Advertisment

অক্টোবৰ মাহত ভাৰতীয় বজাৰত দুচকীয়া বাহনৰ বিক্ৰী ১৪.২ শতাংশ বৃদ্ধি

চলিত বছৰৰ অক্টোবৰ মাহত ভাৰতৰ দুচকীয়া বাহনৰ বিক্ৰীয়ে এক প্ৰকাৰে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। যোৱা অক্টোবৰ মাহত ভাৰতৰ বজাৰত দুচকীয়া বাহন ১৪.২ শতাংশ বৃদ্ধি হৈছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
অক্টোবৰতে বিক্ৰী হল ২১.৬৪ লাখ ইউনিট দুচকীয়া বাহন

ডিজিটেল ডেস্কঃ চলিত বছৰৰ অক্টোবৰ মাহত ভাৰতৰ দুচকীয়া বাহনৰ বিক্ৰীয়ে এক প্ৰকাৰে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। যোৱা অক্টোবৰ মাহত ভাৰতৰ বজাৰত দুচকীয়া বাহন ১৪.২ শতাংশ বৃদ্ধি হৈছে।

Advertisment

তথ্য অনুসৰি যোৱা অক্টোবৰ মাহত ভাৰতীয় বজাৰত বিক্ৰী হৈছে মুঠ ২১.৬৪ ইউনিট দুচকীয়া বাহন। বিগত বছৰৰ অক্টোবৰৰ এই সময়ছোৱাত দুচকীয়া বাহন বিক্ৰীৰ এই সংখ্যা আছিল ১৮.৯৬ লাখ। 

ছচাইটি অফ ইণ্ডিয়ান অটোমোবাইল মেনুফেকচাৰছে বুধবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি অক্টোবৰ মাহত ভাৰতীয় বজাৰত যাত্ৰীবাহী বাহনো বিক্ৰীৰ সংখ্যাই সৰ্বোচ্চ পৰ্যায়ত উপনীত হৈছে। অক্টোবৰত মুঠ ৩.৯৩ লাখ ইউনিট যাত্ৰীবাহী বাহন বিক্ৰী হৈছে। বিগত বছৰত এই সংখ্যা আছিল ৩.৯ লাখ। 

SIAM ৰ পৰিচালক ৰাজেশ মেননে জনোৱা অনুসৰি অক্টোবৰ-২০২৪ ত দুটাকৈ বৃহৎ উৎসৱ বিজয়া দশমী আৰু দীপাৱলী একেটা মাহতে হোৱাত বজাৰত গ্ৰাহকৰ চাহিদা বৃদ্ধি পালে। এই দুই উৎসৱে অটোমোবাইল শিল্পৰ বজাৰৰ প্ৰদৰ্শনত ডাঙৰ ভূমিকা পালন কৰিলে।

তাৰোপৰি ভাৰত চৰকাৰৰ বাহন পঞ্জীয়ন তথ্যয়ো বাণিজ্যিক আৰু দুচকীয়া বাহনৰ ৩০ শতাংশ অধিক বিক্ৰী দেখুৱাইছে। অৱশ্যে তিনি চকীয়া বাহনৰ বিক্ৰী এই সময়ত ০.৭ শতাংশ হ্ৰাস পাইছে।

অক্টোবৰত তিনি চকাৰ বাহন বিক্ৰী হৈছে ৭৬,৭৭০ ইউনিট। যাত্ৰীবাহী তিনি চকাৰ বাহন বিক্ৰী ২ শতাংশ বৃদ্ধি হ'লেও এনে তিনি চকাৰ মালবাহী বাহনৰ বিক্ৰী ১ শতাংশ হ্ৰাস হৈছে। ইয়াৰ বিপৰীতে ই-ৰিক্সাৰ বিক্ৰী ৪৯.৪ শতাংশ হ্ৰাস পাইছে। ই-কাৰ্টৰ বিক্ৰী ১২৯.৫ শতাংশ বৃদ্ধি হৈছে।

বিশেষজ্ঞসকলৰ মতে দুচকীয়া বাহনৰ বিক্ৰীৰ বৃদ্ধিৰ প্ৰধান কাৰণ হৈছে গ্ৰমাঞ্চলৰ লোকসকলৰ আয় বৃদ্ধি। কাৰণ চলিত বছৰত কৃষি ক্ষেত্ৰত আয় ভাল হৈছে। চৰকাৰে কৃষি ক্ষেত্ৰত নূন্যতম সহায়ক মূল্য বৃদ্ধি কৰাত কৃষকে সকাহ পাইছে।

এই বিষয়টো ভাৰতৰ ফাষ্ট মুভিং কনজিউমাৰ গুডছ চমুকৈ FMCG ৰ তথ্যতো স্পষ্ট হৈছে। ইয়াৰ তথ্যৰ মতে গ্ৰামাঞ্চলৰ চাহিদা চহৰৰ বজাৰৰ তুলনাত দ্ৰুতহাৰত বৃদ্ধি হৈছে।

দুচকীয়া বাহন বাইক