/asomiyapratidin/media/media_files/2025/07/20/ap-for-web-udalguri-2025-07-20-16-16-47.jpg)
ডিজিটেল সংবাদ, ওদালগুৰি :
ওদালগুৰি চহৰৰ অম্বিকাগিৰি পথৰ নিৱাসী পিতৃ ভীম প্ৰধান আৰু মাতৃ প্ৰণিতা নেৱাৰৰ কন্যা কৃস্পিতাৰ এনে সাফল্যত সকলোৱে গৌৰৱ কৰিছে। ওদালগুৰিৰ মহৰ্ষি বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী কৃস্পিতাৰ এয়া আছিল দ্বিতীয় প্ৰচেষ্টা।
প্ৰথমবাৰ সফল নোহোৱাত পুনৰ দ্বিতীয়বাৰৰ বাবে ২০২৪ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত বাচনি পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা লাভ কৰে কৃস্পিতাই। সফলতাৰ পাছত সাংবাদিকৰ সন্মুখত মন্তব্য প্ৰদান কৰি তেওঁ কয়, "যেতিয়া আইএমচিৰ বাচনি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল, তেতিয়া মই উত্তীৰ্ণ হোৱাৰ খবৰটোৱে মোক বহুত আনন্দ দিছিল। ইয়াৰ পাছত মই মোৰ দেউতাক পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত সোধাত তেখেতে মোৰ মেডিকেল পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব বুলি কয়। পৰৱৰ্তী সময়ত মই মেডিকেল পৰীক্ষাৰ প্ৰস্তুতি সম্পন্ন কৰি উত্তীৰ্ণ হোৱাত যথেষ্ট আনন্দ পাইছিলো।"
আনকি আনন্দত চকুলো নিগৰাৰ কথা উল্লেখ কৰি ভৱিষ্যতে এগৰাকী সেনা বিষয়া হৈ দেশমাতৃৰ বাবে সেৱা আগবঢ়োৱাৰ কথা উল্লেখ কৰে। ইফালে নিজৰ জীয়ৰীৰ এনে সাফল্যত উৎফুল্লিত হৈ পৰে ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃ।
পিতৃ ভীম প্ৰধানে সাংবাদিকৰ সন্মুখত কয়, "সফলতা হোৱাৰ ক্ষেত্ৰত কৃস্পিতাই যথেষ্ট কষ্ট কৰিছে। এখন ইমান উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত নামভৰ্তিৰ সুযোগ লাভ কৰাৰ বাবে আমি নিজকে আৰু নেদেখাজনক ধন্যবাদ জনাইছো। সফলতাৰ ক্ষেত্ৰত যে ল'ৰা-ছোৱালী সমান বা ল'ৰাৰ সমানে ছোৱালীয়েও আগবাঢ়ি যাব পাৰে সেইখিনি মোৰ ছোৱালীয়ে দেখাই দিলে।
তেখেত হৈছে অসমৰ একমাত্ৰ ছাত্ৰী যিয়ে ডেৰাডুনস্থিত ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটেৰী মহাবিদ্যালয়ত নামভৰ্তিৰ সুযোগ লাভ কৰিছে।" অহা ২৬ জুলাইৰ দিনৰ ৯-৩০ বজাত নামভৰ্তি হ'বলগীয়া কৃস্পিতাৰ পৰিয়ালে ২৩ জুনত ডেৰাডুনলৈ ৰাওনা হ'ব বুলি পৰিয়ালে জানিবলৈ দিয়ে।
ছাত্ৰী হিচাপে অসমৰ ভিতৰত প্ৰথম নামভৰ্তিৰ সুযোগ লাভ কৰা কৃস্পিতাৰ এনে সাফল্যত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ লগতে বিভিন্ন দল সংগঠনে শুভেচ্ছা জ্ঞাপন কৰিছে।