাটী