Advertisment

চুৰিকাৰ্যত নামি ৰঙাঘৰৰ আলহী হ’ল নগাঁও চিকিৎসা মহাবিদ্যালয় দুই ছাত্র...

চোৰৰ ৰম্যভুমিত পৰিণত হোৱা নগাঁও জিলাত চোৰৰ উপদ্ৰৱ দিনে দিনে বৃদ্ধি পোৱাত নাগৰিক সকল চিন্তিত হৈ পৰিছে। জিলাখনৰ বিভিন্ন স্থানত গৃহস্থৰ ঘৰত চোৰে লুটপাত চলোৱাৰ লগতে গৰু-ছাগলী চুৰিৰ ঘটনা সংঘটিত কৰি আহিছে। এইবাৰ চোৰৰ উপদ্ৰৱৰ পৰা সাৰি নগ’ল নগাঁও মেডিকেল কলেজ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ ,নগাঁওঃ  চোৰৰ ৰম্যভুমিত পৰিণত হোৱা নগাঁও জিলাত চোৰৰ উপদ্ৰৱ দিনে দিনে বৃদ্ধি পোৱাত নাগৰিক সকল চিন্তিত হৈ পৰিছে। জিলাখনৰ বিভিন্ন স্থানত গৃহস্থৰ ঘৰত চোৰে লুটপাত চলোৱাৰ লগতে গৰু-ছাগলী চুৰিৰ ঘটনা সংঘটিত কৰি আহিছে। এইবাৰ চোৰৰ উপদ্ৰৱৰ পৰা সাৰি নগ’ল নগাঁও মেডিকেল কলেজ।

Advertisment

নগাঁও চহৰৰ সমীপৰ মহখুলিস্থিত নগাঁও মেডিকেল কলেজত যোৱানিশা এক চুৰিৰ ঘটনা সংঘটিত হয়। এই চুৰিকাৰ্যত চিকিৎসা মহাবিদ্যালয়খনৰ দুজন ছাত্ৰ জড়িত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে চিকিৎসা মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষৰ  লগতে সচেতন মহলক স্তম্ভিত কৰি তুলিছে।  

নগাঁও চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত দুই ছাত্র ক্ৰমে অভিজ্যোতি চন্দ আৰু মহম্মদ আচিক নামৰ ছাত্র দুজনে যোৱা নিশা চিকিৎসা মহাবিদ্যালয়খনৰ পৰা ৭টাকৈ ডেক্সটেপসহ ৭ টা চিপিইউ চুৰি কৰিছিল। চোৰ ছাত্র দুজনে চিকিৎসা মহাবিদ্যালয়ৰ এই চুৰি সামগ্ৰীখিনি AS01BQ9721  নম্বৰৰ বাহনত ভৰাই বাহিৰলৈ সৰবৰাহ কৰাৰ সময়তে চিকিৎসালয়খনৰ তহলদদাৰী আৰক্ষীয়ে চুৰি সামগ্ৰীসহ বাহনখন জব্দ কৰাৰ লগতে চোৰ দুজনৰ লগতে বাহনখনৰ চালক জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ধৃত চোৰ ছাত্র দুজনৰ অভিজ্যোতি চন্দৰ ঘৰ শিলচৰত আৰু মহম্মদ আচিকৰ ঘৰ নগাঁও জিলাৰ জুৰীয়াত । অভিজ্যোতি চন্দ দ্বিতীয় ষান্মাসিক আৰু মহম্মদ আচিক  প্ৰথম ষান্মাসিকৰ ছাত্র। ইপিনে বাহনখনৰ চালক নাজিমুদ্দিনকো গ্ৰেপ্তাৰ কৰা হয় ।

আৰক্ষীয়ে নগাঁও সদৰ আৰক্ষী থানাত ধৃত চোৰকেইটাক  জেৰা চলোৱাৰ অন্তত নগাঁও আদালতত হাজিৰ কৰাই। আদালতে তিনিওকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। বিভিন্ন পৰ্যায় অতিক্ৰম কৰি চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা বিজ্ঞানত অধ্যয়নৰ সুবিধা লাভ কৰা ছাত্ৰ দুজনে কিয় চুৰিৰ দৰে অপৰাধ জনিত কাৰ্যত জড়িত হল সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও আৰক্ষীৰ তদন্ততহে এই কথা পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

ছাত্র দুজনৰ কাণ্ডই চিকিৎসা মহাবিদ্যালয়খনক লজ্জানত কৰাৰ লগতে ছাত্র - ছাত্ৰী সকলৰ মাজত বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছ।

চুৰি কাৰ্য