BFF কাণ্ডৰ পিছত আপোনাৰ ফেচবুকত GRATULAৰ কু-দৃষ্টি

BFF কাণ্ডৰ পিছত আপোনাৰ ফেচবুকত GRATULAৰ কু-দৃষ্টি

author-image
asomiyapratidin
New Update
BFF কাণ্ডৰ পিছত আপোনাৰ ফেচবুকত  GRATULAৰ কু-দৃষ্টি

ডিজিটেল ডেস্কঃ BFF কাণ্ড আপোনাৰ মনত আছে নিশ্চয়। আজিৰ পৰা প্ৰায় এবছৰ পূৰ্বে বিশ্বৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো ভাইৰেল হৈ পৰিছিল এই BFF কাণ্ড। আপোনাৰ ফেচবুক একাউণ্ট সুৰক্ষিত হৈ আছে নে হেকাৰৰ কবলত পৰিছে সেয়া নিশ্চিত কৰিব বুলি দাবী কৰি ভাইৰেল হৈ পৰিছিল এই তিনিটা শব্দ। কমেণ্ট বক্সত BFF লিখিলেই যদিহে সেউজীয়া হৈ যায় তেন্তে ৰক্ষা! ধৰি লওক যে আপোনাৰ এফ বি প্ৰফাইল সম্পূৰ্ণৰূপে সুৰক্ষিত।

Advertisment

নিজৰ এফ বি প্ৰফাইল হেকাৰৰ কবলত পৰিছে নে নাই সেয়া জানিবলৈ অধিকাংশ ফেচবুক ইউজাৰেই টাইপ কৰিছিল BFF। এতিয়া BFFৰ দিন উকলিল। এইবাৰ টাইমলাইন গৰম কৰিছে GRATULAই। এই GRATULAৰো সেই একেই দাবী, তাৰতম্য কেৱল শব্দৰ। অৱশ্যে এইবাৰ BFFতকৈও অধিক শক্তিশালী আৰু বিশ্বাসযোগ্য ৰূপত আত্মপ্ৰকাশ কৰিছে GRATULAই।

ফেচবুকৰ সহজ-সৰল ইউজাৰসকলে যাতে ওপৰে ওপৰে চকু ফুৰাইয়ে বিশ্বাস কৰিবলৈ বাধ্য হয় তাৰ বাবে এই GRATULAত সংযোগ কৰা হৈছে ফেচবুকৰ প্ৰতিষ্ঠাতা মাৰ্ক জুকাৰবাৰ্গৰ নাম আৰু ফটো। কোৱা হৈছে যে জুকাৰবাৰ্গেই সকলোকে এয়া পৰীক্ষা কৰি চাবলৈ অনুৰোধ জনাইছে। জুকাৰবাৰ্গৰ মুখত সংলাপ দি GRATULA পোষ্টটোত কৈছে যে টাইমলাইনত GRATULA বুলি লিখিলেই যদিহে ৰঙা ৰং হৈ শব্দটো পোষ্ট হয় তেন্তে আপোনাৰ একাউণ্টক লৈ চিন্তাৰ কোনো কাৰণ নাই।

এনে সুন্দৰ বৰ্ণনা দেখি প্ৰথমবাৰতে দুষ্ট চক্ৰৰ ফান্দত ভৰি দিয়ে আমাৰ সহজ-সৰল ফেচবুক ইউজাৰসকলে। আগ-পিছ একো নাভাবি টাইমলাইলনত আপলোড কৰে GRATULA।

কথা হ'ল এই GRATULAনো কি? ই হৈছে হাংগেৰী ভাষাৰ এটা শব্দ। ইয়াৰ অৰ্থ অভিনন্দন, ইংৰাজীত কংগ্ৰেচুলেশ্যন। আন যিকোনো ভাষাৰ অভিনন্দন বুজোৱা শব্দৰ দৰেকৈ এই GRATULAকো ৰঙাকৈ প্ৰদৰ্শন কৰে ফেচবুকে। ইয়াৰ সৈতে প্ৰকৃততে আপোনাৰ ফেচবুক একাউণ্টৰ সুৰক্ষাৰ কোনো সম্পৰ্ক নাই। ফেচবুকৰ হৈ পোষ্টটোত কোৱাৰ দৰে জুকাৰবাৰ্গেও কোনো নিৰ্দেশ প্ৰদান কৰা নাই।

BFF কাণ্ডৰ দৰেকৈ GRATULA কাণ্ডৰ আঁৰতো দুষ্ট চক্ৰৰ কু-অভিসন্ধি থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে চাইবাৰ বিশেষজ্ঞসকলে। সঠিক প্ৰমাণ পোৱা নগ'লেও চাইবাৰ বিশেষজ্ঞসকলে এনেধৰণৰ কোনো কমেণ্ট বা পোষ্ট নকৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। সেয়ে সাৱধান, ফেচবুক হোৱাটছএপত কিবা এটা পোষ্ট বা কমেণ্ট কৰাৰ আগতে এশবাৰ ভাবি চাওক। অন্যাথাই আপোনাৰ একাউণ্টটোক সুৰক্ষিত কৰিবলৈ গৈ বিপদত পৰাৰ সম্ভাৱনাই অধিক।