/asomiyapratidin/media/media_files/2025/06/04/C2GhyesxllsnioDTbd1a.jpg)
ডিজিটেল ডেস্ক : অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈক আদৰাৰ নামত একাংশ লোকে ব্যক্তিগত স্বাৰ্থ পূৰণৰ চেষ্টাত ব্যস্ত হৈ পৰিছে। শেহতীয়াকৈ নগাঁৱত নগাঁও নাগৰিক সভাৰ নাম লৈ দুজনমান যুৱকে গৌৰৱ গগৈক আদৰাৰ নামত হাতত হেংদাং তুলি দিয়া বুলি চলোৱা প্ৰচাৰকলৈ সচেতন নগাঁওবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
যুৱক কেইজনে কেনেকৈ নগাঁও নাগৰিক সভাক প্ৰতিনিধিত্ব কৰিলে বুলি প্ৰশ্ন কৰিছে নগাঁৱৰ কেইবাজনো প্ৰতিষ্ঠিত ব্যক্তিয়ে। কোনো লোকে গৌৰৱ গগৈক আদৰাত বাধা নাই যদিও নগাঁও নাগৰিক সভাৰ নাম লৈ এনে কাৰ্য কৰা সকলক ইয়াৰ বাবে ক্ষমা বিচাৰিবলৈ দাবী তোলা হৈছে।
জানিব পৰা মতে, বিতৰ্কিত দুজন যুৱকৰ নেতৃত্বতে কেৱল তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে এইদৰে গৌৰৱ গগৈক আদৰণি জনাই সামাজিক মাধ্যমত ইয়াৰ প্ৰচাৰ চলোৱা হৈছে। অসমৰ অন্যতম সচেতন নাগৰিকসকলৰ বাসস্থান নগাঁও নাগৰিক সমাজে সংকটৰ সময়ত জাতি ৰক্ষাৰ বাবে সন্মুখত থিয় দি আহিছে। তেনে পৰিস্থিতিত কোনো ব্যক্তি বিশেষৰ প্ৰচাৰৰ আহিলা আৰু ক্ষুদ্ৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ এই অপপ্ৰয়াসক গৰিহণা দিছে নগাঁৱৰ ভালেমান দল- সংগঠনে।
ইতিমধ্যে কেইগৰাকীমান জনগোষ্ঠীয় যুৱতীক লৈ হাতত কংগ্ৰেছৰ পতাকা আৰু বেনাৰ ধৰি এই চক্ৰটোৱে ইয়াৰ আলোকচিত্ৰ সামাজিক মাধ্যমত বিয়পাই দিছে। তাৰ পাছতে ইয়াক কেন্দ্ৰ কৰি বিভিন্ন জনে সেই চক্ৰটোৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে। অচিৰেই এই সকল লোকে ইয়াৰ বাবে নগাঁও নাগৰিক সকলৰ ওচৰত ক্ষমা বিচাৰিবলৈও দাবী তুলিছে।
উল্লেখযোগ্য যে, নগাঁও নাগৰিক সভাৰ নামৰ কোনো সংগঠনে নাই নগাঁৱত। তেনে এক সংগঠন থাকিলে নগাঁৱৰ সকলো শ্ৰেণীৰ লোকক প্ৰতিনিধিত্ব কৰিব পৰা বিশিষ্ট লোকসকলৰ উপস্থিতি বাঞ্চনীয় আছিল। কিন্তু নগাঁৱৰ প্ৰতিষ্ঠিত আৰু চিনাকি লোকৰ অনুপস্থিতিত বৰা উপাধিধাৰী দুই যুৱকৰ পৃষ্ঠপোষকতাত এইদৰে গৌৰৱ গগৈক আদৰণি জনোৱাৰ নামত বহুৱালি কৰা হৈছে।
ইফালে তেওঁলোকে গৌৰৱ গগৈৰ হাতত হেংদাং তুলি দিয়া বুলি প্ৰচাৰ চলাই এখন তৰোৱালহে কংগ্ৰেছ নেতাজনক অৰ্পণ কৰাৰ কাৰ্যই আহোম জনগোষ্ঠীসকলৰ চিন্তা- চেতনাত আঘাত হনা বুলিও আহোম সংগঠনৰ নেতৃত্বই অভিযোগ তুলিছে। অচিৰে এই দুই যুৱকে এনে কাৰ্যৰ বাবে ক্ষমা নুখুজিলে আইনৰ কাষ চপাৰো চিন্তা কৰিছে বুলি জানিব পৰা গৈছে।