/asomiyapratidin/media/media_files/2025/04/29/PzTji2q0RO36SxUCfdEn.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ : কোকৰাঝাৰৰ দুই যুৱকে সামাজিক মাধ্যমত পাকিস্তানৰ সমৰ্থনত বিতৰ্কিত লেখা লিখি গ্ৰেপ্তাৰ হোৱা ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা যুৱকদুজন হ'ল ক্ৰমে দোতমা থানাৰ অন্তৰ্গত ব্ৰজখাল গাঁৱৰ বাসিন্দা মনিৰুজ আলী শেখ আৰু ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত টেকেৰখাতা গাঁৱৰ নজৰুল ইছলাম (২৩)।
উল্লেখ্য যে যুৱক দুজনে নিজা ফেচবুক একাউণ্টত ‘I Love Pakistan’ বুলি লিখাৰ লগতে পাকিস্তানৰ সমৰ্থনত আন কেবাশাৰী বাক্যও লিখিছিল। বিষয়টো আৰক্ষীৰ দৃষ্টিগোচৰ হোৱাত দুয়োকে গ্ৰেপ্তাৰ কৰে আৰু স্বাস্থ্য পৰীক্ষাৰ অন্তত দুয়োকে জে’ললৈ প্ৰেৰণ কৰে।
ইয়াৰে মনিৰুজ আলী শেখক আৰক্ষীয়ে কালি নিশা গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে নজৰুল ইছলামক ২৭ এপ্ৰিলৰ দিনা গ্ৰেপ্তাৰ কৰিছিল। উল্লেখ্য যে পেহেলগামৰ ঘটনাৰ পিছত পাকিস্তানৰ সমৰ্থনত ছ’ছিয়েল মিডিয়াত লিখি ৰাজ্যৰ দুই ডজনতকৈ অধিক লোকে ইতিমধ্যে গ্ৰেপ্তাৰবৰণ কৰিছে যদিও তৎসত্বেও একাংশ লোকে এতিয়াও পাকিস্থানৰ প্ৰতি ছ’ছিয়েল মিডিয়াত নিজৰ সমৰ্থন প্ৰকাশ কৰি আহিছে।
তেনে দেশদ্ৰোহী লোকক আৰক্ষীয়ে প্ৰতিদিনে গ্ৰেপ্তাৰ কৰিয়েই আছে । কোকৰাঝাৰতো দুই যুৱক পাকিস্তানক সমৰ্থন কৰি গ্ৰেপ্তাৰ হোৱা ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।