/asomiyapratidin/media/media_files/2025/01/26/OjqhClCmSo5BkOCpUGOB.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদালয়ৰ হীৰক জয়ন্তী সমাৰোহ আগন্তুক ৭,৮ আৰু ৯ ফেব্ৰুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ’ব । সংবাদমেলযোগে সদৰী কৰে উদযাপন সমিতিৰ বিষয়ববীয়াই ।
উদযাপন সমিতিৰ প্ৰধান সম্পাদক তথা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অজিত হাজৰিকাই হীৰক জয়ন্তী সমাৰোহৰ বিভিন্ন কাৰ্য্যসুচী ঘোষনা কৰি সংবাদমেলত কয় যে- ৭ ফেব্ৰুৱাৰীৰ পুৱা আয়তীসকলৰ দ্বাৰা পানী তোলা অনুষ্ঠানৰে কাৰ্যসূচী সমূহৰ পাতনি মেলা হ'ব । ৯-৩০ বজাত উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক পদ্ম হাজৰিকাই পতাকা উত্তোলন কৰাৰ পিছতে হেম বৰুৱাৰ আৱক্ষ মূৰ্ত্তিত মাল্যৰ্পন-শ্ৰদ্ধাঞ্জলি জ্ঞাপন, শ্বহীদলৈ শ্ৰদ্ধা জ্ঞাপন, নৱ নিৰ্মিত হীৰক জয়ন্তী আলোচনা কক্ষ আৰু শ্ৰেণীকোঠা উদ্বোধন, প্ৰদৰ্শনীৰ দ্বাৰ উদঘাটন ইত্যাদি কাৰ্যসূচী ৰূপায়ন কৰা হ'ব ।
সমান্তৰালভাৱে উক্ত দিনাই বিয়লি বিশিষ্ট কবি ইন্দ্ৰ প্ৰসাদ শইকীয়াৰ সভাপতিত্ব অনুষ্ঠিত হ'ব লগা সভাত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব সাদিন- প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই । ইয়াৰ পিছতে মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষক কৰ্মচাৰীৰ লগতে প্ৰয়াত সকলৰ পৰিয়ালক বিশেষ সম্বৰ্দ্ধনা জনোৱাৰ পিছত নিশালৈ অনুষ্ঠিত হ'ব কৰ্ণপৰ্ব ভাওনা প্ৰদৰ্শন।
দ্বিতীয় দিনা স্মৃতি তৰ্পণ, ন-পুৰণি ছাত্ৰ ছাত্ৰীৰ নাম পঞ্জীয়ন, ন-পুৰণি ছাত্ৰ ছাত্ৰী সমাৰোহ কাৰ্যসূচী ৰূপায়ন কৰা হ'ব । অনুষ্ঠানত মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব বিশিষ্ট চিকিৎসক ডা° অঞ্জনজ্যোতি চৌধুৰীয়ে৷ বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ যুটীয়া সচিব প্ৰাক্তন ছাত্ৰ জ্যোতি কলিতাই ।
দুপৰীয়া অনুষ্ঠিত হ’ব অন্তৰংগ আলাপ অনুষ্ঠান। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব প্ৰাক্তন ছাত্ৰী তথা বিশিষ্ট অভিনেত্ৰী ড° গায়ত্ৰী মহন্তই। উক্ত সাংস্কৃতিক অনুষ্ঠানত " চিচিংফাক" নামৰ কৌতুক গোষ্ঠী হ'ব বিশেষ আকৰ্ষণ।
হীৰক জয়ন্তী সমাৰোহৰ অন্তিম দিনৰ পুৱা বৰ্নাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব বিশিষ্ট অভিনেত্ৰী চেতনা দাসে । বিয়লি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে উদ্বোধন কৰা মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব শিক্ষা মন্ত্ৰী ডা° ৰণোজ পেগু আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্তই ।
সন্ধিয়া গৰুখুটী কৃষি প্ৰকল্পৰ অধ্যক্ষ তথা বিধায়ক পদ্ম হাজৰিকাই শুভ উদ্বোধন কৰিব লগা অন্তিম কাৰ্য্যসুচী সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউট পোষ্টৰ পৰিয়াল আৰু জনপ্ৰিয় কন্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰ গোঁহাই হ'ব বিশেষ আকৰ্ষণ।