প্ৰচণ্ড গৰমৰ বাবে পুখুৰীত গা ধুবলৈ গৈছিল দুই ককাই-ভাই

চতিয়াত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। দেওবাৰে চন্দ্ৰআটি গাঁৱৰ একে পৰিয়ালৰ দুই কিশোৰৰ পুখুৰীত সলিল সমাধি ঘটে। মৃত দুই কিশোৰৰ নাম বিপুল মণ্ডল(১৬ ) আৰু অজয় মণ্ডল(১৫)। প্ৰচণ্ড গৰমৰ বাবে পুখুৰীত গা ধুবলৈ গৈছিল কিশোৰ দুজন।

author-image
Asomiya Pratidin
New Update
দুই কিশোৰৰ সলিল সমাধি

দুই কিশোৰৰ সলিল সমাধি

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ চতিয়াত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। দেওবাৰে চন্দ্ৰআটি গাঁৱৰ একে পৰিয়ালৰ দুই কিশোৰৰ পুখুৰীত সলিল সমাধি ঘটে। মৃত দুই কিশোৰৰ নাম বিপুল মণ্ডল(১৬ ) আৰু অজয় মণ্ডল(১৫)। প্ৰচণ্ড গৰমৰ বাবে পুখুৰীত গা ধুবলৈ গৈছিল কিশোৰ দুজন।

Advertisment

মৃত এই দুই কিশোৰ সম্বন্ধীয় ককাই-ভাই আছিল। ইতিমধ্যে স্থানীয় ৰাইজে পুখুৰীৰ পৰা উদ্ধাৰ কৰিছে দুই কিশোৰৰ মৃতদেহ। উল্লেখযোগ্য যে, জেচিবিৰ সহায়ত খুন্দা সেই পুখুৰীটোৰ আছিল যথেষ্ট গভীৰতা। এই মৰ্মান্তিক তথা হৃদয়বিদাৰক ঘটনাই সমগ্ৰ দক্ষিণ চতিয়া অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে। ইফালে, চতিয়া আৰক্ষী আৰু প্ৰশাসনৰ লোক ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে ঘটনাৰ তদন্ত৷

চতিয়া