কাশিকোত্ৰাত হিন্দু নাবালিকাক ফুচুলাই লৈ যোৱাৰ অভিযোগত দুই যুৱকক আটক

শুকুৰবাৰে চিদলীৰ কাশিকোত্ৰাত দুজনী হিন্দু নাবালিকাক ফুচুলাই মটৰচাইকেলত তুলি লৈ যোৱাৰ সময়ত ৰাইজে হাতে-লোটে ধৰি দুই মুছলমান যুৱকক আটক কৰি আৰক্ষীৰ হাতত গতাই দিয়াৰ ঘটনা সংঘটিত হয়।

author-image
Asomiya Pratidin
New Update
314

ডিজিটেল সংবাদ, চিৰাং : শুকুৰবাৰে চিদলীৰ কাশিকোত্ৰাত দুজনী হিন্দু নাবালিকাক ফুচুলাই মটৰচাইকেলত তুলি লৈ যোৱাৰ সময়ত ৰাইজে হাতে-লোটে ধৰি দুই মুছলমান যুৱকক আটক কৰি আৰক্ষীৰ হাতত গতাই দিয়াৰ ঘটনা সংঘটিত হয়। স্থানীয় লোকে সদৰী কৰা মতে আজি বিয়লিৰ ভাগত চিদলী থানাৰ অন্তৰ্গত কাশিকোত্ৰা সাপ্তাহিক বজাৰ সমীপত বাসুগাঁও-কাশিকোত্ৰা সংযোগী পথত দুজন অচিনাকী মটৰচাইকেল আৰোহী যুৱকে দুজনী নাবালিকাক লগত লৈ ঘুৰি আছিল ।

Advertisment

মটৰচাইকেল আৰোহী যুৱক দুজনৰ মুখাবয়ৰ বিপৰীতে কিশোৰী দুগৰাকীৰ মুখাবয় জনজাতীয় লেখীয়া দেখি স্থানীয় লোকে তেওঁলোকক লক্ষ্য কৰি আছিল । যুৱক দুজনৰ লগতে কিশোৰী দুজনীৰ সন্দেহজনক চালচলন দেখি স্থানীয় লোকে তেওঁলোকক ৰখাই সোধাপোছা আৰম্ভ কৰে ।

সোধাপোছা কৰাত পোহৰলৈ আহে যে মটৰচাইকেল আৰোহী দুজন মুছলমান সম্প্ৰদায়ৰ, বিপৰীতে কিশোৰী দুজনী সুত্ৰধৰ জনগোষ্ঠীৰ । কিশোৰী দুজনীৰ ঘৰ চিৰাং জিলাৰ কাজলগাঁও থানাৰ ডাংতল আৰক্ষী চকীৰ অন্তৰ্গত এলেকাত ।

আনপিনে ৰাইজে আটক কৰা যুৱক দুজনৰ নাম ক্ৰমে বঙাইগাঁও জিলাৰ পশ্চিম ভাদ্ৰাগাঁৱৰ আহমেদ আলী (২৫) আৰু গোৱালপাৰাৰ আছাদ মেহমুদ ছিদ্দিকী (২৭) বুলি জানিব পৰা গৈছে । তাৰে একাংশ উত্তেজিত লোকে যুৱক দুজনক মাৰপিট কৰিবলৈ উদ্যত হয় যদিও সেই সময়ত ঘটনাস্থলীত উপস্থিত হোৱা সাংবাদিকৰ তৎপৰতাত ৰক্ষা পৰে ।

পিছত পৰিস্থিতি অধিক অৱনমিত হোৱাৰ আগেয়ে সংবাদ মাধ্যমৰ লোকে চিদলী থানাৰ আৰক্ষীক অৱগত কৰে । খবৰ লাভ কৰি আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ যুৱক দুজনক আটক কৰে কিন্তু তাৰ মাজতেই ১৭ বছৰীয়া কিশোৰীজনীয়ে প্ৰস্ৰাৱ কৰাৰ ছলেৰে তাৰ পৰা পলায়ন কৰে ।

প্ৰায় আধা ঘণ্টা সময় স্থানীয় ৰাইজ আৰু আৰক্ষীৰ লোকে অনুসন্ধান চলাই প্ৰায় ডেৰ কিলোমিটাৰ নিলগত ভয় আতংকগ্ৰস্ত অৱস্থাত কিশোৰীগৰাকীক কৰায়ত্ব কৰিবলৈ সক্ষম হয় । তাৰ পিছত সাংবাদিকসকলে ঘটনা সন্দৰ্ভত কাজলগাঁৱৰ জিলা শিশু সুৰক্ষা বিষয়াক অৱগত কৰে ।

ইয়াৰ পাছতে চিদলী থানাৰ আৰক্ষীয়ে কিশোৰী দুজনীক কাজলগাঁৱত চাইল্ড লাইন অফিচত গতাই দিয়ে । ইপিনে আৰক্ষীয়ে আটকাধীন যুৱক দুজনক সোধাপোছা চলাই আছে । এই ঘটনা সন্দৰ্ভত সদৌ সুত্ৰধৰ ছাত্ৰ সন্থাৰ সভাপতি লক্ষ্মীকান্ত সুত্ৰধৰে উদ্বেগ প্ৰকাশ কৰি কয় যে এইধৰণৰ ঘটনা সহজভাৱে মানি লৱ নোৱাৰি।

দুখীয়া ঘৰৰ নাবালিকা দুজনীক ঘৰৰ অভিভাৱকৰ অজ্ঞাতে ফুচুলাই মটৰচাইকেলত তুলি ৰিজৰ্টত লৈ যোৱাৰ উদ্দেশ্য কি থাকিব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰে। ঘৰৰ পৰা ফুচুলাই লৈ যোৱা যুৱক দুজনৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ দাবী উত্থাপন কৰে।

kajalgaon