তিনিদিনৰ ব্যৱধানত দুটাকৈ বনৰীয়া হাতীৰ মৃত্যুঃ খাদ্যত বিহ মিহলাই দিয়াৰ সন্দেহ

বিটিচিৰ বনবিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ গৃহ সমষ্টি তথা চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত দেউশ্ৰী-শান্তিপুৰ এলেকাত হাতী-মানুহ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।

author-image
Asomiya Pratidin
New Update
তিনিদিনৰ ব্যৱধানত দুটাকৈ বনৰীয়া হাতীৰ মৃত্যুঃ খাদ্যত বিহ মিহলাই দিয়াৰ সন্দেহ

ডিজিটেল সংবাদ, চিৰাং:  বিটিচিৰ বনবিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ গৃহ সমষ্টি তথা চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত দেউশ্ৰী-শান্তিপুৰ এলেকাত হাতী-মানুহ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা নিস্তাৰ পাবলৈ জীৱশ্ৰেষ্ঠ মানুহৰ দ্বাৰা অমানৱীয় বনৰীয়া হাতী হত্যা কৰাৰ ঘটনা সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ।

Advertisment

ৰুণীখাতা ৰেঞ্জৰ চিৰাং-ৰিপু সংৰক্ষিত বনাঞ্চলৰ ওচৰা ওচৰি দুটা পৃথক পৃথক ঠাইত দুজনী বনৰীয়া মৃতদেহ উদ্ধাৰ হয় । মাত্ৰ তিনিটা দিনৰ ব্যৱধানত অঞ্চলটোত দুজনী বনৰীয়া মাইকী হাতীৰ ৰহস্যজনক ভাবে মৃত্যু মুখত পৰাৰ পিছত সমগ্ৰ ঘটনাৰ আৰঁত হাতী-মানুহৰ সংঘাতৰ বিষয়টো বিশেষ ভাবে চৰ্চিত হৈছে ।

শনিবাৰ দিনা ৰুণীখাতা ৰেঞ্জৰ দেউশ্ৰী - দাদগিৰিৰ চিৰাং-ৰিপু সংৰক্ষিত বনাঞ্চলত প্ৰথমে এজনী মাইকী হাতীৰ মৃতদেহ উদ্ধাৰ হৈছিল। আজি বনবিভাগৰ পশু চিকিৎসকৰ এটা দলে মৃত হাতীজনীৰ মৰণোত্তৰ পৰীক্ষা সমাপ্ত কৰি মৃতদেহ পুতি থকাৰ সময়তে বনবিভাগৰ লোকে খবৰ লাভ কৰে যে উক্ত সংৰক্ষিত বনাঞ্চলৰ লাউখীগুৰী গাঁৱৰ নিজলা নৈৰ পাৰত আন এজনী বনৰীয়া মাইকী হাতী পৰি থকাৰ তথ্য লাভ কৰে।

তাৰ পৰাই বনবিভাগৰ দলে চিকিৎসকক লগত লৈ ঘটনাস্থলীত উপস্থিত হয়। তেতিয়াও নৈৰ পাঁৰত পৰি থকা হাতী জনীৰ মৃত্যু হোৱা নাছিল । চিকিৎসকৰ দলে হাতীজনীক বচোৱাৰ বাবে চিকিৎসা আৰম্ভ কৰাৰ সময়তে হাতী জনীৰ মৃত্যু হয় ।

বনবিভাগৰ পশু চিকিৎসক ডাঃ প্ৰভাত বসুমতাৰী অসমীয়া প্ৰতিদিনৰ আগত সদৰি কৰা মতে প্ৰাথমিক তদন্তত দুয়োটা হাতীৰ শৰীৰত বিহ জাতীয় সামগ্ৰীৰ উপস্থিতি ধৰা পৰিছে । তেওঁৰ সন্দেহ অঞ্চলটোত ক্ৰমবৰ্দ্ধিত হাতী-মানুহৰ সংঘাতৰ বাবেই হয়তো কোনো লোকে হাতীৰ উপদ্ৰৱৰ পৰা নিস্তাৰ পাবলৈ বিহ মিলোৱা খাদ্য হাতীক যোগান ধৰিছিল ।

যি খাদ্য খোৱাৰ পিছত বনৰীয়া হাতী দুজনীৰ পাকস্থলীত পচন আৰম্ভ হৈছিল আৰু লাহে লাহে হাতী দুজনী মৃত্যু মুখত পৰিছে বুলি প্ৰাথমিক ভাবে অনুমান কৰা হৈছে । কিন্তু হাতী দুজনীৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিবলৈ ফৰেনছিক পৰীক্ষাৰ বাবে হাতী দুজনীৰ শৰীৰৰ নমুনা সংগ্ৰহ কৰা হৈছে ।

আনপিনে ৰুণীখাতাৰ বনাঞ্চলিক বিষয়া জচমানিক মুছাহাৰীৰ মতে  চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ চিৰাং-ৰিপু সংৰক্ষিত বনাঞ্চলত বিভিন্ন কাৰণ দ্ৰুতগতিত বনধ্বংস হৈছে । এই বনধ্বংসৰ ফলত স্বাভাৱিক ভাৱেই বনাঞ্চলত খাদ্যৰ অভাৱ দেখা দিছে ।

এতিয়া খাদ্যৰ অভাৱত বনৰীয়া হাতীৰ জাক বনাঞ্চল এৰি জনাঞ্চলত আহি খাদ্য বিচাৰি মানুহৰ বিস্তৰ ক্ষতিসাধন কৰিবলৈ আৰম্ভ কৰিছে আৰু এই এলেকাত যোৱা কেইটা বছৰত হাতী-মানুহৰ সংঘাত তীব্ৰ ৰূপ ধাৰণ কৰিছে ।

বনৰীয়া হাতীৰ এই উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ কিছু বিবেকহীন লোকে সম্ভৱত খাদ্যত বিহ মিহলাই দি এই বনৰীয়া হাতী দুজনীক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰে । এই বনৰীয়া হাতী দুজনীৰ মৃত্যুৰ আৰঁত ষড়যন্ত্ৰ লুকাই থকাৰ সন্দেহ কৰি বনবিভাগৰ পৰা আৰক্ষীক গোচৰ তৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সদৰি কৰে ।

চিৰাং ৰুণীখাতা বনৰীয়া হাতীৰ মৃত্যু