/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/U.U.-Lalit.jpg)
ডিজিটেল ডেস্ক : উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে ২৭ আগষ্টৰ পুৱা শপত গ্ৰহণ কৰে উদয় উমেশ ললিতে। দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৰ উপস্থিতিত ইশ্বৰৰ নামত শপত গ্ৰহণ কৰি দেশৰ সংবিধান অনুসৰি আইন-শৃংখলা অটুত ৰাখি কাম কৰি যাবলৈ প্ৰতিজ্ঞাবদ্ধ হয় মুখ্য ন্যায়াধীশ ললিত। ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ বিচাৰক ৰূপে কাৰ্য্যনিৰ্বাহ কৰা ললিত উচ্চতম ন্যায়ালয়লৈ প্ৰত্যক্ষ পদোন্নতি লাভ কৰা ৬জন জ্যেষ্ঠ পৰামৰ্শদাতাৰ এজন।
মুখ্য ন্যায়াধীশ ৰূপে শপতগ্ৰহণ কৰাৰ পূৰ্বে শুক্ৰবাৰে দেশত জমা হৈ থকা গোচৰৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে। ভৱিষ্যতে এই ক্ষেত্ৰত তেখেতে অধিক খৰতকীয়া হোৱাৰ বাবে দেশৰ সৰু-বৰ সকলো আদালতলৈ আহ্বান জনায়। ইয়াৰ ওপৰিও অন্তত: এখন সাংবিধানিক বিচাৰপীঠ সমগ্ৰ বছৰটোৰ বাবে কাৰ্য্যক্ষম অৱস্থাত ৰাখিবলৈও ব্যৱস্থা হাতত ল'ব বুলি জানিব দিয়ে ললিতে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে দেশৰ উচ্চতম ন্যায়ালয়ৰ ৪৮ সংখ্যক মুখ্য ন্যায়াধীশ আছিল এন ভি ৰমণা । ২০২১ চনৰ ২৪ এপ্ৰিলৰ পৰা এই গুৰু দ্বায়িত্ব হাতত লোৱা ৰমণাইও তেখেতৰ বিদায়ী সভাত জমা থকা বৃহৎ সংখ্যক গোচৰৰ কথা উল্লেখ কৰিছিল।
আৰু পঢ়ক : বন্যাৰ্তলৈ সাহাৰ্য! নগাঁৱত ৩১৬৪ জন হিতাধিকাৰীৰ একাউন্টত সোমোৱা নাই ধন…