/asomiyapratidin/media/media_files/2025/05/05/HhBIL9L0ofrwiGkEOAs6.jpg)
ডিজিটেল সংবাদ, ওদালগুৰি : ওদালগুৰি সন্মিলিত যুৱ সমাজৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা চতুৰ্থ বাৰ্ষিক সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতা আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ ২০২৫ৰ দেওবাৰে সামৰণি পৰে। সন্ধিয়া ৭ বজাত বিহুতলী উদ্বোধন কৰে ওদালগুৰি জিলাৰ জিলা আয়ুক্ত পুলক পাটগিৰিয়ে।
উদ্বোধনী ভাষণত জিলা আয়ুক্ত পাটগিৰিয়ে এক মুকলি পৰিৱেশত অনুষ্ঠিত এই বিহুখনক লৈ প্ৰশংসা কৰে। তেওঁ লগতে কয়, "ওদালগুৰিৰ দৰে সকলো জাতি-জনগোষ্ঠীৰ বসৱাসস্থলীত অনুষ্ঠিত বিহুখনে প্ৰকৃত অৰ্থ দাঙি ধৰিছে। এক সুন্দৰ মুকলি পৰিৱেশত অনুষ্ঠিত বিহুখনে জাতি-জনগোষ্ঠীসমূহৰ মাজৰ সমন্বয়ৰ এনাজৰীডাল অধিক সুদৃঢ় কৰাত সহায়ক হ'ব।"
ইফালে অনুষ্ঠানটোত উপস্থিত থাকি বিটিচিৰ কাৰ্যবাহী সদস্য নিলোৎ স্বৰ্গীয়াৰীয়েও সুন্দৰভাৱে অনুষ্ঠিত কৰা বিহুখনক লৈও উদযাপন সমিতিক প্ৰশংসা কৰে। উল্লেখ্য যে এইবেলি অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতা আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ ২০২৫ত উজনি-নামনিৰ ১৪টাকৈ বিহু দলৰ লগতে তিনিটা বিভিন্ন জনগোষ্ঠীৰ দল তথা দুটা আকৰ্ষণীয় দল ক্ৰমে পৌৰাণিক পেপাবাদনৰ চমকেৰে যোৰহাটৰ বৰ্হমথুৰী বিহুদল আৰু তেজপুৰ থেছপিয়ানে নিজৰ অনুষ্ঠান পৰিৱেশন কৰি কেইৱা সহস্ৰাধিক দৰ্শকক মুগ্ধ কৰে।
বিহু প্ৰতিযোগিতাৰ ফলাফলৰ অন্তত মুকলি বিহুৰ প্ৰথম পুৰস্কাৰ নগদ ৫০ হাজাৰ টকা লাভ কৰে বিশ্বনাথ আঞ্চলিক বিহু দলে, দ্বিতীয় পুৰস্কাৰ নগদ ৩০ হাজাৰ টকা লাভ কৰে ৰামদিয়াৰ জোনবাই বিহু দলে আৰু তৃতীয় পুৰস্কাৰ নগদ ২০ হাজাৰ টকা লাভ কৰে কলিয়াবৰৰ ফ্ৰেণ্ডশ্বিপ ক্লাৱ বিহুদলে। ইফালে প্ৰথম শ্ৰেষ্ঠ বিহুৱতীৰ সন্মান আজুৰি আনে ব্ৰহ্মপুত্ৰ বিহুদলে।
একেদৰে দ্বিতীয় শ্ৰেষ্ঠ বিহুৱতীৰ সন্মান আজুৰি আনে কলিয়াবৰৰ ফ্ৰেণ্ডশ্বিপ ক্লাৱ বিহুদলে। শ্ৰেষ্ঠ ঢুলীয়াৰ সন্মান লাভ কৰে ঢেকীয়াজুলিৰ ৰূপজ্যোতি আঞ্চলিক বিহুদলে, শ্ৰেষ্ঠ পেপাবাদকৰ সন্মান আজুৰি আনে গহপুৰৰ প্ৰাগজ্যোতিষ বিহুদলে, শ্ৰেষ্ঠ বিহুৱাৰ সন্মান আজুৰি আনে গুৱাহাটীৰ মঘাই বিহুদলে আৰু শ্ৰেষ্ঠ গগণাবাদকৰ সন্মান আজুৰি আনে ৰৌতাৰ অসমী বিহুদলে।
অনুষ্ঠানটোত উপস্থিত থাকে জিলা আয়ুক্ত পুলক পাটগিৰি, কাৰ্যবাহী সদস্য নিলোৎ স্বৰ্গীয়াৰী, ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ডেভিদচন দৈমাৰী, আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য দ্বিপজ্যোতি নাথ, যুৱ ছাত্ৰ পৰিষদৰ জিলা সাধাৰণ সম্পাদক পংকজ চহৰীয়া, সমাজকৰ্মী অশোক বাজাজ, মিনন মোছাহাৰী, সুনীল বসুমতাৰীৰ লগতে আন বহুতো বিশিষ্ট ব্যক্তি।