ধেমাজিত অসম বিধানসভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ বিধায়কৰ দল

অসম বিধান সভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ এটা দলে বুধবাৰে পুৱাৰে পৰা ধেমাজি বিভিন্ন স্থানত ৰূপায়ণ হোৱা আচঁনিসমূহ পৰিদৰ্শন কৰি ইয়াৰ কামকাজৰ অগ্ৰগতিৰ বুজ লয়৷

author-image
Asomiya Pratidin
New Update
ধেমাজিত অসম বিধানসভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ বিধায়কৰ দল

ডিজিটেল সংবাদ, ধেমাজিঃ অসম বিধান সভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ এটা দলে বুধবাৰে পুৱাৰে পৰা ধেমাজি বিভিন্ন স্থানত ৰূপায়ণ হোৱা আচঁনিসমূহ পৰিদৰ্শন কৰি ইয়াৰ কামকাজৰ অগ্ৰগতিৰ বুজ লয়৷ বিধায়ক নুৰুল হুদাৰ নেতৃত্বত অহা অসম বিধান সভাৰ সাতজনীয়া বিধায়কৰ দলটোৱে নিৰ্মীয়মাণ ধেমাজি চিকিৎসা মহাবিদ্যালয়,  বহু কোটি টকা ব্যয় সাপেক্ষে দেউৰী বিলত নিৰ্মাণ হৈ থকা ধেমাজিৰ নতুন ষ্টেডিয়াম, ৮ কোটি টকা ব্যয় সাপেক্ষ ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিৰ্মীয়মাণ আচঁনি,  বাটঘৰীয়াত ইতিমধ্যে নিৰ্মাণ হোৱা জলজীৱন মিছনৰ কোটি টকীয়া আচঁনি,  ধেমাজি খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ সমীপত থকা পেলনীয়া প্লাষ্টিক ব্যৱস্থাপনাৰ গোটৰ কাম,  এটা আদৰ্শ অঙ্গণবাড়ী কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য্য, ধেমাজি তেলিজানৰ পৰা মাছখোৱা-ঢকুৱাখনালৈ নিৰ্মাণ হৈ থকা অসম মালাৰ আঁচনিৰ কাম,  ধেমাজি জল সম্পদ বিভাগৰ দ্বাৰা নিৰ্মীয়মাণ কুমতীয়া মথাউৰি আদি পৰিদৰ্শন কামৰ অগ্ৰগতিকে ধৰি আনুসাংগিক বিষয়সমূহ পৰিদৰ্শন কৰে। 

Advertisment

WhatsApp Image 2025-07-30 at 8.48.03 PM

তাৰোপৰি বিধায়কৰ দলটোৱে  ধেমাজিৰ যুৱক সঞ্জীৱ বৰুৱাই কৃষি বিভাগৰ জৰিয়তে লেলুৱনী গাঁৱৰ নিজা ভূমিত স্থাপন কৰা পলি হাউছৰ তিয়হ, বিলাহীৰ খেতিও পৰিদৰ্শন কৰে। উল্লেখ্য যে কৃষি বিভাগৰ উদ্যান শস্য শিতানত ৫০ শতাংশ ৰাজ সাহায্য লৈ ৩১ লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰা এই পলি হাউছৰ তিয়হৰ সোৱাদ ললে বিধায়কৰ দলটিয়ে৷ 

WhatsApp Image 2025-07-30 at 8.48.04 PM

পি এ চি কমিটিখনৰ বিধায়কৰ দলটিত অধ্যক্ষ নুৰল হুদাৰ উপৰিও আছিল বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ভৱেন ভৰালী,  উৎপল বৰা, কৰিমউদ্দিন বৰভূঞা,  হাফিচ বচিৰ আহমেদ আৰু আব্দুল ৰচিদ মণ্ডল।বিধায়কৰ দলটিয়ে দিনটো বিভিন্ন আঁচনিৰ কামকাজসমূহ পৰিদৰ্শনৰ অন্তত বিয়লি ৩.৩০ বজাত ধেমাজি জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে এখন সভাতো অংশগ্ৰহণ কৰে। 

WhatsApp Image 2025-07-30 at 8.54.16 PM

ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱীৰ, জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া বিতুপন নেওগ আৰু জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰা উপস্থিত থকা আলোচনা সভাত বিধায়কৰ দলটোৱে বিভাগৰ বিষয়া কৰ্মচাৰীসকলক ইতিমধ্যে জিলাখনত নিৰ্মীয়মাণ কামকাজসমূহ অতিশীঘ্ৰেই সম্পূৰ্ণ কৰি তুলিবলৈ নিৰ্দেশ দিয়ে৷

WhatsApp Image 2025-07-30 at 8.54.17 PM (1)

অসম বিধানসভা