মৈৰাবাৰী আৰক্ষীৰ জালত দুটাকৈ গভাইত চুৰ

মৈৰাবাৰী আৰক্ষীৰ জালত পৰিছে দুটাকৈ গভাইত চুৰ। চোৰ দুটা ক্ৰমে মৈৰাবাৰী থানা এলেকাধীন হাতিমূৰীয়া গাঁৱৰ মাছুদুল ইছলাম আৰু তাঁতীকটা গাঁৱৰ মবিন আলম। 

author-image
Asomiya Pratidin
New Update
bvbvbvbvb

ডিজিটেল সংবাদ, মৈৰাবাৰীঃ মৈৰাবাৰী আৰক্ষীৰ জালত পৰিছে দুটাকৈ গভাইত চুৰ। চোৰ দুটা ক্ৰমে মৈৰাবাৰী থানা এলেকাধীন হাতিমূৰীয়া গাঁৱৰ মাছুদুল ইছলাম আৰু তাঁতীকটা গাঁৱৰ মবিন আলম। 

Advertisment

কিছুদিন পূৰ্বে নগাঁও জিলাৰ ধিং থানাৰ এলেকাধীন কাচখাটিৰ পৰা এছ২১-জি-৯১২৯ নম্বৰৰ এখন চুৰি হোৱা মটৰ চাইকেলসহ মাছুদুল ইছলাম ওৰফে মাছুমক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। পৰৱৰ্তীসময়ত মৈৰাবাৰীৰ ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰ মবিন আলমক মটৰ চাইকেলসহ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। মৈৰাবাৰী আৰক্ষী থানাত ৰুজু হৈ থকা গোচৰ নম্বৰ ১১১/২৫ ক্ৰমে আৰক্ষীয়ে চুৰ দুটাৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে। 

মৈৰাবাৰী