/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/edf5d5c8-6004-4b72-a25e-30a0345ce798/agranii.jpg)
agrani khabar
ডিজিটেল সংবাদ, জামুগুৰিহাট : দুই বন্যপ্ৰাণীপ্ৰেমী যুৱকৰ প্ৰচেষ্টাত জামুগুৰিহাটৰ তৌভঙাত উদ্ধাৰ হৈছে দুষ্প্ৰাপ্য শামুক ভঙা চৰাই। যুৱক দুজনৰ হৈছে- চলমান পগাগ আৰু মুকেশ লিংকু।
দুয়োগৰাকীয়ে আঘাতপ্ৰাপ্ত শামুক ভঙা চৰাইটো চটফটাই পৰি থকা দেখি আলফুলে উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা প্ৰদান কৰে ৷ পিছত তেওঁলোকে ডিপলোঙা আঞ্চলিক বন বিষয়াক খবৰ দি বন বিভাগৰ লোকক চমজাই দিয়ে ৷
আঘাতপ্ৰাপ্ত শামুক ভঙা চৰাইটো বনবিভাগৰ লোকসকলে নি পশু চিকিৎসকৰ জৰিয়তে উন্নত চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰে। ইয়াৰ পাছত চৰাইটো সুস্থ হৈ উঠিলে কাজিৰঙাৰ ষষ্ঠ সংযোজন এলেকাৰ বনাঞ্চলত মুকলি কৰি দিব বুলি বন বিভাগে জানিবলৈ দিছে ৷
উল্লেখযোগ্য যে প্ৰকৃতি প্ৰেমী তথা বন্যপ্ৰাণী প্ৰেমী যুৱকদ্বয়ৰ এনে মহানতাক প্ৰকৃতিপ্ৰেমী সংগঠন ও পক্ষীপ্ৰেমী ৰাইজে আদৰনী জনাই একমুখে ভূয়সী প্ৰশংসা কৰিছে৷
Also Read: দীপাৱালীৰ প্ৰাকক্ষণত লামডিঙত কেইবালাখ টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us