/asomiyapratidin/media/media_files/2025/07/02/284-2025-07-02-19-56-03.jpg)
ডিজিটেল সংবাদ, বিশ্বনাথ : বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত প্ৰতাপগড় চাহ বাগিচাৰ ৰে'ল গেটৰ সমীপত নকল সোণসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক দেৱৰ্শী চৌধাৰীৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি মোনাই বিষ্ণুপুৰৰ জহিৰ আলি আৰু পুৱ মালগাঁওৰ ছাইফুল ইছলাম নামৰ দুই সৰবৰাহকাৰীৰ পৰা আৰক্ষীৰ অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰে ২.২ কেজি নকল সোণ।
ইতিমধ্যে অভিযানকাৰী দলটোয়ে দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকে ব্যবহাৰ কৰা AS-12AA-1430 নম্বৰৰ এখন মটৰ চাইকলো জব্দ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে সন্দেহ কৰা মতে এই দুই সৰবৰাহকাৰীয়ে দীৰ্ঘদিনৰ পৰা এইদৰে নকল সোণৰ ব্যবসায় কৰি জনসাধাৰণক প্ৰবঞ্চনা কৰি আহিছে।
উল্লেখযোগ্য যে আৰক্ষীৰ তদন্তৰ পিছতহে এই ব্যৱসায়ৰ লগত জড়িত আন কেইবাটাও লোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাবনা আছে।