ডিজিটেল সংবাদ, ওদালগুৰি: ওদালগুৰিত সাংবাদিক নিগ্ৰহৰ সৈতে জৰিত দোষীক কৰায়ত্ব কৰাৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ আৰম্ভ। জিলাখনৰ সাংবাদিকসকলে বুধবাৰে ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ঘটনা অনুসৰি, যোৱা ১৭ আগষ্টত ওদালগুৰি চহৰত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দূৰ্ঘটনা। উক্ত পথ দূৰ্ঘটনাত থিতাতে নিহত হৈছিল এগৰাকী কলেজীয়া ছাত্ৰী। উক্ত দূৰ্ঘটনাটোৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা এটা ব্যক্তিগত ছেটেলাইট চেনেলৰ ওদালগুৰিৰ সাংবাদিক অজয় কলিতাক একাংশ দুৰ্বৃত্তই বাতৰি সংগ্ৰহ কৰাৰ বাবে ঘটনাস্থলীত বেয়াকৈ প্ৰহাৰ কৰিছিল।
দুৰ্বৃত্তৰ প্ৰহাৰত সাংবাদিকগৰাকীৰ ৰক্তক্ষয়ো হৈছিল। ইয়াৰ পাছত দুৰ্বৃত্তৰ বিৰুদ্ধে ভুক্তভোগী সাংবাদিকগৰাকীৰ লগতে ওদালগুৰি প্ৰেছ ক্লাব, বাৰ্তাজীৱি সংঘই পৃথকে পৃথকে তিনিখনকৈ এজাহাৰ দাখিল কৰিছিল। উক্ত এজাহাৰৰ ভিত্তিত ওদালগুৰি আৰক্ষীয়ে ১৮ আগষ্টত ৰুজু কৰিছিল এক গোচৰ। কিন্তু ঘটনা সংঘটিত হোৱাৰ চাৰিদিন পাৰ হৈ যোৱাৰ পাছতো বৰ্তমান পৰ্যন্ত আৰক্ষীয়ে সাংবাদিক আক্ৰমণকাৰী কোনো দোষীকে কৰায়ত্ব কৰিবলৈ সক্ষম নোহোৱা কাৰ্যই স্বাভাৱিকতে সাংবাদিসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্যই সমগ্ৰ ঘটনাক গৰিহনা প্ৰদান কৰি আগন্তুক দিনবোৰত যাতে এনেধৰণৰ ঘটনা সংঘটিত নহয়, তাৰ বাবে সকলো পক্ষকে অনুৰোধ জনায়। ইফালে সমগ্ৰ ঘটনাত জৰিত দোষীক কৰায়ত্ব কৰি শাস্তি প্ৰদানৰ দাবীত ওদালগুৰি প্ৰেছ ক্লাৱৰ উদ্যোগত আৰম্ভ হৈছে প্ৰতিবাদী কাৰ্যসূচী।
বুধবাৰে জিলাখনৰ সকলো সাংবাদিকসকলে ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায়। উক্ত প্ৰতিবাদী কাৰ্যসূচীত আছু, অসমীয়া যুৱ মঞ্চ আৰু গৰীয়া মৰিয়া দেশী ছাত্ৰ সন্থাই সমৰ্থন জনাই সাংবাদিকসকলৰ সৈতে ক'লা বেজ পৰিধান কৰি দুৰ্বৃত্তক কৰায়ত্ব নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। ইফালে উক্ত কাৰ্যসূচীৰ পাছতেই অহা ২৪ আগষ্টত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰা হৈছে।
ওদালগুৰি প্ৰেছ ক্লাৱৰ উদ্যোগত স্থানীয় বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰাঙ্গণত জিলাখনৰ সকলো সাংবাদিকে দুৰ্বৃত্বক কৰায়ত্ব কৰাৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰিব। ইয়াৰ পাছতো জিলা প্ৰশাসন তথা আৰক্ষীয়ে দুৰ্বৃত্তক কৰায়ত্বৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনবোৰত একাধিক গণতান্ত্ৰিক কাৰ্তসূচী গ্ৰহণ কৰিব বুলিও জানিবলৈ দিছে।