ওদালগুৰিত স্থাপন হ'ব প্ৰদীপ নাগৰ আৱক্ষ মূৰ্তি...

সদ্যপ্ৰয়াত আদিৱাসী ছাত্ৰ নেতা প্ৰদীপ নাগক লৈ ৰাজ্যজুৰি অব্যাহত আছে শোকৰ পৰিৱেশ। ওদালগুৰিৰো বিভিন্ন প্ৰান্তত প্ৰয়াত ছাত্ৰনেতাগৰাকীক লৈ বিভিন্ন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অব্যাহত

author-image
Asomiya Pratidin
New Update
ddde

ডিজিটেল সংবাদ, ওদালগুৰিঃ  সদ্যপ্ৰয়াত আদিৱাসী ছাত্ৰ নেতা প্ৰদীপ নাগক লৈ ৰাজ্যজুৰি অব্যাহত আছে শোকৰ পৰিৱেশ। ওদালগুৰিৰো বিভিন্ন প্ৰান্তত প্ৰয়াত ছাত্ৰনেতাগৰাকীক লৈ বিভিন্ন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অব্যাহত আছে। ইয়াৰ মাজতে আজি ওদালগুৰিৰ সমাজকৰ্মী তথা ওদালগুৰি জিলা বিজেপিৰ উপ-সভাপতি মিনন মোছাহাৰীৰ উদ্যোগত প্ৰয়াত নাগলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ অৰ্থে এক অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

Advertisment

ওদালগুৰি ৰাজহুৱা দূৰ্গাপূজা মণ্ডপ চৌহদত বিয়লি প্ৰায় ৪ বজাৰ পৰা অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি বলেন্দ্ৰ ব্ৰহ্মই প্ৰয়াত ছাত্ৰ নেতাগৰাকীৰ সান্নিধ্যৰ কথা উল্লেখ কৰে। তেওঁ কয়, "প্ৰদীপ নাগৰ দৰে আদিৱাসী সংগঠনৰ হৈ মাত মতা নেতা বহু কম আছে। তেওঁ আপোচহীনভাৱে শোষিত বঞ্চিত জনগোষ্ঠীটোৰ হৈ মাত মাতি গৈছিল।

জনগোষ্ঠীটোৰ প্ৰাপ্যৰ বাবে তেখেতে নিজৰ কণ্ঠৰে দিল্লী-দিশপুৰৰ কাণ চোৱাৱলৈ সক্ষম হৈছিল।" তেখেতৰ মৃত্যত জনগোষ্ঠীটোৰ এক বৃহৎ ক্ষতি বুলি উল্লেখ কৰি ব্ৰহ্মই লগতে কয়, "বিভিন্ন ক্ষেত্ৰত প্ৰয়াত নাগৰ সৈতে সম্পৰ্ক আছিল সমাজকৰ্মী মিনন মোছাহাৰীৰ। মোছাহাৰীয়ে নাগৰ মৃত্যুত যথেষ্ট আঘাত অনুভৱ কৰিছে। বৰ্তমান মিনন মোছাহাৰীয়ে স্বাস্থ্যজনিত কাৰণত কলিকতাত আছে যদিও তাৰ পৰাই তেখেতৰ প্ৰদীপ নাগৰ বাবে কিবা এটা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে।

ফলশ্ৰুতিত ওদালগুৰি চহৰৰ যিকোনো সুবিধাজনক স্থানত প্ৰদীপ নাগৰ এটা আটকধুনীয়া আৱক্ষূৰ্তি স্থাপনৰ ইচ্ছা প্ৰকাশ কৰিছে। আদিৱাসী সংগঠনটোৰ নেতৃত্বই চহৰখনৰ যি ঠাইতে বিচাৰে তাতেই মূৰ্তিটো নিৰ্মাণ কৰা হব বুলি প্ৰকাশ কৰিছে।" কলিকতাৰ পৰা উভতি অহাৰ পাছত বিষয়টো সন্দৰ্ভত মোছাহাৰীয়ে আদিৱাসী সংগঠনৰ নেতাৰ সৈতে আলোচনা কৰিব বুলি প্ৰকাশ কৰে।

ইফালে উক্ত অনুষ্ঠানত উপস্থিত থাকি সংগঠনটোৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক ৰবিৰাম বাস্কে মোছাহাৰীৰ এই পদক্ষেপক সহাৰি জনাই সুন্দৰ পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰি পৰৱৰ্তী সময়ত আলোচনামৰ্মে স্থান নিৰ্বাচন কৰি মূৰ্তিৰ স্থান নিৰ্দ্ধাৰণ কৰিব বুলি উল্লেখ কৰে। আজিৰ এই অনুষ্ঠানত ওদালগুৰি জিলা বিজেপিৰ সাধাৰণ সম্পাদক অজয় হাজৰিকা, জিলা আছাৰ সভাপতি বাবুল পায়েককে প্ৰমূখ্যে কৰি ওদালগুৰি চহৰৰ বহু বিশিষ্ট লোক উপস্থিত থাকে।

ওদালগুৰি