শিঙিমাৰিৰ দুই ছাত্ৰী নিৰুদ্দেশৰ ঘটনাৰ নতুন মোৰ : ঘটনাৰে জড়িত এগৰাকী মহিলাক আটক

কামৰূপ গ্ৰাম্য জিলাৰ অন্তৰ্গত শিঙিমাৰি অঞ্চলৰ দুই ছাত্ৰী নিৰুদ্দেশ হোৱা ঘটনাই লৈছে নতুন মোৰ । নৱম শ্ৰেণীৰ ছাত্ৰী দুগৰাকী নাৰী সৰবৰাহকাৰীৰ কবলত পৰাৰ সন্দেহ কৰিছে পৰিয়াল তথা স্থানীয় ৰাইজে ।  

author-image
Asomiya Pratidin
New Update
শিঙিমাৰিৰ দুই ছাত্ৰী নিৰুদ্দেশৰ ঘটনাৰ নতুন মোৰ

শিঙিমাৰিৰ দুই ছাত্ৰী নিৰুদ্দেশৰ ঘটনাৰ নতুন মোৰ

ডিজিটেল সংবাদ, শিঙিমাৰি : কামৰূপ গ্ৰাম্য জিলাৰ অন্তৰ্গত শিঙিমাৰি অঞ্চলৰ দুই ছাত্ৰী নিৰুদ্দেশ হোৱা ঘটনাই লৈছে নতুন মোৰ । নৱম শ্ৰেণীৰ ছাত্ৰী দুগৰাকী নাৰী সৰবৰাহকাৰীৰ কবলত পৰাৰ সন্দেহ কৰিছে পৰিয়াল তথা স্থানীয় ৰাইজে । 

Advertisment

উল্লেখযোগ্য যে, ছাত্ৰী দুগৰাকীৰ নিৰুদ্দেশ সন্দৰ্ভত ইতিমধ্যে দদৰা আৰক্ষীৰ তদন্তত উদ্ধাৰ  হৈছে বিস্ফোৰক তথ্য। শেহতীয়া তথ্য অনুসৰি বিহাৰৰ পৰা পৰিয়ালৰ সৈতে যোগাযোগ হৈছে ছাত্ৰী দুগৰাকীৰ। ইয়াৰ পাছতে কেনেকৈ দুই ছাত্ৰী বিহাৰ পালেগৈ স্থানীয় ৰাইজৰ মাজত সন্দেহৰ সৃষ্টি হৈছে। 

পৰিয়াল তথা স্থানীয় ৰাইজৰ সন্দেহ অনুসৰি এই সমগ্ৰ ঘটনাৰ আঁৰত জড়িত আছে বিহাৰত বিয়া হোৱা এগৰাকী মহিলা ! কিয়নো মহিলাগৰাকীৰ সৈতে যোগসূত্ৰ হৈ বিহাৰ পাইছিল গৈ দুই ছাত্ৰী ।

উল্লেখ কৰা প্ৰয়োজন যে, শিঙিমাৰি অঞ্চলত ভাড়াতীয়া হিচাপে থকা মহিলাগৰাকীক স্থানীয় মহিলাসকলে সোধাপোচা কৰাত ওলাই পৰিছে জোলোঙাৰ মেকুৰী। ইতিমধ্যে মহিলাগৰাকীয়ে স্বীকাৰ কৰিছে তেওঁৰ মোবাইলত  ছাত্ৰী দুগৰাকীয়ে ফোন কৰাৰ কথা। 

কেৱল ইমানেই নহয়, বিহাৰ যোৱাৰ পূৰ্বে মহিলাগৰাকীৰ মোবাইলৰে বিহাৰত যোগাযোগ কৰিছিল ছাত্ৰী দুগৰাকীয়ে । ১২ / ১৩ বছৰীয়া দুই ছাত্ৰীক লৈ এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক। 

তাৰোপৰি ছাত্ৰী দুগৰাকীক উদ্ধাৰৰ বাবে মুখ্যমন্ত্ৰী তথা অসম আৰক্ষীক আহ্বান জনাইছে পৰিয়াল আৰু স্থানীয় ৰাইজে। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সোধা-পোছাৰ বাবে আটক কৰিছে মহিলাগৰাকীক ।

অসম আৰক্ষী