বনভোজ খাবলৈ যোৱা দুই যুৱকৰ নাও ডুবি সলিল সমাধি...

বনভোজ খাবলৈ যোৱা দুই যুৱকৰ নাও ডুবি সলিল সমাধি...
বনভোজ খাবলৈ যোৱা দুই যুৱকৰ নাও ডুবি সলিল সমাধি...

ডিজিটেল সংবাদ বোকাখাতঃ গোলাঘাট জিলাৰ কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ৰোহিতাৰ ভলুকাগুৰি ফেৰিঘাটৰ সমীপৰ ব্ৰহ্মপুত্ৰ বালিচৰত বনভোজ খাবলৈ গৈ দুজন যুৱকৰ সলিল সমাধি হোৱাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । উল্লেখযোগ্য যে কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বনগাঁৱৰ পৰা কেইবাজনো স্থানীয় যুৱক বনভোজ খাবলৈ ৰোহিতা চাপৰিৰ ব্ৰহ্মপুত্ৰ বালিচৰলৈ গৈছিল।

আজি প্ৰায় আবেলি ৪ বজাত বনভোজৰ আনন্দ উল্লাসৰ মাজতে চাৰিজন যুৱকে ব্ৰহ্মপুত্ৰৰ এটা এৰা সুঁতিত এখন টুলুঙা নাঁৱত উঠি পাৰাপাৰ হ'বলৈ চেষ্টা কৰোতেই হঠাৎ নাওখন ডুবি যায় । নাওখনত থকা দুজন যুৱক সাঁতুৰি পাৰলৈ আহিবলৈ সক্ষম হয় যদিও আন দুজন যুৱক সন্ধানহীন হৈ পৰে ।

পৰৱৰ্তী সময়ত দুজন যুৱক ব্ৰহ্মপুত্ৰ পানীত সন্ধানহীন হোৱাত অঞ্চলটোত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় । ঘটনাৰ সন্দৰ্ভত স্থানীয় ৰাইজে জানিব পাৰি লগে লগে আৰক্ষীক খবৰ দিয়ে ।

ঘটনাস্থলীত ততাতৈয়াকৈ কমাৰগাঁও আৰক্ষী উপস্থিত হয় আৰু ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে । ইফালে ব্ৰহ্মপুত্ৰ এৰা সুঁতিত নাও দুৰ্ঘটনাত সন্ধানহীন হোৱা দুই যুৱক ক্ৰমে ৰঞ্জন মিৰ্ধা(৩৭) আৰু বিনোদ চাহু (মুন্না)(৩২) মৃতদেহ স্থানীয় ৰাইজে আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

ইয়াৰ মৃত ৰঞ্জন মিৰ্ধা বনগাঁও গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ দায়িত্বত আছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে । ইফালে সৰবৰাহী দুই যুৱকৰ অকাল মৃত্যুত এতিয়া সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in