মৃত ব্যক্তিৰ নামত একাউণ্ট খুলি ধন আত্মসাৎ বেংক বিষয়াৰঃ গ্ৰেপ্তাৰ ইউকো বেংকৰ শাখা প্ৰৱন্ধক লব্ধ প্ৰতিম শইকীয়া...

দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বেংক বিষয়াজনক

author-image
Asomiya Pratidin
New Update
বিশ্বনাথ কমাৰজানত কিশোৰীৰ ৰহস্যজনক মৃত্যু...

uco bank

ডিজিটেল ডেস্কঃ বেংক বিষয়া নামিছে বক্ৰ পথেৰে ধন আহৰণ কৰাৰ পথত। কেইদিনমান পূৰ্বে গুৱাহাটীত গ্ৰাহকৰ এ টি এম ব্যৱহাৰ কৰি ধন উলিয়াই নিয়া বেংক বিষয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ঘটনাৰ পিছত এইবাৰ বেংক বিষয়াই মৃত ব্যক্তিৰ নামত একাউণ্ট খুলি ধন আত্মসাৎ কৰাত নামিছে।

Advertisment

আজি গুৱাহাটী মহানগৰ আৰক্ষীয়ে ছুপাৰ মাৰ্কেটস্থিত ইউকো বেংকৰ শাখা প্ৰৱন্ধকক ধন আত্মসাৎৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। শাখা প্ৰৱন্ধক লব্ধ প্ৰতিম শইকীয়াৰ বিৰুদ্ধে মৃত ব্যক্তিৰ নামত একাউণ্ট খুলি ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে।

দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লব্ধ প্ৰতিম শইকীয়াই মৃত কৰ্মচাৰীয়ে পাবলগীয়া ধন আত্মসাৎৰ বাবে একাউণ্টখুলি সেই ধন আত্মসাৎ কৰিছিল।

uco bank guwahati police guwahati bank froud