/asomiyapratidin/media/media_files/2025/06/15/xxKCzCKsYUHSDaWUQy5N.jpg)
পৰ্বতঝোৰাৰ কাজিগাঁও আৰক্ষীৰ জালত দুই নাৰী সৰবৰাহকাৰী
ডিজিটেল সংবাদ,পৰ্বতঝোৰাঃ পৰ্বতঝোৰাৰ কাজিগাঁও আৰক্ষীৰ জালত পৰিল কুখ্যাত নাৰী সৰবৰাহকাৰী। কাজিগাঁও আৰক্ষীয়ে অভিযান চলাই মহিলাসহ দুজন নাৰী সৰবৰাহকাৰীক আটক কৰে।
ধৃত নাৰী সৰবৰাহকাৰী দুজন ক্ৰমে দেৱোত্তৰ খোপাতি গাঁওৰ মালেক মণ্ডল আৰু মদাতি দ্বিতীয় খণ্ডৰ লাল ভানু। উল্লেখযোগ্য যে, মালেক মণ্ডলে নিজ ভতিজীকে বহিঃ ৰাজ্যত বিক্ৰী কৰাৰ চেষ্টা কৰিছিল। নাৰী সৰবৰাহকাৰী মালেক মণ্ডলে লাল ভানুৰ সহযোগত দেৱোত্তৰ খোপাতি গাঁওৰ দুজনী নাবালিকাক বহিঃ ৰাজ্যত নাৰী দেহ ব্যৱসায় চক্ৰত বিক্ৰী কৰাৰ চেষ্টা চলাইছিল। পৰৱৰ্তী সময়ত পৰিয়ালৰ এজাহাৰ ভিত্তিত কাজিগাঁও আৰক্ষীয়ে নাবালিকা দুগৰাকীক পশ্চিম বংগ জলপাইগুড়িত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।
দীৰ্ঘদিনৰ পৰাই এই নাৰী সৰবৰাহকাৰী দুজন পলাতকলৈ হৈছিল। পিছে ঈদত ঘৰত অহাৰ খবৰ পাই আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। নাৰী সৰবৰাহকাৰী জনক কাজীগাঁও আৰক্ষীয়ে কোকৰাঝাৰ জিলা সত্ৰ ন্যায়ালয়লৈ প্ৰেৰণ কৰে।