ডেৰ শতাধিক শিক্ষাৰ্থীক জীৱন গঢ়াৰ লক্ষ্যৰে উদয় আদিত্য গোস্বামীৰ প্ৰশংসনীয় পদক্ষেপ

পৰোপকাৰ আৰু মানৱপ্ৰেমৰ বাণী আওৰাই জীৱনটোক ব্যতিক্ৰমী ৰূপত উদযাপন কৰিব বিচৰা উদয় আদিত্য গোস্বামীক উদ্যোগপতি,প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ আৰু এগৰাকী বিশিষ্ট সমাজকৰ্মী হিচাপে জনা যায়।

author-image
Asomiya Pratidin
New Update
dfdf

ডিজিটেল সংবাদ,ছয়দুৱাৰ:  যান্ত্ৰিকতাই গ্ৰাস কৰি পেলোৱা আজিৰ বস্তুবাদী সমাজ ব্যৱস্থাত ব্যক্তিকেন্দ্ৰীক ধ্যান-ধাৰণা,চিন্তা চেতনাৰ মাজত যেন আবদ্ধ হৈ পৰিছে আজিৰ মানৱ সমাজ।হেৰাই গৈছে মানৱীয় প্ৰমুল্যবোধ,সামাজিক দায়বদ্ধতা,প্ৰেম, ভাতৃত্ববোধ আদি। মানুহৰ হৃদয়ৰ পৰা হৃদয়লৈ থকা মায়াময় সাঁকোডালত ক্ৰমান্বয়ে ঘূণে ধৰিবলৈ লোৱা আজিৰ এই বস্তুবাদী সমাজত ব্যতিক্ৰমী ৰূপত থিয় দি এক আদৰ্শ প্ৰতিষ্ঠা কৰিছে গহপুৰৰ এগৰাকী ব্যক্তিয়ে।এক বিশাল ব্যক্তিত্বৰ অধিকাৰী এই ব্যক্তি গৰাকীৰ নাম উদয় আদিত্য গোস্বামী।

Advertisment

পৰোপকাৰ আৰু মানৱপ্ৰেমৰ বাণী আওৰাই জীৱনটোক ব্যতিক্ৰমী ৰূপত উদযাপন কৰিব বিচৰা উদয় আদিত্য গোস্বামীক উদ্যোগপতি,প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ আৰু এগৰাকী বিশিষ্ট সমাজকৰ্মী হিচাপে জনা যায়। তেওঁৰ আন এটা বিশেষ পৰিচয় হৈছে সোলেঙীস্থ শংকৰদেৱ শিক্ষা নিকেতন,গহপুৰৰ সভাপতি। শৈক্ষিক সেৱাক জীৱনৰ ব্ৰত হিচাপে লৈ জীৱনটোক ধণ্য কৰিব বিচৰা উদয় আদিত্য গোস্বামীয়ে সদায় আৰ্থিক ভাবে পিছপৰা মেধাৱী শিক্ষাৰ্থী সকলক আৰ্থিক সকাহ দি তেওঁলোকক জ্ঞান অম্বেষণৰ হকে দি আহিছে সাহস আৰু প্ৰেৰণা।

নব্বৈ দশকৰ কথা।সেইসময়ত উদয় আদিত্য গোস্বামীয়ে গুৱাহাটীৰ বেলতলাত আৰম্ভ কৰিছিল "স্বদেশী মণ্টেশ্বৰী" নামৰ এখন শৈক্ষিক প্ৰতিষ্ঠানৰ।আৰ্থিক ভাবে পিছপৰা ছাত্র-ছাত্ৰীক শৈক্ষিক সুবিধা দিয়াৰ মহৎ উদ্দেশ্যে শিক্ষানুষ্ঠানখন খুলিছিল উদয় আদিত্য গোস্বামীয়ে।১৯৯৩ চনৰ পৰা ২০০৩ চনলৈ "অনানুষ্ঠানিক শিক্ষা প্ৰকল্প বিষয়া" হিচাপে কাৰ্য্যনিৰ্বাহ কৰা গোস্বামীয়ে তেওঁৰ চাকৰিকালৰ সমূদায় দৰমহা ব্যয় কৰিছিল স্বদেশী মণ্টেশ্বৰীত।

প্ৰায় ৮/১০ বছৰ মান শিক্ষানুষ্ঠানখন পৰিচালিত হোৱাৰ পিছত বিভিন্ন কাৰণত বন্ধ হৈ পৰে শিক্ষানুষ্ঠানখন।সেই সময়ৰে পৰা দৰিদ্ৰ পৰিয়ালৰ মেধাৱী শিক্ষাৰ্থীক আৰ্থিক ভাবে সহায় কৰা এটা মণ গঢ় লৈ উঠা উদয় আদিত্য গোস্বামীয়ে সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাত আৰম্ভ কৰিলে আৰ্থিক ভাবে পিছপৰা দৰিদ্ৰ পৰিয়ালৰ মেধাৱী শিক্ষাৰ্থীক আৰ্থিক সাহাৰ্য প্ৰদান কৰি শৈক্ষিক ক্ষেত্ৰত সাহস আৰু প্ৰেৰণা দিয়াৰ এক যোগাত্মক পদক্ষেপ।

গহপুৰৰ পৰাই তেওঁ আৰম্ভ কৰা এই পদক্ষেপ প্ৰথম অৱস্থাত ৰাজহুৱা হোৱা নাছিল যদিও পিছলৈ সফলতাৰ বাট বুটলিবলৈ সক্ষম হোৱা একাধিক শিক্ষাৰ্থীয়ে ৰাজহুৱাকৈ ক'বলৈ ল'লে উদয় আদিত্য গোস্বামীৰ অনুপ্ৰেৰণা আৰু মহানুভৱতাৰ কথা।উল্লেখযোগ্য যে-২০২০ চনত উদয় আদিত্য গোস্বামীয়ে গহপুৰ সমজিলাৰ অন্তৰ্গত সোলেঙীত প্ৰতিষ্ঠা কৰিলে শংকৰদেৱ শিক্ষা নিকেতন।সমগ্ৰ উত্তৰ অসমৰ শৈক্ষিক ক্ষেত্ৰত জিলিকি উঠা এই শংকৰদেৱ শিক্ষা নিকেতনখনো এতিয়া যেন হৈ পৰিছে দৰিদ্ৰ পৰিয়ালৰ মেধাৱী শিক্ষাৰ্থী সকলৰ বাবে আশা-ভৰসাৰ থলী।

গহপুৰৰ দক্ষিণাঞ্চলৰ ব্ৰহ্মপুত্ৰৰ কাষৰীয়া ঠুটে চাপৰিৰ এটা তেনেই দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্র চন্দ্ৰপল পাটগিৰিক শংকৰদেৱ শিক্ষা নিকেতনৰ আবাসত ৰাখি উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত বিনামূলীয়াকৈ অধ্যয়ন কৰাৰ সুবিধা কৰি দিছিল উদয় আদিত্য গোস্বামীয়ে।যি গৰাকী চন্দ্ৰপল পাটগিৰিয়ে উদয় আদিত্য গোস্বামীৰ সাহস আৰু অনুপ্ৰেৰণাত এইমছ ভুৱনেশ্বৰত এমবিবিএছ পাঠ্যক্ৰমৰ ছাত্ৰ হোৱাৰ সুবিধা লাভ কৰে।

ৰজাবাৰীৰ ধন্দীৰ এটা দৰিদ্ৰ পৰিয়ালৰ জন্মান্ধ ছাত্ৰী সুনীতা দাসো শংকৰদেৱ শিক্ষা নিকেতনৰ আবাসত ৰাখি বিনামূলীয়াকৈ পঢ়োৱাৰ ব্যৱস্থা কৰিছে উদয় আদিত্য গোস্বামীয়ে।উচ্চতৰ মাধ্যমিক কলা শাখাৰ দ্বিতীয় বৰ্ষৰ দিব্যাংগ ছাত্ৰী সুনীতা দাস যাদুকৰী কণ্ঠৰ অধিকাৰী হোৱাৰ হেতু তেওঁৰ কণ্ঠত এটি ভক্তিমূলক গীত বাণীবদ্ধ কৰি অসমব্যাপী প্ৰচাৰ কৰাৰ বাবেও ব্যৱস্থা লয় উদয় আদিত্য গোস্বামীয়ে।

ভক্তিমূলক গীতৰ জনপ্ৰিয় এলবাম শিৰোমণিত ভক্তিমূলক গীত গোৱাৰ সুবিধা কৰি দিয়া উদয় আদিত্য গোস্বামীয়ে ইতিমধ্যে তেওঁৰ প্ৰথমটো গীত মুকলি কৰিছে।গহপুৰৰ দক্ষিণাঞ্চলৰ মিছিং অধ্যুষিত এলেকাৰ এটা সাধাৰণ কৃষক পৰিয়ালৰ দিব্যাংগ ছাত্ৰী ৰাণী কামানকো বিনামূলীয়াকৈ পঢ়োৱাৰ দায়িত্ব গ্ৰহণ কৰিছে উদয় আদিত্য গোস্বামীয়ে।এখন ভৰিৰে চলা-ফুৰা কৰিব পৰা নৃত্য শিল্পী ৰাণী কামান শংকৰদেৱ শিক্ষা নিকেতনৰ আবাসত থাকি স্মাতক পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষৰ ছাত্ৰী হিচাপে অধ্যয়ন কৰি আছে তেওঁ।

এই দুগৰাকী দিব্যাংগ ছাত্ৰী সুনীতা আৰু ৰাণীৰ আদৰ আবদাৰৰ বাবে বিশেষ ব্যৱস্থাও গ্ৰহণ কৰিছে তেওঁ।একেদৰে দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্র বিহপুৰীয়াৰ কুনাল কাশ্যপ,নাৰায়ণপুৰৰ মানস প্ৰতীম গোস্বামী, গহপুৰৰ প্ৰকাশ ভূঞা,হাৱাজানৰ বলীন হাজৰিকা,বিশ্বনাথ চাৰিআলিৰ অভিজিৎ শইকীয়া,গমিৰিৰ গীতা দেৱী,জনী শৰ্মা,নাৰায়ণপুৰৰ ভাস্বতী শইকীয়া,হাৱাজানৰ কৌস্তভ কলিতা,বিহপুৰীয়াৰ প্ৰিয়াংশু বৰা, স্বপ্নদ্বীপ বৰা,লখিমপুৰৰ সুৰজ দাস,বৰগাঙৰ নয়নদ্বীপ বৰা,গোপালপুৰৰ বৰ্ষা শইকীয়াকে ধৰি আৰ্থিক ভাবে পিছপৰা বহু শিক্ষাৰ্থীক শংকৰদেৱ শিক্ষা নিকেতনৰ আবাসত ৰাখি বিনামূলীয়াকৈ পঢ়াৰ সুবিধা কৰি দিয়ে উদয় আদিত্য গোস্বামীয়ে।

ইয়াৰে একাংশই উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত উত্তীৰ্ণ হৈ এন আই টি শিলচৰত,একাংশই মেডিকেল পাঠ্যক্ৰমত আৰু একাংশই নীট আৰু ইঞ্জিনীয়াৰৰিঙৰ কছিং কৰি আছে।তদুপৰি একাংশ শিক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈ পুনৰ বিনামূলীয়াকৈ স্নাতক পাঠ্যক্ৰমৰ পাঠ গ্ৰহণ কৰি আছে।ইয়াৰে কৌস্তৱ কলিতা ষষ্ঠ শ্ৰেণীৰ আবাসীক ছাত্ৰ হিচাপে বিনামূলীয়াকৈ অধ্যয়ন কৰি আছে বিদ্যালয়খনত।

এইয়া মাত্ৰ কেইটামান উদাহৰণহে।উদয় আদিত্য গোস্বামীয়ে যোৱা প্ৰায় ১০ বছৰত গহপুৰকে ধৰি উত্তৰ পাৰৰ ডেৰ শতাধিক দৰিদ্ৰ পৰিয়ালৰ মেধাৱী শিক্ষাৰ্থীক আৰ্থিক সাহাৰ্য আৰু বিনামূলীয়া শিক্ষদানৰ মাজেৰে দিছে শৈক্ষিক অনুপ্ৰেৰণা আৰু সাহস।উল্লেখযোগ্য যে-সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত এচিএছ পদৰ বাবে যোগ্যতা অৰ্জন কৰা দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্র বৰঙাবাৰীৰ ৰুবু বৰাকো স্নাতক পাঠ্যক্ৰমৰ অধ্যয়নৰ বাবে প্ৰতিমাহে আৰ্থিক সাহাৰ্য প্ৰদান কৰিছিল উদয় আদিত্য গোস্বামীয়ে।

দৰিদ্ৰ পৰিয়ালৰ মেধাৱী শিক্ষাৰ্থী সকলক নিজ পিতৃৰ দৰে আকোৱালি লৈ জীৱন গঢ়াৰ প্ৰেৰণা দিয়া উদয় আদিত্য গোস্বামী আজিৰ সমাজৰ বাবে সচাকৈয়ে এগৰাকী ব্যতিক্ৰম আৰু অন্যন্য ব্যক্তি হিচাপে বিবেচিত হৈছে বৌদ্ধিক ৰাইজৰ মাজত।এনেধৰণে সেৱা কৰি যাবলৈ উদয় আদিত্য গোস্বামীক ভগৱানে আৰু শক্তি দিয়ক তাৰেই আশা কৰিছে শিক্ষানুৰাগী ৰাইজে।

উদয় আদিত্য গোস্বামী