ওদালগুৰিত কেওট জাতীয় পৰিষদৰ সংবাদমেল...

ওদালগুৰি সাহিত্য সভা ভৱনত সদৌ অসম কেওট জাতীয় পৰিষদে এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলখনত উপস্থিত থাকি সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি দিলীপ কুমাৰ

author-image
Asomiya Pratidin
New Update
ijjj

ডিজিটেল সংবাদ ওদালগুৰিঃ  ওদালগুৰি সাহিত্য সভা ভৱনত সদৌ অসম কেওট জাতীয় পৰিষদে এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলখনত উপস্থিত থাকি সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি দিলীপ কুমাৰ বৰাই কয়, অনুসূচিত জাতি ছাত্ৰ সন্থা, মহিলা পৰিষদ, অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদকে ধৰি প্ৰায় ১৭ টাকৈ সংগঠনে কৈ আছে যে চৰকাৰে কেওটসকলক অনুসূচিত জাতিৰ মৰ্যাদা প্ৰদান কৰাৰ পদক্ষেপ হাতত লৈছে যাক আমি মানি নল‌ও। আমাক এছচিকৰণৰ বাবে চৰকাৰে কোনো পদক্ষেপ লোৱা নাই।

Advertisment

যোৱা ১০ জুলাইত চৰকাৰী পক্ষৰ আমন্ত্ৰণমৰ্মে আমি আলোচনাত বহি আমাৰ সমস্যাসমূহৰ বিষয়ে আলোচনা কৰিছিলো। তাত এছচি সম্পৰ্কে আমি কোনো ধৰণৰ দাবীও কৰা নাছিলো বা কৰাৰ তথ্য প্ৰমাণো নাই। তাৰ পাছতো কোনো তথ্য প্ৰমাণ নোহোৱাকৈ সংবাদমেল দি সংগঠনকেইটাই বাতৰি প্ৰকাশ কৰি আছে। তেওঁলোকে আনকি কেওটসকলক নিৰ্লজ জাতি বুলিও কৈছে।

এগৰাকী নেতাই এনেধৰণৰ ভাষাৰে ভাষণ দিয়াত আমি ক্ষোভিত হৈছো। আমি তেওঁলোকক ধিক্কাৰ জনাইছো। এনে ভাষ্যক গৰিহনা দি ভৱিষ্যতে যাতে এনেধৰণৰ কাম নকৰে তাৰ বাবে সোৱৰাই দিছো। এনে বক্তব্য তেওঁলোকে এৰাই চলি ৰাজহুৱাকৈ ক্ষমা বিচাৰিব লাগে। আমাৰ সিদ্ধান্তৰ বিৰুদ্ধে তেওঁলোকে অসম বন্ধৰ লগতে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। আচলতে তেওঁলোকৰ ইতিহাসৰ জ্ঞান নাই। কৈৱৰ্তৰ পৰাই কেওঁটৰ সৃষ্টি হৈছে। পূৰ্ৱে মাটিবাৰীৰ ক্ষেত্ৰত সকলোৰে কৈৱৰ্ত লিখা আছিল।

পৰৱৰ্তী সময়তহে দাস, হাজৰিকা, বৰা ইত্যাদি উপাধিসমূহ হৈছে। গতিকে কৈৱৰ্ত আৰু কেওট কেনেকৈ বেলেগ হয়? ত্ৰিপুৰা,পশ্চিমবঙ্গৰ দৰে ৰাজ্যসমূহত যদি কেওটসকল অনুসূচিত জাতিৰ মৰ্যাদা পাব পাৰে, তেন্তে অসমত কেওটসকলক জাল কেওট, হাল কেওট কৰি হাল কেওটসকলক সাধাৰণ শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰিছে। তেওঁলোকৰ বিৰোধীতাৰে এটা প্ৰমাণ হৈছে মে অসমত কেওট নামৰ এটা জনগোষ্ঠী আছে। যিহেতু অনুসূচিত জাতিৰ মৰ্যাদি আমাৰ প্ৰাপ্য, গতিকে অসম চৰকাৰে আমাক অনুসূচিত জাতিৰ মৰ্যাদা প্ৰদান কৰিব লাগে।

যিসময়ত ৬ বছৰীয়া অসম আন্দোলনে বিদেশী বহিষ্কাৰ কৰিব নোৱাৰিলে, বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বেদখল মুক্তকৰণেৰে বিদেশী খেদাৰ প্ৰস্তুতি চলাই আহিছে, তেনে সময়ত আমি নিজৰ মাজত কাজিয়া কৰাতকৈ চৰকাৰক সহযোগহে কৰিব লাগে। কিয়নো অসম আন্দোলনত বহুতো লোক শ্বহীদ হ'ল। এনেবোৰ কামত চৰকাৰক সহযোগিতা কৰাৰ বাবে আমি ক্ষুদ্ৰ জনগোষ্ঠীবোৰ এক হব লাগে। আমি আমাৰ মাজত বিভাজন বিচৰা নাই।

দুই ককাই ভাইৰ মাজত এজনে সুবিধা লৈ আনজনক বঞ্চিত কৰাৰ লেখিয়া হৈছে কেওটসকল। তেওঁলোকে সুবিধা গ্ৰহণ কৰি আছে আৰু আমাক লাট মাৰি দিছে। এয়া কেতিয়াও সম্ভৱ নহয়। গতিকে আজি সংবাদমেলৰ যোগেদি নম্ৰভাৱে ক‌ওঁ যে পশ্চিমবঙ্গ, ত্ৰিপুৰাত যদি সকলো কেওটক অনুসূচিত জাতিৰ মৰ্যাদা দিয়ে, তেন্তে অসমত কেওটৰ মাজত ভাগ কৰি এছচিৰ পৰা কিয় বঞ্চিত কৰা হব? আমাকো এছ‌চিৰ মৰ্যাদা দিব লাগে। আমাৰ জনগোষ্ঠীৰ ৮০ শতাংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলত আছে, গতিকে আমি সংগঠনৰ নেতৃত্ব‌ই তেওঁলোকৰ কথা ভাবিব লাগিব বুলিও সংবাদমেলখনত প্ৰকাশ কৰে।

ইফালে সংবাদমেলখনত উপস্থিত থাকি সংগঠনটোৰ সম্পাদক দিলীপ ডেকাই কয়, আমি বহু বছৰ ধৰি অনুসূচিত জাতিৰ মৰ্যাদা দাবী কৰি আহিছিলো। পূৰ্ৱৰ চৰকাৰসমূহে এই দাবী গুৰুত্ব দিয়া নাছিল যদিও বৰ্তমানৰ বিজেপি চৰকাৰখনে বিষয়টো গুৰুত্ব সহকাৰে লৈ সমাধানৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকা আৰু ৰঞ্জিৎ দাসক দ্বায়িত্ব দিছে। সেইমৰ্মে মন্ত্ৰী ৰঞ্জিত দাসৰ আমন্ত্ৰণমৰ্মে আমি সভাত উপস্থিত হৈ আমাৰ সমস্যাসমূহৰ বিষয়ে অৱগত কৰো। একেখন সভাত কৈৱৰ্তসকলৰ বিষয়বৱীয়াও উপস্থিত আছিল। মন্ত্ৰীগৰাকীৰ সন্মুখত কৈৱৰ্ত আৰু কেওট দুয়োটা সংগঠনে বিভিন্ন যুক্তি দাঙি ধৰো। শেষত তেওঁলোকৰ বিষয়বৱীয়াই বিষয়টো সন্দৰ্ভত সন্মতি প্ৰদানৰ ইংগিত দিয়ে।

যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰৰ পৰাও কিবা এটা প্ৰদান কৰাৰ বাবে আমাক আশা দিছিল। ইয়াৰ পাছত কৈৱৰ্ত সমাজৰ আন সংগঠনৰ বিষয়বৱীয়াসকলে আমাক কটু সমালোচনা কৰি অনুসূচিত জাতিৰ মৰ্যাদা প্ৰদানৰ বিৰোধিতা কৰিছে। সমগ্ৰ কৈৱৰ্ত সমাজে নহয়, বৰঞ্চ সমাজখনৰ এটা গোটে আমাক বিৰোধ কৰিছে। তেওঁলোকে আমাক লৈ বেয়া মন্তব্য‌ও কৰিছে। আমি তেওঁলোকৰ পৰা এছচি বিচৰা নাই, আমি চৰকাৰৰ পৰাহে বিচাৰিছো। চৰকাৰে দিয়ে নিদিয়ে সেইটো চৰকাৰৰ কথা। কিন্তু আমি সাংবিধানিকভাৱে অনুসূচিত জাতিৰ মৰ্যাদা লাভৰ বাবে প্ৰাপ্য।

একেদৰে সংবাদমেলত উপস্থিত থাকি কেওট জাতিয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বসন্ত বৰাই কয়, যিসকল সংগঠনে আমাক এছচি প্ৰদানৰ বিৰোধিতা কৰিছে, তেওঁলোক পাবত গজা সংগঠনৰ নেতা। তেওঁলোকৰ কোনোধৰণৰ গণভিত্তি নাই। সেইবাবে তেওঁলোকে এনে ধৰণে বিৰোধিতা কৰিছে। তেওঁলোকে ইতিহাস অধ্যয়ণ কৰা প্ৰয়োজন। সেইসকল লোকে জাতি প্ৰতাৰণা কৰি অসমীয়া ভাষাক বাদ দি বঙ্গীয় ভাষাক বেছি গুৰুত্ব দিয়ে।

তেওঁলোক প্ৰকৃততে দালাল। তেওঁলোকৰ কথাত আমি থমকি নৰ‌ও। আমি এছচিৰ মৰ্যাদা চৰকাৰৰ পৰা কেনেদৰে কি প্ৰক্ৰিয়াৰে ল‌ও সেয়া আমাৰ কথা, তাত যাতে তেওঁলোকে মাথা নামাৰে। আগন্তুক দিনত এনে ধৰণে বিৰোধিতা কৰি থাকিলে ন' এছচি নো' ৰেষ্টৰ যোগেতি আন্দোলনৰ কাৰ্যসূচী হাতত লব বুলিও হুংকাৰ দিয়ে। আজিৰ এই সংবাদমেলত কেন্দ্ৰীয় সদস্য যাদৱ ডেকা, প্ৰাচুৰ্য দাস, গণেশ ডেকা, পৰেশ বৰুৱা, গৌতমজ্যোতি তালুকদাৰ আৰু মহন্ত দাস উপস্থিত থাকে।

ওদালগুৰি