/asomiyapratidin/media/media_files/2025/07/22/saaa-2025-07-22-21-02-55.jpg)
ডিজিটেল সংবাদ, ওদালগুৰিঃ সমগ্ৰ ৰাজ্যৰ লগতে আজি ওদালগুৰিতো সদৌ অসম আদিৱাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ উদ্যোগত বিভিন্ন দাবীৰে দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত দিনৰ ১১ বজাৰ পৰা ৰূপায়ণ কৰা কাৰ্যসূচীটোত হাতে হাতে প্লেকাৰ্ড লৈ ন' এছটি ন' ৰেষ্ট, আমাক জীয়াই থাকিবলৈ দিয়ক, আমাক জনজাতিকৰণ লাগিবই, এছটি আমাক লাগিবই ইত্যাদি শ্লোগান প্ৰদান কৰে।
প্ৰতিবাদী কাৰ্যসূচীটোত উপস্থিত থাকি সদৌ অসম আদিৱাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ কেন্দ্ৰীয় সম্পাদক ৰবিৰাম বাস্কেয়ে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি কয়, আজি কেন্দ্ৰীয় আছাৰ নিৰ্দেশমৰ্মে সমগ্ৰ ৰাজ্যখনৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছো। বিজেপি চৰকাৰখনে ৰাজ্যৰ সহজ সৰল আদিৱাসী লোকসকলক নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ উদ্দেশ্যে বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰি ভোট লৈ চৰকাৰ গঠন কৰে।
কিন্তু চৰকাৰ গঠনৰ পিছত তেওঁলোকে আদিৱাসীসকলক দিয়া প্ৰতিশ্ৰুতি পাহৰি যায়। ২০১৪ চনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কোকৰাঝাৰলৈ আহি অসমত বিজেপিয়ে চৰকাৰ গঠন কৰিব পাৰিলে ছমাহৰ ভিতৰত আদিৱাসীসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল। একেদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২০১৯ চনত তিনিচুকীয়াৰ আদিৱাসী মহাসভাত জনগোষ্ঠীটোৰ জনজাতিকৰণৰ কাম ৯০ শতাংশ সম্পূৰ্ণ হোৱা বুলি হাজাৰ হাজাৰ লোকৰ সন্মুখত ঘোষণা কৰি মাত্ৰ ১০ শতাংশ কাম বাকী থকা বুলি উল্লেখ কৰিছিল।
কিন্তু আজি ২০২৫ চন আহি পালে তথাপিও আদিৱাসীসকলৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া আজিকোপতি আমি দেখিবলৈ নাপালো। ২০১৯ চনত জনজাতিৰ বিধেয়কখন ৰাজ্যসভাত উত্থাপন হোৱাৰ পাছতো তাৰ ওপৰত কোনো ধৰণৰ আলোচনা নহ'ল। অসমৰ পাঁচজনীয়া মন্ত্ৰীগোটে যি প্ৰতিবেদন দাখিল কৰিব লাগিছিল সেয়া আজিলৈ দখল নকৰিলে। কিন্তু আজি আমি দুখ আৰু ক্ষোভেৰে কও যে চৰকাৰে প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দি আহিছে যদিও সেই প্ৰতিশ্ৰুতি পালনত কানসাৰ নাই।
গতিকে আজি এই ধৰ্ণাৰ জৰিয়তে চৰকাৰক দাবী জনাও যে তেওঁলোকে ২০২৬ চনৰ ভিতৰত আদিৱাসীসকলক জনজাতিকৰণ কৰক। অন্যথা আমি বিজেপি চৰকাৰক বাই বাই দিম। অসমত কংগ্ৰেছ চৰকাৰক আদিৱাসীসকলে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি গাদীচ্যুত কৰিছিলো। ঠিক তেনেদৰে বিজেপি চৰকাৰখনকো গাদীচ্যুত কৰিবলৈ বাধ্য হম। ২০২৪ চনত যেতিয়া গুৱাহাটীত ঝুমুৰ বিনন্দিনী অনুষ্ঠিত হৈছিল, তেতিয়া বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে বাগিচা অঞ্চলৰ শ্ৰমিকসকলে বসৱাসকৰা কোৱাৰ্টাৰসমূহ তেওঁলোকৰ নিজৰ নিমত দি দিব।
আনকি বনাঞ্চলত বসৱাস কৰা খিলঞ্জীয়া লোকসকলক ভূমিপট্টা প্ৰদানৰ বাবেও প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু এটা প্ৰতিশ্ৰুতিও পূৰণ কৰা নাই। গতিকে আজিৰ এই ধৰ্ণা কাৰ্যসূচীৰ দ্বাৰা আমি দাবী কৰিছো যে আদিৱাসীসকলক শীঘ্ৰে জনজাতিৰ মৰ্যাদা প্ৰদান কৰক। বনাঞ্চল, গাওঁ তথা চাহ বাগান অঞ্চলত বাস কৰা আদিৱাসীসকলক ভূমিপট্টা প্ৰদান কৰিব লাগে। নতুনকৈ উত্থাপন হোৱা ১২৫ সংশোধনী বিধেয়কত অসমৰ আদিৱাসীসকলৰ বাবে একো কথা উল্লেখ নাই।
আমি ভাবিম নেকি যে অসমত গনতন্ত্ৰ নাইকিয়া হৈ অভিযাততন্ত্ৰ চলিছে? কেৱল ধনীসকলৰ সা-সুবিধাৰ বাবে আজি চিন্তা চৰ্চা কৰা হয় নেকি? দৰিদ্ৰ শোষিত বঞ্চিতসকলৰ বাবে চিন্তা কৰাৰ সময় নোহোৱা হৈছে নেকি?" তেখেতে ৰাজ্যত গনতন্ত্ৰ ভৰিৰে মোহাৰি পেলোৱা হৈছে বুলি উল্লেখ কৰি ৰাজ্যৰ বনাঞ্চল বা জনাঞ্চলত চলি থকা উচ্ছেদ বন্ধ হব লাগে বুলিও দাবী কৰি অন্যথা আন্দোলনৰ কাৰ্যসূচী হাতত লব বুলিও হুংকাৰ দিয়ে। ইফালে ধৰ্ণা কাৰ্যসূচীত উপস্থিত থাকি জিলা আছাৰ সভাপতি বাবুল পাইকে কয়, বিজেপি চৰকাৰখনে আদিৱাসীসকলক জনজাতিকৰণৰ নামত ঠগ প্ৰৱঞ্চনা কৰি আহিছে।
তেওঁলোকে আদিৱাসীসকলক প্ৰতিশ্ৰুতি দি মন্ত্ৰী বনাই, বিধায়ক বনাই, সাংসদ বনাই কিন্তু আদিৱাসীসকলক পাহৰি যায়। বিজেপি চৰকাৰে চাহ বাগানত কৰ্মৰত শ্ৰমিকৰ হাজিৰা ৫৫১ টকালৈ বৃদ্ধি কৰাৰ কথা কৈছিল যদিও সেই প্ৰতিশ্ৰতিও পূৰণ নকৰিলে। চৰকাৰখনে কেৱল আমাক ভোটবেংক হিচাপে ব্যৱহাৰ কৰি আহিছে। গতিকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিও যে আদিৱাসীসকলক মাহীআইৰ দৃষ্টিৰে চালে আছাই কেতিয়াও সহ্য নকৰে।
১২৫ সংশোধনী বিধেয়কত অসমত বসৱাস কৰা আদিৱাসীসকলৰ জীৱন সম্পত্তি সুৰক্ষিত হব নে নাই আমি প্ৰশ্ন কৰিছো। আমাৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰাকৈ তেওঁলোকে সংশোধনী বিধেয়কখন গৃহিত কৰিব বিচাৰিছে। চৰকাৰে প্ৰতিশ্ৰুতিসমূহ দি আহিছে যদিও পালন কৰিব পৰা নাই। গতিকে আমি চৰকাৰখনক মিছলীয়া বুলি আখ্যা দিব বিচাৰিছো। আগন্তুক বিটিআৰ নিৰ্বাচনত বিজেপি চৰকাৰক এসেকনি দিয়াৰ বাবে ককালত টঙালি বান্ধিছো।
বিজেপি নেতাই বাগানে বাগানে ভোট ভিক্ষা কৰিবলৈ পল্লৱলোচন দাসকে ধৰি মন্ত্ৰী পীযুষ হাজৰিকাই বাহৰ পাতিছে। আমি তেওঁলোকক প্ৰশ্ন কৰো আমাৰ প্ৰতিশ্ৰুতি আপোনালোকে পালন কৰিব পাৰিলেনে? বাগানৰ দালাল সকলক তেওঁলোকে দ্বায়িত্ব দিয়া বুলি অভিযোগ কৰি এইবাৰ বাগানত ভোটৰ বাবে সোমালে বিজেপি নেতাসকলে পহুখেদা খাব বুলিও হুংকাৰ প্ৰদান কৰে। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত কেইৱা শতাধিক আছা কৰ্মী তথা সমৰ্থক উপস্থিত থাকে।