মেঘালয়ত বুজণ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ : আটক মহিলাসহ দুই সৰবৰাহকাৰী

গোপন তথ্যৰ ভিত্তিত অভিযান চলাই মেঘালয়ৰ ইষ্ট জয়ন্তীয়া হিলছ জিলাৰ আৰক্ষীয়ে আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী দুগৰাকীক।

author-image
Asomiya Pratidin
New Update
মেঘালয়ত বুজণ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ : আটক মহিলাসহ দুই সৰবৰাহকাৰী

মেঘালয়ত বুজণ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ : আটক মহিলাসহ দুই সৰবৰাহকাৰী

ডিজিটেল সংবাদ, শিলচৰ : বুজণ পৰিমাণৰ ড্ৰাগছসহ মেঘালয়ত আটক হ'ল এগৰাকী মহিলা আৰু কাছাৰৰ দুগৰাকী ড্ৰাগছ সৰবৰাহকাৰী।‌ গোপন তথ্যৰ ভিত্তিত অভিযান চলাই মেঘালয়ৰ ইষ্ট জয়ন্তীয়া হিলছ জিলাৰ আৰক্ষীয়ে আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী দুগৰাকীক।

Advertisment

ধৃত সৰবৰাহকাৰী দুগৰাকী শিলচৰৰ ১৯ নম্বৰ ৱাৰ্ডৰ বাসিন্দা গৌৰী দাস আৰু  বৰখলা ভাংগাৰপাৰ চতুৰ্থ খণ্ডৰ চফিকুল আলম। তেওঁ লোকৰ পৰা হেৰ'ইন ভৰ্তি ১৪ টা চাবোনৰ বাকচ জব্দ কৰে আৰক্ষীয়ে।‌

বাকচ কেইটাৰ পৰা বুজণ পৰিমাণৰ হেৰ'ইন জব্দ কৰা হয়।‌ হেৰ'ইন খিনি কাছাৰৰ‌ পৰা ইষ্ট জয়ন্তীয়া হিলছ জিলাৰ মাজেৰে সৰবৰাহৰ সময়ত আৰক্ষীয়ে জব্দ কৰে।

meghalaya