Advertisment

ওদালগুৰি প্ৰেছ ক্লাৱৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

ওদালগুৰি প্ৰেছ ক্লাৱৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱসটি সোমবাৰে ক্লাৱৰ চৌহদত পালন কৰা হয়। কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ৯-৩০ বজাত প্ৰেছ ক্লাৱৰ পতাকা উত্তোলন কৰে সভাপতি ধীৰেণ বৈশ্যই।

author-image
Asomiya Pratidin
New Update
ওদালগুৰি প্ৰেছ ক্লাৱৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

ওদালগুৰি প্ৰেছ ক্লাৱৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

ডিজিটেল সংবাদ, ওদালগুৰি : ওদালগুৰি প্ৰেছ ক্লাৱৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱসটি সোমবাৰে ক্লাৱৰ চৌহদত পালন কৰা হয়। কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ৯-৩০ বজাত প্ৰেছ ক্লাৱৰ পতাকা উত্তোলন কৰে সভাপতি ধীৰেণ বৈশ্যই।

Advertisment

পতাকা উত্তোলন কৰি প্ৰদান কৰা ভাষণত বৈশ্যই ওদালগুৰি প্ৰেছ ক্লাৱ গঠনৰ ইতিহাসৰ কথা উল্লেখ কৰে। ১০-০০ বজাত স্মৃতি তৰ্পন কাৰ্যসূচী মুকলি কৰে সাধাৰণ সম্পাদক গুণজিৎ দাসে।

তেওঁ ভাষণ প্ৰসঙ্গত প্ৰেছ ক্লাৱৰ প্ৰয়াত সদস্যসকলক সুৱৰি তেওঁলোকৰ ত্যাগৰ বৰ্ণনা কৰে। আজিৰ এই কাৰ্যসূচীত ওদালগুৰি প্ৰেছ ক্লাৱৰ বিষয়-ববীয়াসকল উপস্থিত থাকে। উল্লেখ্য যে ওদালগুৰি প্ৰেছ ক্লাৱৰ আগন্তুক অধিৱেশনখনি ফেব্ৰুৱাৰী, মাৰ্চ মাহত অনুষ্ঠিত হ'ব।

udalguri