/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/e1bc9cbb-bce7-45f8-8a07-01b2dbac2c73/delhi_18.jpg)
delhi
ডিজিটেল ডেস্কঃ আজি দিল্লীত অনুষ্ঠিত হৈ যায় অসামৰিক বিমান পৰিবহণ মন্ত্ৰীসকলৰ এক গুৰুত্বপূৰ্ণ বৈঠক। কেন্দ্ৰীয় মন্ত্ৰী ভি কে সিং, জ্যোতিৰাদ্যিত সন্দিয়াৰ উপস্থিতিত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
দিল্লীত অনুষ্ঠিত হোৱা এই বিঠকে অসমলৈ কঢ়িয়াই আনিছে কেইবাটাও ভাল খবৰ। বৈঠকৰ অন্তত অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই সংবাদ মাধ্যমক সম্বোধন কৰি অসমৰ বাবে গ্ৰহণ কৰা সিদ্ধান্ত সমূহৰ কথা ৰাজহুৱা কৰিছে।
মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ঘোষণা কৰা অনুসৰি গুৱাহাটী, উমৰাংছুত দুটাকৈ ৱাটাৰ এয়াৰপ'ৰ্ট নিৰ্মাণ সন্দৰ্ভত এই বৈঠকত আলোচনা কৰা হৈছে। আনহাতে এই বৈঠকতে নগাওঁ, গোলাঘাট, হাফলঙত হেলিপেড নিৰ্মাণৰ সন্দৰ্ভতো আলোচনা হয়। ইতিমধ্যে এই অঞ্চল কেইটাত হেলিপেড নিৰ্মাণৰ কাম আৰম্ভ হৈছে।
ইফালে কাৰ্বি আংলং আৰু বৰাকৰ ডলুত দুটাকৈ গ্ৰীণ এয়াৰপ'ৰ্ট নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। উল্লেখ্য যে গ্ৰীণ এয়াৰ প'ৰ্ট নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰিয়েই ডলু চাহ বাগিচাত চলোৱা হৈছিল উচ্ছেদ অভিযান।
যি উচ্ছেদ অভিযানক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত হোৱাৰ লগতে বিতৰ্কৰো সূচনা হৈছিল। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ বিভাগে গ্ৰীণ এয়াৰপ'ৰ্ট নিৰ্মাণৰ বাবে যি কেইটা স্থান নিৰ্ধাৰণ কৰিছিল, সেই স্থানৰ সমূহৰ মাজত ডলুৱে স্থান পোৱা নাছিল। তৎস্বত্তেও অসম চৰকাৰে ডলু চাহ বাগিচাত চলাইছিল উচ্ছেদ অভিযান।
অৱশ্যে এতিয়াও গ্ৰীণ এয়াৰপ'ৰ্ট নিৰ্মাণত কেন্দ্ৰই ডলুৰ নতুনকৈ অন্তৰ্ভুক্ত কৰিছে নে পূৰ্বেই অন্তৰ্ভুক্ত কৰিছে সেই বিষয়ে প্ৰকাশ পোৱা নাই। ইফালে এই বৈঠকত লীলাবাৰী, ডিব্ৰুগড়, যোৰহাট বিমান বন্দৰৰ উন্নয়নৰ বিষয়েও আলোচনা কৰা হৈছে। এই বিমান বন্দৰ কেইটাৰ উন্নয়নৰ কাম চলি আছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ, ৰপহী বিমানবন্দৰৰ উন্নয়ন তথা সম্প্ৰসাৰণৰো কাম চলি আছে বুলি প্ৰকাশ কৰিছে।