/asomiyapratidin/media/media_files/2025/06/19/196-2025-06-19-15-07-10.jpg)
গহপুৰৰ নিগমত দুই গভাইত চোৰ আটক বৃহস্পতিবাৰে গহপুৰৰ নিগমত দুই গভাইত চোৰক আটক কৰে স্থানীয় ৰাইজে। আটকাধীন দুই চোৰৰ নাম বকুল দাস আৰু হিৰণ্য দাস।
পুৱটি নিশা চাৰিটাকৈ গৰু চোৰ কৰি নিগম মাজ লাইনত AS 05AC 6606 নম্বৰৰ বলেঅ' পিক আপ ভানত উঠাবলৈ ধৰোতে ৰাইজে হাতে লোটে ধৰি হাৱাজান আৰক্ষী চকীৰ আৰক্ষীৰ হাতত গতাই দিয়ে । উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা ধৃত চোৰ কেইটাই একাংশ অৰুণাচলী গৰুচোৰৰ লগত লগ লাগি চুৰিকাণ্ড সংঘটিত কৰি অহাৰ অভিযোগ উঠিছে।